কংগ্ৰেছ ত্যাগ কৰি বিজেপিমুখী হ’ল ৫ গৰাকী বিধায়ক, ৰাম মাধৱৰ উপস্থিতিত যোগ দিলে বিজেপিত

কংগ্ৰেছৰ পৰা অতি সম্প্ৰতি পদত্যাগ কৰা মণিপুৰৰ ৫ জন বিধায়কে আজি যোগদান কৰিলে শাসক দল ভাৰতীয় জনতা পাৰ্টীত।
কংগ্ৰেছৰ পৰা অতি সম্প্ৰতি পদত্যাগ কৰা মণিপুৰৰ ৫ জন বিধায়কে আজি যোগদান কৰিলে শাসক দল ভাৰতীয় জনতা পাৰ্টীত।
- News18 Assam
- Last Updated: August 19, 2020, 9:45 PM IST
ওক্ৰম হেনৰী সিঙৰ বাদে বিজেপিত যোগদান কৰা আন চাৰি গৰাকী প্ৰাক্তন কংগ্ৰেছী বিধায়ক হৈছে – ঐনাম লুখই সিং, ন্গামথাম হাওকিপ, গিনছোৱানহাও আৰু পাওনাম ব্ৰজেন। এই পাঁচজন বিধায়ক কিছুদিন পূৰ্বে মণিপুৰৰ বিধান সভাত বিৰোধীয়ে গ্ৰহণ কৰা অবিশ্বাস প্ৰস্তাৱৰ অধিৱেশনত অনুপস্থিত আছিল। সেই প্ৰস্তাৱত মৌখিক মতদানৰ যোগেদি শাসক দলটি জয়লাভ কৰিছিল।