உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • Shocking Viral Video | বতাহত উৰি যোৱা শাড়ীখন আনিবলৈ মাতৃয়ে কৰিলে ভয়ংকৰ কাণ্ড, ১০ মহলাৰ বাৰান্দাত ওলমাই দিলে কণমানি সন্তানক

    Shocking Viral Video | বতাহত উৰি যোৱা শাড়ীখন আনিবলৈ মাতৃয়ে কৰিলে ভয়ংকৰ কাণ্ড, ১০ মহলাৰ বাৰান্দাত ওলমাই দিলে কণমানি সন্তানক

    বাৰান্দাত মেলি থোৱা শাড়ী বতাহত উৰি গৈ পৰিছিল নৱম মহলাৰ বাৰান্দাত। কিন্তু সেই ফ্লেটটোৰ গৰাকী তাত নাছিল।

    বাৰান্দাত মেলি থোৱা শাড়ী বতাহত উৰি গৈ পৰিছিল নৱম মহলাৰ বাৰান্দাত। কিন্তু সেই ফ্লেটটোৰ গৰাকী তাত নাছিল।

    বাৰান্দাত মেলি থোৱা শাড়ী বতাহত উৰি গৈ পৰিছিল নৱম মহলাৰ বাৰান্দাত। কিন্তু সেই ফ্লেটটোৰ গৰাকী তাত নাছিল।

    • Share this:


    ঘৰৰ বা ফ্লেটৰ বেলকনিৰ পৰা খেলি থকাৰ সময়ত কণমানি শিশু সৰি পৰা ঘটনাই বিভিন্ন সময়ত সংবাদ শিৰোনাম দখল কৰে। কিন্তু নিজৰ মাতৃয়ে সন্তানক দহ মহলাৰ বাৰান্দাত ওলমাই দিলে, তাকো বতাহত উৰি যোৱা এখন শাড়ী আনিবলৈ! কেতিয়াবা শুনিছেনে এনে কথা? অবিশ্বাস্য যেন লাগিলেও এই কথা সঁচা। এই ঘটনা সংঘটিত হৈছে ফৰিদাবাদত। মাতৃৰ এই কাণ্ডই এতিয়া তোলপাৰ লগাইছে ছচিয়েল মিডিয়া।

    কিছুদিন পূৰ্বে ফৰিদাবাদৰ ছেক্টৰ ৮২ৰ এটা বহুমহলীয়া অট্টালিকাত এই ঘটনাটো সংঘটিত হয়। বাৰান্দাত মেলি থোৱা শাড়ী বতাহত উৰি গৈ পৰিছিল নৱম মহলাৰ বাৰান্দাত। কিন্তু সেই ফ্লেটটোৰ গৰাকী তাত নাছিল। ফলত পছন্দৰ শাড়ীখন অনাটো অসম্ভৱ হৈ পৰিছিল। কিন্তু আচৰিতভাৱে মাতৃ আৰু পৰিয়ালৰ সদস্যসকলে এখন বিচনা চাদৰেৰে নিজৰ কণমানি সন্তানক বান্ধি দশম মহলাৰ পৰা ওলমাই দিয়ে শাড়ীখন আনিবলৈ। অৱশ্যে শিশুটিয়ে শাড়ীখন লৈ দশম মহলাত উঠিবলৈ সক্ষম হয়। এই সমগ্ৰ ঘটনা কেমেৰাত বন্দী কৰে বিপৰীত দিশত থকা বহু মহলীয়া কোনো অট্টালিকাৰ বাসিন্দাই। তাৰ পিছতে ছচিয়েল মিডিয়াত ভাইৰেল হয় এই ভিডিঅ’।

    এগৰাকী প্ৰত্যক্ষদৰ্শীয়ে জনাইছে, ‘শাড়ীখন কিদৰে সেই বন্ধ ফ্লেটটোৰ বাৰান্দাৰ পৰা আনিব পাৰি, সেই সম্পৰ্কে মহিলাগৰাকীয়ে কাৰো সৈতে আলোচনা কৰা নাছিল। সমাধান বিচাৰি নিজৰ সন্তানক এইদৰে একপ্ৰকাৰ মৃত্যুৰ মুখলৈ ঠেলি দিয়ে।’ আন এগৰাকী প্ৰতিৱেশীয়ে কয়, ‘মহিলাগৰাকীয়ে ইচ্ছা কৰিলে ৰক্ষণাবেক্ষণৰ দায়িত্বত থকা কমিটীৰ সৈতে কথা পাতিব পাৰিলেহেঁতেন। কিন্তু সেয়া নকৰি নিজৰ সন্তানৰ জীৱনৰ সৈতে খেলা কৰি এই ভয়ংকৰ কাণ্ড সংঘটিত কৰে।’

    Published by:Sanjay Kumar Das
    First published: