உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • টিভি চোৱাক লৈ স্বামীৰ সৈতে কাজিয়া, দেউতাকৰ পক্ষ লোৱা তিনি বছৰীয়া কন্যাক হত্যা মাতৃৰ

    টিভি চোৱাক লৈ স্বামীৰ সৈতে কাজিয়া, দেউতাকৰ পক্ষ লোৱা তিনি বছৰীয়া কন্যাক হত্যা মাতৃৰ

    প্ৰতীকী ফটো

    প্ৰতীকী ফটো

    অভিযুক্ত মাতৃৰ নাম সুধা। ২৬ বছৰীয়া মহিলাগৰাকীয়ে চহৰৰ এখন প্ৰতিষ্ঠানত হাউছ কিপিঙৰ কাম কৰে।

    • Share this:
    টিভি চোৱাক লৈ স্বামীৰ সৈতে কাজিয়া। আৰু খঙৰ ভমকত নিজৰ তিনি বছৰীয়া কন্যাক ডিঙি চেপি হত্যা কৰিলে এগৰাকী মাতৃয়ে। কাৰণ কাজিয়াৰ সময়ত কণমানিজনীয়ে লৈছিল পিতৃৰ পক্ষ। মঙলবাৰে নিশা বেংগালুৰুৰ নগৰভাবি অঞ্চলত সংঘটিত হয় এই নিৰ্মম ঘটনা।

    অভিযুক্ত মাতৃৰ নাম সুধা। ২৬ বছৰীয়া মহিলাগৰাকীয়ে চহৰৰ এখন প্ৰতিষ্ঠানত হাউছ কিপিঙৰ কাম কৰে। বুধবাৰে পুৱা শিশুটিৰ মৃতদেহ দেখি স্থানীয় লোকে আৰক্ষীক খবৰ দিয়ে। মৃত শিশুটিৰ নাম ভিনুথা।

    ঘটনাৰ তদন্ত কৰি আৰক্ষীয়ে জানিব পাৰিছে যে মঙলবাৰে দুপৰীয়া ঘৰত টিভিত কাৰ্টুন চাই আছিল ভিনুথাই। সেই সময়তে আহাৰ গ্ৰহণ কৰিবলৈ ঘৰলৈ আহিছিল শিশুটিৰ পিতৃ। ঘৰ সোমায়েই শিশুটিৰ পৰা ৰিমোটটো লৈ চেনেল সলনি কৰি নিউজ চাবলৈ আৰম্ভ কৰে পিতৃয়ে। তেতিয়াই বাধা দিয়ে সুধাই। নিজৰ স্বামীক মহিলাগৰাকীয়ে কয়, সকলো সময়তে যদি নিউজ চাব লাগে তেন্তে ঘৰলৈ যেন নাহে। এই কথাক লৈ স্বামী–স্ত্ৰীৰ মাজত কাজিয়াৰ সূত্ৰপাত হয়। তেতিয়া কণমানি কন্যাই মাতৃক মনে মনে থাকিবলৈ কয়। এই কথাত ক্ষুণ্ণ হৈ কণমানিজনীক ডিঙি চেপি হত্যা কৰে মাতৃয়ে।

    কন্যাক হত্যা কৰাৰ পিছত নিশা আৰক্ষীৰ ওচৰত কন্যাক বিচাৰি পোৱা নাই বুলি অভিযোগ দাখিল কৰে মাতৃয়ে। আৰক্ষীক বিভ্ৰান্ত কৰিবলৈ সুধাই দাবী কৰে যে নিজৰ স্বামীৰ সৈতে দোকানলৈ গৈছিল। কিন্তু ঘূৰি অহাৰ পিছৰে পৰা কন্যাৰ সন্ধান পোৱা নাই। শিশুটিৰ মৃতদেহ উদ্ধাৰৰ পিছত সেই দম্পতী মাতি পঠিয়ায় আৰক্ষীয়ে। বাৰম্বাৰ জেৰাত কান্দোনত ভাঙি পৰে মহিলাগৰাকী। নিজ কন্যাক হত্যা কৰাৰ কথা স্বীকাৰ কৰে আৰক্ষীৰ আগত।
    Published by:Sanjay Kumar Das
    First published: