তিনি দশকৰ পূৰ্বে থুথুকুডিৰ কাটুনায়ককানপট্টি গাঁৱৰ পেচিয়াম্মল নামৰ মহিলাগৰাকীয়ে বিবাহৰ মাত্ৰ ২০ দিনৰ পিছতে স্বামীক হেৰুৱাবলগীয়া হৈছিল।
তিনি দশকৰ পূৰ্বে থুথুকুডিৰ কাটুনায়ককানপট্টি গাঁৱৰ পেচিয়াম্মল নামৰ মহিলাগৰাকীয়ে বিবাহৰ মাত্ৰ ২০ দিনৰ পিছতে স্বামীক হেৰুৱাবলগীয়া হৈছিল।
তামিলনাডুৰ থুথুকুডি জিলাৰ এগৰাকী মহিলাই নিজৰ ছোৱালীক ডাঙৰ-দীঘল কৰিবলৈ ৩০ বছৰ ধৰি পুৰুষৰ ছদ্মবেশ ধৰি থাকিল।
তিনি দশকৰ পূৰ্বে থুথুকুডিৰ কাটুনায়ককানপট্টি গাঁৱৰ পেচিয়াম্মল নামৰ মহিলাগৰাকীয়ে বিবাহৰ মাত্ৰ ২০ দিনৰ পিছতে স্বামীক হেৰুৱাবলগীয়া হৈছিল।
এটি কন্যা সন্তান জন্ম দিয়াৰ পিছত পেচিয়াম্মলে হাজিৰা কাম কৰিবলৈ আৰম্ভ কৰে। কিন্তু কাম কৰিবলৈ যাওতে প্ৰায়ে শাৰীৰিক-মানসিক নিৰ্যাতনৰ সন্মুখীন হবলগীয়া হৈছিল পেচিয়াম্মল।
আৰু তেতিয়াই কন্যাক ভৰণ-পোষণ দিয়াৰ স্বাৰ্থত নিজকে পুৰুষৰ দৰে ৰখাৰ সিদ্ধান্ত লয়। চুটিকৈ কাটি লয় নিজৰ চুলি। আনকি পুৰুষৰ দৰে দেখিবলৈ লুঙি আৰু চাৰ্ট পিন্ধা আৰম্ভ কৰে।
প্ৰায় তিনি দশক ধৰি মুথুৱে চেন্নাই আৰু থুথুকুডিৰ হোটেল, চাহৰ দোকানত কাম কৰিছিল। তেওঁ য'তেই কাম কৰিছিল, সেই ঠাইতে 'আন্নাচি' বুলি চিনাকী দিছিল। (পুৰুষৰ বাবে পৰম্পৰাগত নাম)।
মুথুক পিছত 'মুথু মাষ্টাৰ' বুলি জনপ্ৰিয় হৈ পৰে। কাৰণ তেওঁ পেইণ্টাৰ আৰু চাহৰ দোকানত কাম কৰিছিল।
পেচিয়াম্মলে এইদৰে কৈছিল: "মই চিত্ৰকৰ, চাহ মাষ্টাৰ, পাৰোট্টা মাষ্টাৰলৈকে সকলো ধৰণৰ কাম কৰিছিলো। মই মোৰ ছোৱালীৰ বাবে সুৰক্ষিত জীৱন নিশ্চিত কৰিবলৈ প্ৰতিটো পইচা ৰাহি কৰাৰ চেষ্টা কৰিছিলো। কিছুদিনৰ পিছত মুথু মোৰ পৰিচয় হৈ পৰিল। আনকি মোৰ আধাৰ, ভোটাৰ পৰিচয় পত্ৰ আৰু বেংক একাউণ্টকে ধৰি সকলো নথিপত্ৰত উল্লেখ কৰা হৈছিল।"
পেচিয়াম্মলে লগতে কৈছিল যে, এনে কাম আৰম্ভণিতে কঠিন আছিল। "মোৰ ছোৱালীৰ সুৰক্ষাৰ কথা মনত ৰাখি, মই সমস্যাৰ মাজেৰে যোৱাৰ সিদ্ধান্ত লৈছিলো। এজন পুৰুষ হিচাপে থাকি মই কৰ্মস্থানত অধিক সুৰক্ষিত অনুভব কৰিছিলো। মোৰ পৰিচয় বাস্তৱিক কৰিবলৈ, মই সদায় বাছত কেৱল পুৰুষৰ ফালে আসন দখল কৰিছিলো। মই পুৰুষৰ শৌচালয় ব্যৱহাৰ কৰিছিলো। যদিও চৰকাৰে বাছত মহিলাসকলৰ বাবে বিনামূলীয়া ভ্ৰমণৰ কথা ঘোষণা কৰিছিল, মই ভাড়া পৰিশোধ কৰিছিলো।," তেওঁ কয়।
৫৭ বছৰীয়া পেচিয়াম্মাল এতিয়া সন্তুষ্ট। "মোৰ ছোৱালী বিবাহিত আৰু মই অনুভৱ কৰো যে মই মোৰ সকলো আকাংক্ষা পূৰণ কৰিছো। মোৰ মৃত্যুৰ পাছতো মই এনেদৰে মনত ৰাখিব বিচাৰো। যদি মই চৰকাৰৰ পৰা পেঞ্চন পাওঁ তেন্তে মই মোৰ বাকী জীৱনটো মানুহৰ দৰে কটাব। মই বহুতো আঁচনিৰ বাবে অযোগ্য।"
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|