পুত্ৰই যুৱতীক কৰা বলাৎকাৰৰ দৃশ্য কেমেৰাত বন্দী কৰিলে মাতৃয়ে, ব্লেকমেইল কৰি ঘটিলে লাখ লাখ টকা

নিৰ্যাতিতাৰ মতে ভিডিঅ’ দেখুৱাই অভিযুক্তই তেওঁক ধমকি দিছিল আৰু টকা বিচাৰিবলৈ ধৰিছিল। দুবছৰত ব্লেকমেইল কৰি লাখ লাখ টকা সৰকালে তেওঁৰ পৰা। 

News18
Updated:September 17, 2019, 6:37 PM IST
পুত্ৰই যুৱতীক কৰা বলাৎকাৰৰ দৃশ্য কেমেৰাত বন্দী কৰিলে মাতৃয়ে, ব্লেকমেইল কৰি ঘটিলে লাখ লাখ টকা
নিৰ্যাতিতাৰ মতে ভিডিঅ’ দেখুৱাই অভিযুক্তই তেওঁক ধমকি দিছিল আৰু টকা বিচাৰিবলৈ ধৰিছিল। দুবছৰত ব্লেকমেইল কৰি লাখ লাখ টকা সৰকালে তেওঁৰ পৰা। 
News18
Updated: September 17, 2019, 6:37 PM IST
মানৱ সভ্যতাক লজ্জানত কৰা এই কাণ্ড সংঘটিত হৈছে ছত্তিশগঢ়ৰ বলৌদাবাজাৰত। চিমেগা আৰক্ষী থানাৰ অন্তৰ্গত এহাল মাক–পুতেকক এগৰাকী নাবালিকাৰ বলাৎকাৰৰ গোচৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীৰ মতে, অভিযুক্তই নিৰ্যাতিতাক ষড়যন্ত্ৰ কৰি ভগ্নীৰ সহায়ত মাতি পঠিয়াইছিল। ইয়াৰ পিছত তেওঁক নিচাযুক্ত দৰৱ খুৱাই অচেতন কৰি তোলা হৈছিল। এই অচেতন অৱস্থাতে অভিযুক্তই যুৱতীগৰাকীক উপৰ্যুপৰি বলাৎকাৰ কৰে আৰু জঘন্য মাতৃগৰাকীয়ে সমগ্ৰ ঘটনাৰ ভিডিঅ’ কৰে। ইয়াৰ পিছতে ব্লেকমেইলিঙৰ পৰ্ব আৰম্ভ হয়।

আৰক্ষীয়ে প্ৰকাশ কৰা মতে যোৱা ১২ ছেপ্তেম্বৰত নিৰ্যাতিতাই অভিযোগ দাখিল কৰে। ইয়াৰ পিছতে অভিযুক্তক গ্ৰেপ্তাৰ কৰা হয়। এই ঘটনা দুবছৰ পুৰণি বুলি প্ৰকাশ পাইছে। অভিযুক্ত মনীষ বাৰলৰ ভগ্নী আৰু নিৰ্যাতিতা বান্ধৱী আছিল। টকা–পইচা থকা পৰিয়ালৰ সদস্য কন্যাগৰাকীৰ পৰা টকা সৰকোৱাৰ কাৰণে ৰচা হৈছিল ষড়যন্ত্ৰ।

আৰক্ষীয়ে ইতিমধ্যে মাতৃ–পুত্ৰসহ তিনিজনক গ্ৰেপ্তাৰ কৰিছে।


নিৰ্যাতিতাই আৰক্ষীৰ আগত প্ৰকাশ কৰা মতে, দুবছৰ পূৰ্বে ৰায়পুৰ জিলাৰ তিলহা থানা ক্ষেত্ৰৰ চাপা গাঁৱত থকা বান্ধৱীৰ ঘৰলৈ গৈছিল তেওঁ। ঘৰত থকা ভাতৃ মনীষ বাৰলে আৰু মাতৃ শকুন বাৰলেই তেওঁক চৰবত খাবলৈ দিছিল। চৰবতখিনি খোৱাৰ পিছত তেওঁৰ একো মনত থকা নাছিল। ইয়াৰ কিছু সময় পিছত তেওঁক মাতৃ–পুত্ৰই মনীষে তেওঁক বলাৎকাৰ কৰি থকা এটা ভিডিঅ’ দেখুৱাইছিল। ইয়াৰ পিছতে আৰম্ভ হৈছিল নিৰ্যাতিতা যুৱতীগৰাকীৰ ওপৰত ব্লেকমেইলৰ অত্যাচাৰ। দুবছৰে তেওঁৰ পৰা লাখ লাখ টকা সৰকালে মনীষ, মাতৃ শকুন, ভগ্নী আৰু ভিনিহিয়েকে। অভিযোগ মতে মনীষে এই সময়ছোৱাত ছোৱালীজনীক কেবাবাৰো বলাৎকাৰ কৰিছিল। কেই সপ্তাহমান পূৰ্বেও যুৱতীগৰাকীক বলাৎকাৰ কৰি তেওঁৰ পৰা টকা উলিয়াইছিল মনীষে।

কেনেকৈ পোহৰলৈ আহিল এই জঘন্য ঘটনা...

যুৱতীগৰাকীৰ পিতৃয়ে কিছু সময় পূৰ্বে পেণ্ড্ৰা ৰোডস্থিত নিজৰ মাটি বেচি ছয় লাখ টকা পাইছিল। তেওঁ কন্যাক এই ধন ভালকৈ ৰাখিবলৈ দিছিল। যোৱা ৮ছেপ্তেম্বৰত যুৱতীগৰাকীক পিতৃয়ে কয়লা বেপাৰীক দিবলৈ টকাখিনি বিচাৰোতে তাত চাৰিলাখ টকা কমকৈ আছিল। টানকৈ সোধাৰ পিছত যুৱতীগৰাকীয়ে নিজৰ সৈতে হোৱা ঘটনাৰ সবিশেষ জনায়। যুৱতীগৰাকীয়ে নিজৰ পৰিয়ালক কয় যে ধমকি দিয়াৰ কাৰণেই তেওঁ চাৰিলাখ টকা পৰিয়ালটোক দি দিছিল। পিতৃয়ে এই কথা শুনি হতভম্ব হৈ পৰে আৰু লগে লগে কন্যাক লৈ আৰক্ষীৰ কাষ চাপে।

আৰক্ষীয়ে চাৰিজন অভিযুক্তৰ তিনিজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। অভিযুক্তৰ বিৰুদ্ধে বলাৎকাৰৰ ধাৰা ৩৭৬, ভয় দেখুৱাই টকা সৰকোৱাৰ ধাৰা ৩৮৪, প্ৰাণে মৰাৰ ভাবুকি দিয়াৰ ৫০৬বি ধাৰা, অপৰাধমূলক ষড়যন্ত্ৰৰ ধাৰা ১২০বি আৰু আইটি এক্টৰ ধাৰা ৬৭ৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।
আৰু চাওক পৰৱৰ্তী বাতৰি