ল’ক ডাউনৰ সময়ত বাঢ়িছে দৰ্শক! ১০ কোটি দৰ্শকৰ কাষ পাইছেগৈ Network18

News18 Assam | News18-Assam
Updated:April 2, 2020, 5:02 PM IST
ল’ক ডাউনৰ সময়ত বাঢ়িছে দৰ্শক! ১০ কোটি দৰ্শকৰ কাষ পাইছেগৈ Network18
ল’ক ডাউনৰ সময়ত নিউজ এপত জৰিয়তে বাতৰি পঢ়া পাঠকৰ সংখ্যা প্ৰায় ৭৬ শতাংশ বৃদ্ধি পাইছে।

ল’ক ডাউনৰ সময়ত নিউজ এপত জৰিয়তে বাতৰি পঢ়া পাঠকৰ সংখ্যা প্ৰায় ৭৬ শতাংশ বৃদ্ধি পাইছে।

  • Share this:
এতিয়া ঘৰতেই আবদ্ধ সকলো। সমগ্ৰ দেশতে ক’ৰোণাৰ আতংক। গতিকে দেশৰ অধিকাংশ মানুহেই ব্যস্ত টিভি বা ম’বাইল এপৰ জৰিয়তে দেশৰ খবৰ বাতৰি সংগ্ৰহ কৰাত। এটা সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য। বৰ্তমান ল’ক ডাউনৰ সময়ত CNN News18‌ৰ ‘Viewership’ বাঢ়িছে প্ৰায় ৫৭ শতাংশ। প্ৰত্যেক দিনাই বৃদ্ধি পাইছে ৩৪ শতাংশ দৰ্শক। প্ৰত্যেকদিনাই ১০ কোটি দৰ্শকৰ কাষ পাইছেগৈ Network18 । Network18ৰ দৈনিক দৰ্শক বাঢ়িছে প্ৰায় ৫৭ শতাংশ। ডিজিটেল প্লেটফৰ্ম স্মাৰ্টফোনৰ জৰিয়তে বাতৰি পঢ়া পাঠকৰ সংখ্যা বাঢ়িছে ৭৬ শতাংশলৈ।




Barcৰ চি ই অ’ সুনীল লুল্লাই জনাইছে যে, ‘জনসাধাৰণক সঠিক খবৰ দিয়াতো সংবাদমাধ্যমৰ দায়িত্ব। দেশৰ সকলো ভাষাৰে সংবাদ গোষ্ঠীৰ এই সময়ত বৃদ্ধি পাইছে দৰ্শক তথা পঢ়ুৱৈৰ সংখ্যা।সাম্প্ৰতিক সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণ টিভিত আটাইতকৈ বেছি চোৱা অনুষ্ঠানবোৰৰ ভিতৰত অন্যতম।

Published by: Himangshu Bhuyan
First published: March 30, 2020, 5:05 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading