உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • Monkeypox in India: ব্যাপক সংক্ৰমণ বৃদ্ধিৰ আশংকা! মাংকিপক্সকলৈ বিশেষ সৰ্তকতা ভাৰতবৰ্ষত! কেৰালা-মহাৰাষ্ট্ৰত জাৰি কৰা হ'ল বিশেষ নিৰ্দেশনা...

    Monkeypox in India: ব্যাপক সংক্ৰমণ বৃদ্ধিৰ আশংকা! মাংকিপক্সকলৈ বিশেষ সৰ্তকতা ভাৰতবৰ্ষত! কেৰালা-মহাৰাষ্ট্ৰত জাৰি কৰা হ'ল বিশেষ নিৰ্দেশনা...

    ১২ খন দেশত দহ দিনৰ ব্যৱধানত ৯০তকৈও অধিক সংক্ৰমণ সংঘটিত হৈছে। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, "স্থানীয় এলেকাৰ সৈতে ভ্ৰমণ সংযোগ নথকা" ৰোগী বিচাৰি পোৱাটো অত্যন্ত অস্বাভাৱিক।

    ১২ খন দেশত দহ দিনৰ ব্যৱধানত ৯০তকৈও অধিক সংক্ৰমণ সংঘটিত হৈছে। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, "স্থানীয় এলেকাৰ সৈতে ভ্ৰমণ সংযোগ নথকা" ৰোগী বিচাৰি পোৱাটো অত্যন্ত অস্বাভাৱিক।

    ১২ খন দেশত দহ দিনৰ ব্যৱধানত ৯০তকৈও অধিক সংক্ৰমণ সংঘটিত হৈছে। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, "স্থানীয় এলেকাৰ সৈতে ভ্ৰমণ সংযোগ নথকা" ৰোগী বিচাৰি পোৱাটো অত্যন্ত অস্বাভাৱিক।

    • Share this:
    মাঙ্কিপক্সৰ বিষয়ে চিন্তিত আৰু বিভ্ৰান্ত হৈছে বিশ্ব স্বাস্থ্য সংস্থা আৰু আফ্ৰিকাৰ বিজ্ঞানীসকল। দুবছৰতকৈও অধিক সময় কোভিড-19 মহামাৰীৰ কৱলত থকাৰ পিছত, মাঙ্কিপক্সে পুনৰ বিপদৰ আগজাননী দিছে। ভাৰতবৰ্ষইয়ো সংক্ৰমণৰ আশংকা নিয়ন্ত্ৰণ কৰিবলৈ সাম্ভাব্য সাৱধানতা অৱলম্বন কৰিছে। স্মলপক্সৰ দৰে, এই ৰোগ এতিয়া ইউৰোপত সংক্ৰমণ বৃদ্ধি পাইছে।

    ১২ খন দেশত দহ দিনৰ ব্যৱধানত ৯০তকৈও অধিক সংক্ৰমণ সংঘটিত হৈছে। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, "স্থানীয় এলেকাৰ সৈতে ভ্ৰমণ সংযোগ নথকা" ৰোগী বিচাৰি পোৱাটো অত্যন্ত অস্বাভাৱিক। বিশ্ব স্বাস্থ্য সংস্থাই এইটোও কৈছিল যে সংক্ৰমণটো "পুৰুষৰ সৈতে যৌন সম্ভোগ কৰা পুৰুষৰ" ক্ষেত্ৰতো দেখা গৈছে। বিশ্ব স্বাস্থ্য সংস্থাই আশংকা কৰিছে যে অনাগত দিনত সংক্ৰমিত ৰোগীৰ সংখ্যা বৃদ্ধি পাব।

    কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰ আৰু ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদক নিৰ্দেশ দিয়াৰ এদিন পিছতে কেৰালাৰ স্বাস্থ্যমন্ত্ৰী বীনা জৰ্জে জিলা কৰ্তৃপক্ষক মাঙ্কিপক্স সংক্ৰমণৰ ওপৰত তীক্ষ্ন নিৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিয়ে।

    মন্ত্ৰীজনে কৈছে যে, স্বাস্থ্য বিভাগে এখন বিশেষ সভা আহ্বান কৰিছে আৰু প্ৰয়োজনীয় সাৱধানতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। "কৰ্তৃপক্ষক সতৰ্ক হৈ থাকিবলৈ কোৱা হৈছে কিয়নো মাঙ্কিপক্স, যিটো আগতে কেৱল আফ্ৰিকাত ধৰা পৰিছিল, এতিয়া পৃথিৱীৰ আন প্ৰান্তলৈও বিয়পিবলৈ আৰম্ভ কৰিছে। সকলোৱে ৰোগ আৰু প্ৰতিৰোধমূলক ব্যৱস্থাৰ বিষয়ে অৱগত হোৱা উচিত," বীনা জৰ্জে এক বিবৃতিত কয়। মহাৰাষ্ট্ৰৰ স্বাস্থ্য বিভাগে লগতে কয়, "আমি সকলো জিলা স্বাস্থ্য কৰ্তৃপক্ষক সতৰ্ক হৈ থাকিবলৈ কৈছো।"

    আমেৰিকা যুক্তৰাষ্ট্ৰত এজন ৰোগী বিৰল ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ পিছত নিউয়ৰ্কৰ স্বাস্থ্য বিষয়াসকলে মাঙ্কিপক্স সম্পৰ্কে বিশেষ সাৱধানতা অৱলম্বন কৰি আছে। আফ্ৰিকাত মাঙ্কিপক্সৰ অজস্ৰ প্ৰাদুৰ্ভাৱ লক্ষ্য কৰা বিজ্ঞানীসকলে কৈছে যে, শেহতীয়াকৈ ইউৰোপ আৰু উত্তৰ আমেৰিকাত এই ৰোগ বিয়পি পৰাৰ বাবে তেওঁলোক আচৰিত হৈছিল। এই স্মলপক্স সম্পৰ্কীয় ৰোগটো আগতে কেৱল মধ্য আৰু পশ্চিম আফ্ৰিকাৰ ব্যক্তিসকলৰ ক্ষেত্ৰত দেখা গৈছিল। কিন্তু যোৱা সপ্তাহত ব্ৰিটেইন, স্পেইন, পৰ্তুগাল, ইটালী, আমেৰিকা যুক্তৰাষ্ট্ৰ, চুইডেন আৰু কানাডাত সংক্ৰমণৰ খবৰ পোৱা গৈছিল।

    এজন শীৰ্ষ ইউৰোপীয় স্বাস্থ্য বিষয়াই শুকুৰবাৰে সতৰ্ক কৰি দিছে যে, বিৰল মাঙ্কিপক্স ভাইৰাছৰ সংক্ৰমণ অনাগত মাহবোৰত আৰু বৃদ্ধি হ'ব পাৰে, কিয়নো ভাইৰাছটো সমগ্ৰ ইউৰোপত বিয়পি পৰিছে।
    Published by:Himangshu Bhuyan
    First published: