মুখ্যপৃষ্ঠা »খবৰ »দেশ »Monkey Terror : নিশা ১২ বজাত ঘৰত সোমাই বান্দৰে লৈ গ'ল ৩ মহীয়া শিশুক, ঘটনাৰ পৰিণতি জানিলে বুকু কঁপি উঠিব আপোনাৰ

Monkey Terror : নিশা ১২ বজাত ঘৰত সোমাই বান্দৰে লৈ গ'ল ৩ মহীয়া শিশুক, ঘটনাৰ পৰিণতি জানিলে বুকু কঁপি উঠিব আপোনাৰ

Monkey Terror : উত্তৰ প্ৰদেশৰ বাগপতত এটা আচৰিত ঘটনাৰ খবৰ পোৱা গৈছে। ইয়াত এটা বান্দৰ নিশা প্ৰায় ১২ বজাত এটা ঘৰত প্ৰৱেশ কৰি শুই থকা এটা নিষ্পাপ শিশুক তুলি লৈ গৈছিল, যাৰ পিছত এক আলোড়ন সৃষ্টি হৈছিল।

  • Share this:
উত্তৰ প্ৰদেশৰ (Uttar Pradesh) বাগপতত এটা বান্দৰৰ সন্ত্ৰাসে ৰাইজৰ মাজত আতংকৰ সৃষ্টি কৰিছে। বান্দৰটোৱে যোৱা নিশা প্ৰায় ১২ বজাত ঘৰৰ ভিতৰত প্ৰৱেশ কৰি শুই থকা এটা কণমানি শিশুক অপহৰণ কৰি লৈ যায়। ইয়াৰ ফলত সমগ্ৰ এলেকাটোত আলোড়নৰ সৃষ্টি হয়। পৰিয়ালটোৱে শিশুটোক বিচাৰি বিচাৰি চলাথ কৰিছিল । অৱশেষত কণমানিটোক এটা পানীৰ টেংকত পোৱা গৈছিল। পৰিয়ালটোৱে শিশুটোক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ গৈছিল।

 খবৰ অনুসৰি যোৱা নিশা ১২ বজাত কেশৱ নামৰ তিনি মাহৰ শিশুটো ঘৰৰ এটা কোঠাত শুই আছিল। তেতিয়াই বান্দৰটোৱে আহিছিল আৰু শিশুটোক তুলি লৈ গৈছিল। বিচনাখনৰ পৰা শিশুটো নিৰুদ্দেশ হোৱাৰ বাবে পৰিয়ালটোত হাহাকাৰ লাগিছিল। তেওঁলোকে শিশুটোক বিচাৰিবলৈ আৰম্ভ কৰে। চুবুৰীয়া লোকসকলো আচৰিত হৈছিল ঘটনাটোক লৈ।শিশুটো নিৰুদ্দেশ হোৱাৰ পিছত পৰিয়ালটোৱে চাৰিওফালে বিচাৰিছিল। পিছত যেতিয়া টেংকিটোত চালে তাতে শিশুটো পৰি থকা অৱস্থাত পোৱা গৈছিল। কিন্তু ইতমধ্যে শিশুটোৰ  মৃত্যু হৈছিল। পৰিয়ালটোৱে তেওঁক দিল্লীৰ এখন চিকিৎসালয়লৈ লৈ গৈছিল আৰু চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰিছিল। এই ঘটনাৰ পিছত স্থানীয় লোকৰ মাজত যথেষ্ট আক্ৰোশৰ সৃষ্টি হোৱা দেখা গৈছে।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি স্থানীয় লোকে জনাইছে যে যোৱা কেইদিনমান ধৰি এলেকাটোত এটা বান্দৰে আতংকৰ সৃষ্টি কৰি ৰাখিছে। এই বান্দৰটোৱে কিছুমান লোকক ক্ষতিও কৰিছে। বান্দৰটো ধৰিবলৈ প্ৰয়াস কৰা হৈছিল কিন্তু ধৰিব পৰা নাছিল। প্ৰশাসনেও আতংকৰ সৃষ্টি কৰা বান্দৰটো ধৰিবলৈ চেষ্টা কৰা নাছিল। যদি সময়মতে ব্যৱস্থা লোৱা হ'লহেঁতেন, তেন্তে এনে ঘটনা নহ'লহেঁতেন বুলি অভিযোগ কৰে স্থানীয় লোকে। 

শেহতীয়া বাতৰি