বিজেপিময় মণিপুৰ! নিৰ্বাচন অনুষ্ঠিত হোৱা মুঠ পাঁচ খন আসনৰ চাৰিখনতে জয়লাভ বিজেপিৰ

News18 Assam | News18-Assam
Updated:November 10, 2020, 6:23 PM IST
বিজেপিময় মণিপুৰ! নিৰ্বাচন অনুষ্ঠিত হোৱা মুঠ পাঁচ খন আসনৰ চাৰিখনতে জয়লাভ বিজেপিৰ
Source-Google

মঙলবাৰে ঘোষণা কৰা মণিপুৰ বিধানসভাৰ উপ নিৰ্বাচনত বিজেপিৰ জয়যাত্ৰা।

  • Share this:
মঙলবাৰে ঘোষণা কৰা মণিপুৰ বিধানসভাৰ উপ নিৰ্বাচনত বিজেপিৰ জয়যাত্ৰা। মুঠ পাঁচখন আসনত হোৱা নিৰ্বাচনত চাৰিখনতে জয়লাভ কৰিছে গেৰুৱা দলটোৱে।

ফলাফল অনুসৰি সিংহাট সমষ্টিত বিজপিৰ প্ৰাৰ্থী গিনচোৱানহাও’ৱে জয়লাভ কৰিছে।  সেইদৰে লিলং সমষ্টিত বিজেপি সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থী আনটাচ খানে নিকটতম প্ৰতিদ্বন্দী আব্দুল নাচিৰক ৩,১১২টা ভোটৰ ব্যৱধানত পৰাস্ত কৰিছে।

ইয়াৰ উপৰিও ৱানগই সমষ্টিত বিজেপিৰ প্ৰাৰ্থী অ’ লোখাইয়ে এন পি পি দলৰ প্ৰাৰ্থী কে এইচ লোকেনক ২৫৪টা ভোটত পৰাস্ত কিৰিছে।

‘Wangjing-Tentha’ সমষ্টিত বিজেপিৰ পি ব্ৰজানে কংগ্ৰেছ দলৰ প্ৰাৰ্থী এম হেমন্তক ১,৫৬০টা ভোটৰ ব্যৱধানত পৰাস্ত কৰিছে।

আনহাতে চাইটো সমষ্টিত বিজেপিৰ নগামথং হাওকিপে কংগ্ৰেছ দলৰ প্ৰাৰ্থী লামটিনথাং হাউকিপক ৬,৪৬৯টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে।
Published by: Himangshu Bhuyan
First published: November 10, 2020, 6:14 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি