ভাৰতত কোভিডৰ দ্বিতীয় লহৰত ২ লাখৰো অধিক লোকৰ মৃত্যু, দৈনিক প্ৰায় ২০০০জনৰ মৃত্যু

News18 Assam | News18-Assam
Updated:June 11, 2021, 9:07 AM IST
ভাৰতত কোভিডৰ দ্বিতীয় লহৰত ২ লাখৰো অধিক লোকৰ মৃত্যু, দৈনিক প্ৰায় ২০০০জনৰ মৃত্যু
এতিয়ালৈ কোভিডৰ ফলত হোৱা মৃত্যুৰ প্ৰায় ৫৭ শতাংশ দ্বিতীয় লহৰৰ।

এতিয়ালৈ কোভিডৰ ফলত হোৱা মৃত্যুৰ প্ৰায় ৫৭ শতাংশ দ্বিতীয় লহৰৰ।

  • Share this:
ভাৰতত কোৰোণা ভাইৰাছ সংক্ৰমণৰ দ্বিতীয় লহৰ লহৰ অধিক ঘাতক আছিল। কোৰোণাৰ দ্বিতীয় লহৰতে ভাৰতত মৃতকৰ সংখ্যা ২ লাখ অতিক্ৰম কৰিছে আৰু এতিয়ালৈকে ৩,৫৯,৬৭৬জন লোকৰ মৃত্যু হৈছে।

দ্বিতীয় লহৰত প্ৰায় প্ৰতিদিনে ২০০০জন লোকৰ মৃত্যু হয়। ২০২০ চনত অহা মহামাৰীৰ পিছত প্ৰতি পাঁচজনৰ ভিতৰত তিনিজনৰ মৃত্যুৰ কাৰণ কোৰোণা ভাইৰাছৰ সংক্ৰমণ। এতিয়ালৈ কোভিডৰ ফলত হোৱা মৃত্যুৰ প্ৰায় ৫৭ শতাংশ দ্বিতীয় লহৰৰ।

বৈশ্বিক স্তৰত কোৰোণাৰ ফলত হোৱা মৃত্যুৰ সংখ্যালৈ চালে ব্ৰাজিলত ১০২ দিনত ২.২৫ লাখ মৃত্যু আৰু আমেৰিকাত ১ মাৰ্চৰ পৰা এতিয়ালৈ ৮২,৭৩৮জন লোকৰ মৃত্যু হৈছে। দেশখনত প্ৰায় ৬.১ লাখ লোকৰ কোভিডত মৃত্যু হৈছে যিটো সমগ্ৰ বিশ্বৰ ভিতৰতে সৰ্বাধিক।

অৱশ্যে ভাৰতত জুনত কোৰোণা ভাইৰাছত সংক্ৰমিত লোকৰ সংখ্যা কিছু কমিছে। কিন্তু মৃত্যুৰ সংখ্যা এতিয়াও চিন্তাজনক। জুনৰ প্ৰথম সপ্তাহত ১৬,৩০০ লোকৰ মৃত্যু হয়। বিগত দুটা দিনতে ৫,৮৭৩জন লোকৰ মৃত্যু হৈছে।
Published by: Sanjay Kumar Das
First published: June 11, 2021, 9:07 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি