• Home
  • »
  • News
  • »
  • nation
  • »
  • চিকিৎসাৰ বাবে পইচা নাই, ৭ মহীয়া কন্যা সন্তানক হত্যা কৰিলে মাতৃয়ে

চিকিৎসাৰ বাবে পইচা নাই, ৭ মহীয়া কন্যা সন্তানক হত্যা কৰিলে মাতৃয়ে

অভিযুক্ত মহিলাগৰাকীয়ে দুপৰীয়াৰ পৰা সন্ধিয়ালৈ শিশুটিৰ মৃতদেহ কোলাত বহুৱাই ৰাখিছিল। পিছত গাঁওবাসীয়ে ঘটনাটো জানিব পাৰি খবৰ দিয়ে আৰক্ষীক।

অভিযুক্ত মহিলাগৰাকীয়ে দুপৰীয়াৰ পৰা সন্ধিয়ালৈ শিশুটিৰ মৃতদেহ কোলাত বহুৱাই ৰাখিছিল। পিছত গাঁওবাসীয়ে ঘটনাটো জানিব পাৰি খবৰ দিয়ে আৰক্ষীক।

অভিযুক্ত মহিলাগৰাকীয়ে দুপৰীয়াৰ পৰা সন্ধিয়ালৈ শিশুটিৰ মৃতদেহ কোলাত বহুৱাই ৰাখিছিল। পিছত গাঁওবাসীয়ে ঘটনাটো জানিব পাৰি খবৰ দিয়ে আৰক্ষীক।

  • Share this:
    মধ্য প্ৰদেশৰ খণ্ডৱাত সংঘটিত হৈছে এক হৃদয়বিদাৰক ঘটনা। এগৰাকী মাতৃয়ে উপায়ন্তৰ হৈ হত্যা কৰিলে নিজৰ ৭ মহীয়া কন্যা সন্তানক। মহিলাগৰাকীয়ে নিজৰ সন্তানক কিয় এইদৰে নৃশংসভাৱে হত্যা কৰিলে তাৰ আঁৰত আছে এক দুখজনক কাহিনী। আচলতে, ৭ মহীয়া সন্তানটি কেইবাদিনো ধৰি অসুস্থ হৈ আছিল। সন্তানৰ চিকিৎসাৰ বাবে মাতৃৰ ওচৰত নাছিল ধন। উপায়ন্তৰ হৈ মাতৃয়ে হত্যা কৰিলে কণমানিটিক।

    আহমদপুৰৰ বাসিন্দা মহিলাগৰাকীৰ নাম মায়া ডাংগ’ৰে। দিন হাজিৰা কৰি জীৱন–যাপন কৰা এই পৰিয়ালটোত ৬ বছৰ পূৰ্বে জন্ম হৈছিল এটি কন্যা সন্তান। কোনোমতে চলি আছিল পৰিয়ালটো। হত্যা কৰা সন্তানটি মহিলাগৰাকীৰ দ্বিতীয় সন্তান।

    অভিযুক্ত মহিলাগৰাকীয়ে দুপৰীয়াৰ পৰা সন্ধিয়ালৈ শিশুটিৰ মৃতদেহ কোলাত বহুৱাই ৰাখিছিল। পিছত গাঁওবাসীয়ে ঘটনাটো জানিব পাৰি খবৰ দিয়ে আৰক্ষীক। আৰক্ষী উপস্থিত হৈ শিশুটিক হাস্পতাললৈ প্ৰেৰণ কৰে। চিকিৎসকে মৃত ঘোষণা কৰে শিশুটিক।

    মায়াৰ যেতিয়া দ্বিতীয় কন্যা সন্তানৰ জন্ম হৈছিল তেতিয়াৰ পৰা পতি–পত্নীৰ মাজত প্ৰতিদিনে কাজিয়া হৈছিল। স্বামীয়ে প্ৰায়ে মাৰপিট কৰিছিল মহিলাগৰাকীক। প্ৰায় ১৫ দিন পূৰ্বে স্বামীয়ে মহিলাগৰাকীৰ লগতে ডাঙৰ জীয়ৰীক মাৰপিট কৰি ঘৰ এৰি গুচি গৈছিল। তাৰ পিছতে মায়াই দুই সন্তানৰ দায়িত্ব ল’বলগীয়া হৈছিল। আৰ্থিক অনাটনত জুৰুলা হৈছিল মায়া। অৱশেষত পৰিস্থিতিৰ সৈতে হাৰ মানি ৭ মহীয়া সন্তানক হত্যা কৰে মহিলাগৰাকীয়ে।
    First published: