নতুন দিল্লীত নিজ বাসগৃহতে বান্দৰে কামুৰিলে বিজেপি সাংসদক

 ল‘ব লগীয়া হ’ল anti rabies injection আৰু antidote!

News18-Assam
Updated:September 11, 2019, 8:37 PM IST
নতুন দিল্লীত নিজ বাসগৃহতে বান্দৰে কামুৰিলে বিজেপি সাংসদক
 ল‘ব লগীয়া হ’ল anti rabies injection আৰু antidote!
News18-Assam
Updated: September 11, 2019, 8:37 PM IST
বিজেপি নেতা তথা ৰাজ্য সভালৈ ৰাষ্ট্ৰপতিৰ দ্বাৰা মনোনীত সদস্য ৰাকেশ সিনহা (Sinha)ক নতুন দিল্লীস্থ বাসগৃহতে কামুৰিলে বান্দৰে । ২৮ আগষ্টত  ঘটা এই ঘটনা শেহতীয়াকৈ পোহৰলৈ আহিছে । লুটয়েন দিল্লীৰ শাহজাহান ৰোডস্থিত সিনহাৰ চৰকাৰী বাসগৃহত আছে বহু কেইজোপা আম আৰু জামু গছ আৰু এই গছ কেইডালেই আশ্ৰয়স্থলী হিচাপে পৰিণত হৈছে বান্দৰৰ । ২৮ আগষ্টত পুৱা সাংসদ জনে দুৱাৰ খুলি বাহিৰলৈ আহিবলৈ লওঁতেই এটা প্ৰকাণ্ড বান্দৰে ভৰিত কামুৰি পলাই পত্ৰং দিয়ে । পাছত সাংসদ গৰাকীক সমীপৰ ৰাম মনোহৰ লোহিয়া চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আৰু বান্দৰে কামোৰাৰ চিকিৎসা প্ৰদান কৰে । বিগত সময়ত বান্দৰৰ আক্ৰমণত তেওঁৰ বাসগৃহত নিয়োজিত তিনি জন কৰ্মচাৰীয়ে চাকৰি ত্যাগ কৰিছে ।



নতুন দিল্লীৰ লুটয়েন জ’নতে আছে কেন্দ্ৰীয় মন্ত্ৰী, সাংসদ আৰু অন্য VVIP ৰ চৰকাৰী বাসস্থান । প্ৰচুৰ গছ–গছনিৰে ভৰা এই অঞ্চল । সমান্তৰালকৈ অজস্ৰ বান্দৰ বিৰাজমান এই অঞ্চলটোত । পূৰ্বতে বান্দৰবোৰক ধৰিবলৈ ব্যৱহাৰ কৰা হৈছিল প্ৰশিক্ষণপ্ৰাপ্ত আন বান্দৰ । চৰকাৰে বান্দৰৰ এনে প্ৰয়োগ নিষিদ্ধ কৰাত প্ৰশিক্ষণ প্ৰাপ্ত মানুহেই ঠিকা ভিত্তিত বান্দৰৰ সাজ পৰিধান কৰি বান্দৰ ধৰে আৰু খেদে । এটা বান্দৰ ধৰাৰ বিনিময়ত তেওঁলোকে লাভ কৰে ১,২০০ টকা । New Delhi Municipal Corporationৰ তত্বাৱধানত চলা এই কামৰ যোগেদি ২০১৭ চনৰ জুলাই মাহৰ পৰা এতিয়ালৈকে ৮৯২টা বান্দৰ ধৰা হৈছে আৰু Asola Bhatti Wildlife Sanctuary লৈ প্ৰেৰণ কৰা হৈছে ।
আৰু চাওক পৰৱৰ্তী বাতৰি