CAAৰ বিৰুদ্ধে অধিকাংশ প্ৰতিবাদেই ৰাজনৈতিক, ক’লে গৃহমন্ত্ৰী অমিত শ্বাহে

News18 Assam | News18-Assam
Updated:January 3, 2020, 8:10 AM IST
CAAৰ বিৰুদ্ধে অধিকাংশ প্ৰতিবাদেই ৰাজনৈতিক, ক’লে গৃহমন্ত্ৰী অমিত শ্বাহে
শ্বাহে কয় – মই দৃঢ়তাৰে ক’ব বিচাৰিছো যে এই শৰণাৰ্থীসকলক ভাৰতত সন্মানজনক স্থান প্ৰদান কৰাটো ভাৰত চৰকাৰৰ দায়িত্ব।

শ্বাহে কয় – মই দৃঢ়তাৰে ক’ব বিচাৰিছো যে এই শৰণাৰ্থীসকলক ভাৰতত সন্মানজনক স্থান প্ৰদান কৰাটো ভাৰত চৰকাৰৰ দায়িত্ব।

  • Share this:
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হোৱা প্ৰতিবাদৰ অধিকাংশই ৰাজনৈতিক আখ্যা দিছে। শ্বাহে কয় যে কোনো ভাৰতীয়ই এই আইনৰ ফলত নাগৰিকত্ব হেৰুৱাব নালাগে। ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীক CAAত এনেকুৱা এটা নিয়ম দেখুৱাই দিবলৈ প্ৰত্যাহ্বান জনায়, যাৰ জৰিয়তে কোনো ভাৰতীয়ই নাগৰিকত্ব হেৰুৱাব।

অমিত শ্বাহে কয় – ‘মই এই কথাত একমত যে CAAৰ বিৰুদ্ধে অধিকাংশ প্ৰতিবাদ ৰাজনৈতিক। কিছুমান লোক বিপথে পৰিচালিত হৈছে, কিন্তু তেওঁলোকক আমি বুজোৱাৰ প্ৰয়াস কৰিছো। CAAৰ জৰিয়তে চৰকাৰে পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশৰ প্ৰতাৰিত সংখ্যালঘুক নাগৰিকত্ব প্ৰদান কৰিব বিচাৰিছে। মই স্পষ্টভাৱে ক’বলৈ বিচাৰিছো যে CAAত এনে কোনো নিয়ম নাই যাৰ দ্বাৰা কোনো ভাৰতীয়ই নাগৰিকত্ব হেৰুৱাব লাগিব।’

শ্বাহে কয় – মই দৃঢ়তাৰে ক’ব বিচাৰিছো যে এই শৰণাৰ্থীসকলক ভাৰতত সন্মানজনক স্থান প্ৰদান কৰাটো ভাৰত চৰকাৰৰ দায়িত্ব। জনগণনা ২০২১ আৰু NPRৰ সৈতে NRCৰ কোনো সম্পৰ্ক নাই বুলিও মন্তব্য কৰে গৃহমন্ত্ৰীগৰাকীয়ে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
Published by: Sanjay Kumar Das
First published: January 3, 2020, 8:10 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading