আইতাকক বেছিকৈ ভালপোৱাই হ’ল কাল, মাতৃয়ে নৃশংস ভাবে হত্যা কৰিলে ৬ বছৰীয়া সন্তানক

News18 Assam | News18-Assam
Updated:June 10, 2020, 3:34 PM IST
আইতাকক বেছিকৈ ভালপোৱাই হ’ল কাল, মাতৃয়ে নৃশংস ভাবে হত্যা কৰিলে ৬ বছৰীয়া সন্তানক
পিছত মাতৃয়েও নিজৰ জীৱন শেষ কৰাৰ চেষ্টা কৰে।

পিছত মাতৃয়েও নিজৰ জীৱন শেষ কৰাৰ চেষ্টা কৰে।

  • Share this:
ভয়ংকৰ ঘটনা! নিজৰ আইতাকক বেছিকৈ ভালপোৱাই অপৰাধ হ’ল এটি ৬ বছৰীয়া কণমানিৰ। আইতাকক বেছিকৈ ভাল পোৱাৰ বাবেই নিজ মাতৃয়ে চুৰীৰে হানি খুচি হত্যা কৰিলে নিজৰ ৬ বছৰীয়া পুত্ৰক। ঘটনাটো সংঘটিত হৈছে পঞ্জাৱৰ জলন্ধৰ জিলাত।

আৰক্ষীয়ে জনোৱা মতে, নিজ সন্তানক হত্যা কৰি মাতৃ কুলৱিন্দৰ কৌৰে খিৰিকীৰে জপিয়াই জীৱন শেষ কৰিবলৈ চেষ্টা কৰে। বৰ্তমান কুলৱিন্দৰ কৌৰ আঘাতপ্ৰাপ্ত হৈ চিকিত্‍সাধীন হৈ আছে।

আৰক্ষীৰ আগত কুলৱিন্দৰে দিয়া স্বীকাৰোক্তি অনুসৰি, কুলৱিন্দৰৰ স্বামী কৰ্মসূত্ৰে ইটালীত থাকে। জলন্ধৰত শহুৱেক, শাহুৱেক আৰু নিজ সন্তান আৰ্ষপ্ৰীতৰ সৈতে বাস কৰিছিল তেওঁ। কিন্তু দিনটোৰ সৰ্বাধিক সময় আৰ্ষপ্ৰীত আইতাকৰ সৈতে থাকে। যি লাহে লাহে অসহ্যকৰ হৈ আছিল মহিলাগৰাকীৰ বাবে।

‘সোমবাৰে নিশা আহাৰ গ্ৰহণ কৰাৰ পিছত আৰ্ষপ্ৰীত ককাক-আইতাকৰ ওচৰলৈ গৈছিল। তেতিয়াই পুত্ৰক বলপূৰ্বক ভাবে ৰূমলৈ লৈ আহে কুলৱিন্দৰে আৰু এখন চুৰীৰে হানি-খুচি হত্যা কৰে। পিছত যেতিয়া আৰচপ্ৰীতৰ কান্দোন শুনে, লগে লগে ককাক আইতাক ৰূমলৈ সোমাই আহি দেখে যে, চাৰিওফালে তেজ আৰু যান্ত্ৰণাত চঠফটাই আছে আৰ্ষপ্ৰীত। লগে লগে ককাক-আইতাকে কণমানিটোক উদ্ধাৰ কৰি চিকিত্‍সালয়লৈ লৈ যায় যদিও ৰাস্তাতে মৃত্যু হয়।’

এনেদৰে আৰক্ষীৰ আগত কয় ককাক-আইতাকে।
First published: June 10, 2020, 3:27 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading