உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • Mother saves Son: ৬ বছৰীয়া পুত্ৰক বচাবলৈ নাহৰফুটুকীৰ সৈতে যুঁজি গ'ল এইগৰাকী মাতৃ, তাৰ পিছত কি হ'ল

    Mother saves Son: ৬ বছৰীয়া পুত্ৰক বচাবলৈ নাহৰফুটুকীৰ সৈতে যুঁজি গ'ল এইগৰাকী মাতৃ, তাৰ পিছত কি হ'ল

    Mother saves Son: শিশু আৰু শিশুটোৰ পিতৃ শংকৰ বেগানাৰ নাহৰফুটুকী আক্ৰমণত ডিঙি, পিঠি, বাওঁ চকুৰ ক্ষতি হৈছিল৷ আনহাতে কিৰণৰ শৰীৰতো পৰিছে নাহৰফুটুকীৰ নখৰ আঁচোৰ।

    Mother saves Son: শিশু আৰু শিশুটোৰ পিতৃ শংকৰ বেগানাৰ নাহৰফুটুকী আক্ৰমণত ডিঙি, পিঠি, বাওঁ চকুৰ ক্ষতি হৈছিল৷ আনহাতে কিৰণৰ শৰীৰতো পৰিছে নাহৰফুটুকীৰ নখৰ আঁচোৰ।

    Mother saves Son: শিশু আৰু শিশুটোৰ পিতৃ শংকৰ বেগানাৰ নাহৰফুটুকী আক্ৰমণত ডিঙি, পিঠি, বাওঁ চকুৰ ক্ষতি হৈছিল৷ আনহাতে কিৰণৰ শৰীৰতো পৰিছে নাহৰফুটুকীৰ নখৰ আঁচোৰ।

    • Share this:
    মধ্যপ্ৰদেশৰ সিদ্ধি জিলাত এগৰাকী মাতৃয়ে তেওঁৰ পুত্ৰক মৃত্যুৰ মূখৰ পৰা সাহসেৰে বচাই আনিবলৈ সক্ষম হয় (Mother saves Son)। জানিব পৰা মতে, এটা নাহৰফুটুকীয়ে  (Leopard) এটি ৬ বছৰীয়া শিশুক তুলি লৈ গৈছিল ৷ শিশুটিৰ মাতৃয়ে নাহৰফুটুকীটোক (leopard) এক কিলোমিটাৰ দূৰলৈ খেদি গৈছিল ৷ মাতৃ (Brave Mother) গৰাকীয়ে নাহৰফুটুকীটোক আক্ৰমণ কৰে আৰু এই ঘটনাত তেওঁ গুৰুতৰভাৱে আহত হয়। কিন্তু নিজৰ প্ৰাণাধিক পুত্ৰক নাহৰফুটুকীৰ মুখৰ পৰা ৰক্ষা কৰি আনে। বৰ্তমান মাতৃ-পুত্ৰ দুয়ো এখন চৰকাৰী চিকিৎসালয়ত ভৰ্তি হৈ আছে।

    কুছমী খণ্ডৰ সঞ্জয় টাইগাৰ বাফাৰ জোনত  ২৮ নৱেম্বৰত সংঘটিত হৈছিল ঘটনাটো ৷ এই বাফাৰ জোনত টমচাৰ ৰেঞ্জৰ বাৰিঝাৰিয়া গাঁৱখন পাহাৰীয়া আৰু ঘন অৰণ্যৰে আৱৰা ৷ কিৰণ বেগাই দেওবাৰে সন্ধিয়া ৭ বজাত তেওঁৰ সন্তানৰ সৈতে ঘৰতে কাম-বন কৰি আছিল ৷ তেওঁৰ স্বামী শংকৰ বেগা কিবা কামৰ বাবে ঘৰত নাছিল ৷ সেই সময়তে নাহৰফুটুকী (leopard)টোৱে তেওঁলোকৰ ৬ বছৰীয়া পুত্ৰ সন্তানটিক কিৰণৰ কাষত বহি থকাৰ পৰা  তুলি গৈছিল।

    শিশুটিৰ মাতৃয়ে শিশুটোক কেনেদৰে ৰক্ষা কৰিছিল (Mother Saves son)। ভিডিঅ'টো চাওক।



    ঘটনাটোৰ পিছত কিৰণে সংবাদ মাধ্যমক কয় যে তেওঁ কেঁচুৱাটো টানি নিয়াৰ সময়ত নাহৰফুটুকীটো (Leoprad) দেখিছিল ৷ লগে লগে তেওঁ নাহৰফুটুকীটোক আক্ৰমণ কৰে। ৰড আৰু অন্যান্য বস্তুৰে নাহৰফুটুকীটোক মাৰিবলৈ আৰম্ভ কৰিলে মাকে ৷ তাৰ পিছত নাহৰফুটুকীটোৱে পুত্ৰক এৰি (mother saves son) মাকক আক্ৰমণ কৰেে।  নাহৰফুটুকীটোৱে মাকগৰাকীক (Brave mother) আক্ৰমণ কৰা সময়তে চিঞৰ-বাখৰ শুনি গাওঁখনৰ আন লোকসকল ঘটনাস্থলীলৈ দৌৰি গৈছিল। ফলত নাহৰফুটুকীটো পুনৰ অৰণ্যলৈ লৰ মাৰে।

    ঘটনাত আঘাতপ্ৰাপ্ত সকলোৰে বাবে চিকিৎসা ব্যৱস্থা কৰা হয়। শিশুটোক ৰক্ষা কৰি মহিলাগৰাকী মূৰ্চ্ছা গৈছিল৷ ঘটনাটোৰ বিষয়ে সঞ্জয় টাইগাৰ ৰিজাৰ্ভক অৱগত কৰা হয় ৷ বন বিভাগে টমচাৰ ৰেঞ্জৰ এটা দল লগে লগে প্ৰেৰণ কৰে৷ আটাইকেইজন আহতক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷ শিশু আৰু শিশুটোৰ পিতৃ শংকৰ বেগানাৰ নাহৰফুটুকী আক্ৰমণত ডিঙি, পিঠি, বাওঁ চকুৰ ক্ষতি হৈছিল৷ আনহাতে কিৰণৰ শৰীৰতো পৰিছে নাহৰফুটুকীৰ নখৰ আঁচোৰ।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Manjumoni Borah
    First published: