লোকসভা নিৰ্বাচনত খৰছৰ সকলো অভিলেখ ভংগ, এটা ভোটৰ ইমান মূল্য

ভাৰতৰ ইতিহাসত সবাতোকৈ খৰছী লোকসভা নিৰ্বাচন আছিল ২০১৯ৰ নিৰ্বাচন। লোকসভা নিৰ্বাচন ২০১৯ৰ সাতটা পৰ্যায়ত ৭৫দিনৰ নিৰ্বাচনী প্ৰচাৰত প্ৰচুৰ টকা খৰছ হয়। 

news18assam
Updated:June 4, 2019, 2:15 PM IST
লোকসভা নিৰ্বাচনত খৰছৰ সকলো অভিলেখ ভংগ, এটা ভোটৰ ইমান মূল্য
ভাৰতৰ ইতিহাসত সবাতোকৈ খৰছী লোকসভা নিৰ্বাচন আছিল ২০১৯ৰ নিৰ্বাচন। লোকসভা নিৰ্বাচন ২০১৯ৰ সাতটা পৰ্যায়ত ৭৫দিনৰ নিৰ্বাচনী প্ৰচাৰত প্ৰচুৰ টকা খৰছ হয়। 
news18assam
Updated: June 4, 2019, 2:15 PM IST
লোকসভা নিৰ্বাচন ২০১৯ সমাপ্ত হ’ল, ভাৰতীয় জনতা পাৰ্টীয়ে ঐতিহাসিক জয় লাভ কৰাৰ লগতে বিজেপি নেতৃত্বাধীন এনডিএ মুঠ ৩৫৩খন আসন লাভ কৰিবলৈ সক্ষম হয়। বিজেপিয়ে অকলেই ৫৪২খন আসনৰ ৩০৩খন আসন লাভ কৰি বিৰোধীক ধৰাশায়ী কৰে। নৰেন্দ্ৰ মোদীৰ নেতৃত্বত নতুন চৰকাৰ গঠন হ’ল। এইবোৰ এতিয়া পুৰণি খবৰ। কিন্তু শেহতীয়া এক ৰিচাৰ্ছত পোহৰলৈ আহিছে ২০১৯ৰ নিৰ্বাচনৰ বিষয়ে যি আপোনাকো চমকৃত কৰি তুলিব।

লোকসভা নিৰ্বাচন ২০১৯ত এটা ভোটৰ বিপৰীতে ৭০০টকাকৈ খৰছ, মুঠ খৰছ ৬০হাজাৰ কোটি

চেণ্টাৰ ফৰ মিডিয়া ষ্টাডিজে লোকসভা নিৰ্বাচনৰ খৰছক লৈ এক প্ৰতিবেদন প্ৰকাশ কৰিছে। ইয়াৰ তথ্য অনুসৰি লোকসভা নিৰ্বাচন ২০১৯ত মুঠ ৬০হাজাৰ কোটি টকা পানীৰ দৰে খৰছ কৰা হ’ল। এই অনুসৰি প্ৰতিটো ভোটৰ বিপৰীতে খৰছৰ পৰিমাণ ৭০০টকা। 

সাংসদ মহাশয়ে কিমান খৰছ কৰিলে?

চিএমএছৰ অধ্যয়ন অনুসৰি দেশৰ সমূহ ৫৪৩খন লোকসভা ক্ষেত্ৰত কম–বেছি পৰিমাণে ১০০কোটিতকৈ অধিক টকা খৰছ কৰা হৈছে। লোকসভা ক্ষেত্ৰত টকাৰ অনিয়মীয়া খৰছৰ কাৰণে এখন আসনৰ নিৰ্বাচন বাতিল কৰা হৈছিল। তামিলানাডুৰ ভেলোৰত নিৰ্বাচনৰ সময়ত বৃহৎ পৰিমাণৰ টকা জব্দ কৰাৰ বাবে নিৰ্বাচন বাতিল কৰা হৈছিল। বাকী থকা ৫৪২খন আসনত অনুষ্ঠিত নিৰ্বাচনত প্ৰাৰ্থীসকলে ৬০হাজাৰ কোটি টকা খৰছ কৰে।

ইতিহাসৰ আটাইতকৈ খৰছী নিৰ্বাচন

 

এইবাৰ নিৰ্বাচন ভাৰতীয় ইতিহাসৰ আটাইতকৈ খৰছী নিৰ্বাচন বুলি গ্ৰহণ কৰা হৈছে। ইমানেই নহয় খৰছৰ দিশৰ পৰা আগৰ সকলো নিৰ্বাচনৰ অভিলেখ ভংগ কৰিলে এই নিৰ্বাচনে। ইয়াৰ আগৰ ২০১৪চনৰ নিৰ্বাচনত মুঠ ৩০হাজাৰ কোটি টকা খৰছ হৈছিল। ২০১৯ৰ নিৰ্বাচনৰ খৰছ ইয়াৰ দুগুণলৈ বৃদ্ধি পায়। 

ভাৰতেই নহয় বিশ্বৰ ভিতৰতে আটাইতকৈ দামী নিৰ্বাচন

চিএমএছৰ দাবী লোকসভা নিৰ্বাচন ২০১৯ ভাৰতৰে নহয় বিশ্বৰ ভিতৰতে আটাইতকৈ খৰছী নিৰ্বাচন ৰূপে বিবেচিত হৈছে। সমগ্ৰ বিশ্বত ইমান বেছি টকা খৰছ কৰি কোনো দেশতে প্ৰাৰ্থীৰ নিৰ্বাচন কৰা হোৱা নাই। প্ৰথমবাৰলৈ এখন দেশৰ নিৰ্বাচনত ৬০হাজাৰ কোটিৰ বৃহৎ ধন খৰছ কৰা হয়।

ক’ত ক’ত খৰছ কৰা হৈছে এই টকা

চিএমএছৰ ৰিচাৰ্ছমতে এই ৬০হাজাৰ কোটি ক’ত ক’ত খৰছ কৰা হৈছে তাৰো হিচাপ কৰা হৈছে। ৰিপ’ৰ্টৰ দাবী লোকসভা নিৰ্বাচন ২০১৯ত ভোটাৰৰ মাজত ১২হাজাৰৰ পৰা ১৫হাজাৰ কোটি টকা বিলোৱা হৈছে। বহুবাৰ এয়া খোৱা বোৱা আৰু নগদ ধন বিলোৱাৰ নামত খৰছ কৰা হৈছে। প্ৰাৰ্থীসকলে নিজৰ বিজ্ঞাপনৰ বাবে প্ৰায় ২০ ৰ পৰা ২৫হাজাৰ কোটি খৰছ কৰিছে। ইয়াৰ লগতে বিভিন্ন বিষয়ত প্ৰাৰ্থীসকলে প্ৰায় ৫–৬হাজাৰ কোটি খৰছ কৰিলে।

প্ৰাৰ্থীসকলে নিৰ্বাচনী আয়োগে অনুমতি প্ৰদান কৰা খৰছৰ হিচাপতকৈ অধিক টকা প্ৰায় ১০হাজাৰৰ পৰা ১২হাজাৰ কোটি খৰছ কৰিলে। পেট্ৰ’ল–ডিজেল, গাড়ী–ঘোঁৰা আদি সৰু সুৰা খৰছৰ ক্ষেত্ৰতো পাঁচৰ পৰা ছয় কোটি টকা খৰছ কৰিলে। এই সকলোবোৰ যোগ কৰিলে মুঠ খৰছ ৫৫ৰ পৰা ৬০হাজাৰ কোটি টকা খৰছ হয়গৈ।

নিৰ্বাচন আয়োগে কিমান টকা খৰছৰ বাবে দিছে অনুমতি

লোকসভা নিৰ্বাচনত এজন প্ৰাৰ্থীক আয়োগে ৭০লাখ টকা নিৰ্বাচনী প্ৰচাৰত খৰছ কৰাৰ অনুমতি প্ৰদান কৰিছে। এনেক্ষেত্ৰত যদি প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলৰ মুঠ নিৰ্ধাৰিত খৰছৰ পৰিমাণ যোগ কৰা হয় তেনেহ’লে এয়া ১২হাজাৰ কোটিতকৈ ওপৰলৈ নাযায়। কিন্তু প্ৰাৰ্থীসকলে নিৰ্ধাৰিত ধনতকৈ ৫গুণ অধিক খৰছ কৰাৰ তথ্য সমীক্ষাত প্ৰকাশ পাইছে।
আৰু চাওক পৰৱৰ্তী বাতৰি