এইবাৰ মৌচুমীৰ আগমন কেতিয়া? ক’ত কম আৰু ক’ত বেছি বৰষুণ?

ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননীৰ বিপৰীতে প্ৰাইভেট চেক্টৰৰ কোম্পানী স্কাইমেটৰ মতে এইবাৰ মৌচুমীৰ প্ৰভাৱত বৰষুণ সামান্যতকৈ কম হ’ব। স্কাইমেটৰ মতে এইবাৰ মৌচুমীৰ ওপৰত আলনিন’ৰ প্ৰভাৱ পৰিব পাৰে।

news18
Updated:May 15, 2019, 7:56 AM IST
এইবাৰ মৌচুমীৰ আগমন কেতিয়া? ক’ত কম আৰু ক’ত বেছি বৰষুণ?
ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননীৰ বিপৰীতে প্ৰাইভেট চেক্টৰৰ কোম্পানী স্কাইমেটৰ মতে এইবাৰ মৌচুমীৰ প্ৰভাৱত বৰষুণ সামান্যতকৈ কম হ’ব। স্কাইমেটৰ মতে এইবাৰ মৌচুমীৰ ওপৰত আলনিন’ৰ প্ৰভাৱ পৰিব পাৰে।
news18
Updated: May 15, 2019, 7:56 AM IST
ভাৰতীয়বতৰ বিজ্ঞান কেন্দ্ৰ বিপৰীতে স্কাইমেট ৱেডাৰ চাৰ্ভিচেছে কোৱা মতে এইবছৰ মৌচুমীৰ প্ৰভাৱ সামান্যতকৈ কম হ’ব। এইবছৰ মৌচুমীৰ ওপৰত আলনিন’ৰ প্ৰভাৱ পৰিব পাৰে। স্বাভাৱিকতকৈ মৌচুমী এইবাৰ ৯৩শতাংশহে হ’ব। ৪জুনত কেৰালাত প্ৰৱেশ কৰিব মৌচুমীয়ে। ইয়াৰ পূৰ্বে ২২মে’ত মৌচুমী আন্দামান নিকোবৰ দ্বীপপুঞ্জলৈ আহিব। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই ইয়াৰ পূৰ্বে আলনিন’ৰ প্ৰভাৱ দুৰ্বল হৈছে বুলি মন্তব্য কৰিছিল। ইয়াৰ আগলৈ যোৱাৰ সম্ভাৱনাও কম বুলি বতৰ বিজ্ঞান কেন্দ্ৰই কৈছিল। যদি বতৰ বিজ্ঞান কেন্দ্ৰৰ এই আগজাননী সঁচা হয় তেনেহ’লে এয়া দেশৰ খৰাংপীড়িত কৃষকৰ কাৰণে ভাল খবৰ।

ক’ত কম হ’ব বৰষুণঃস্কাইমেটৰ মতে, এইবছৰ বংগ, বিহাৰ, ঝাৰখণ্ডত কমকৈ বৰষুণ হ’ব।

পূৱ ভাৰতত সামান্যৰ বিপৰীতে ৯২শতাংশ বৰষুণ হোৱাৰ সম্ভাৱনা। উত্তৰ পূৱ ভাৰতৰ একাংশ ঠাইতো একেই পৰিমাণ আশা কৰা হৈছে.

ৰাজস্থান, গুজৰাট, মহাৰাষ্ট্ৰ আৰু পঞ্জাৱত ভাল বৰষুণ হোৱাৰ সম্ভাৱনা আছে। মধ্যভাৰতত মৌচুমী সামান্যৰ পৰা ৫০শতাংশ ক’ম হ’ব।

আল নিন’ কি?

প্ৰশান্ত মহাসাগৰৰ পেৰুৰ কাষত সমু্দ্ৰ পাৰৰ উষ্ণতা বৃদ্ধিৰ ফলত হোৱা পৰিঘটনাক আলনিন’ কোৱা হৈছে। বিগত কিছুবছৰৰ পৰা প্ৰশান্ত মহাসাগাৰৰ ওপৰভাগৰ তাপমাত্ৰা বৃদ্ধি পাই আছে।

এই আলনিন’ৰ প্ৰভাৱত সমুদ্ৰী বতাহৰ গতি সলনি হয়। ইয়াৰ প্ৰভাৱ এয়া হয় যে বেছি বৰষুণ হোৱা এলেকাত বৰষুণ নহয় আৰু বিপৰীতে কম বৰষুণ হোৱা ঠাইত মূষলধাৰ বৰষুণ হয়।
আৰু চাওক পৰৱৰ্তী বাতৰি