• Home
  • »
  • News
  • »
  • nation
  • »
  • Modi@8: ''আগতে আমি লজ্জিত অনুভৱ কৰিছিলোঁ, কিন্তু এতিয়া আমি তেওঁলোকৰ বাবে গৌৰৱান্বিত ভাৰতীয়''- এন বীৰেন সিং

Modi@8: ''আগতে আমি লজ্জিত অনুভৱ কৰিছিলোঁ, কিন্তু এতিয়া আমি তেওঁলোকৰ বাবে গৌৰৱান্বিত ভাৰতীয়''- এন বীৰেন সিং

নৰেন্দ্ৰ মোদী একমাত্ৰ নেতা, যিয়ে আমাক আন্তৰ্জাতিকভাৱে নেতৃত্ব দিব পাৰে। যদি সেয়া অব্যাহত থাকে, তেন্তে আমাৰ দেশ বিশ্বৰ শীৰ্ষত থাকিব।

নৰেন্দ্ৰ মোদী একমাত্ৰ নেতা, যিয়ে আমাক আন্তৰ্জাতিকভাৱে নেতৃত্ব দিব পাৰে। যদি সেয়া অব্যাহত থাকে, তেন্তে আমাৰ দেশ বিশ্বৰ শীৰ্ষত থাকিব।

নৰেন্দ্ৰ মোদী একমাত্ৰ নেতা, যিয়ে আমাক আন্তৰ্জাতিকভাৱে নেতৃত্ব দিব পাৰে। যদি সেয়া অব্যাহত থাকে, তেন্তে আমাৰ দেশ বিশ্বৰ শীৰ্ষত থাকিব।

  • Share this:
ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ অষ্টম বাৰ্ষিকী উদযাপনৰ বাবে সাজু হৈছে। শৃংখলাবদ্ধ ৰাজহুৱা প্ৰচাৰ কাৰ্যসূচী আৰু কাম-কাজৰ খতিয়ানসহ বিজেপিয়ে অষ্টম বাৰ্ষিকী উদযাপন অভিমুখে গতি লৈছে। মণিপুৰৰ মুখ্যমন্ত্ৰী তথা বিজেপি (Bharatiya Janata Party) নেতা এন বীৰেন সিঙে (N Biren Singh) বিশেষকৈ উত্তৰ-পূবৰ ওপৰত মোদী চৰকাৰৰ প্ৰভাৱৰ লগতে প্ৰধানমন্ত্ৰীৰ সৈতে তেওঁৰ ব্যক্তিগত বাৰ্তালাপৰ বিষয়ে NEWS18ৰ সৈতে কথা পাতিছিল। সেই বিষয়ে সম্পাদিত ৰূপত প্ৰকাশ কৰা হল।

নৰেন্দ্ৰ মোদীৰ সৈতে কাম কৰি কেনে অভিজ্ঞতা হৈছে?

প্ৰধানমন্ত্ৰী এজন বেলেগ ধৰণৰ নেতা। তেখেত কিংবদন্তি। মই বিজেপিত যোগদান কৰাৰ আগতে আন নেতাসকলৰ সৈতে কাম কৰিছোঁ, কিন্তু তেখেত বহুত বেলেগ। পাৰ্থক্য আছে। তেখেতে কৰা ধাৰণাবোৰ আমাৰ সৈতে ভাগ-বাটোৱাৰা কৰে। তেখেতে ৰাজনৈতিক লাভৰ বাবে কাম নকৰে। মোদীজীৰ চিন্তা-ধাৰণা সাধাৰণ মানুহৰ বাবে, জনসাধাৰণৰ বাবে।

আপুনি ভাবেনে যে ২০১৪ চনৰ পিছত পূব আৰু উত্তৰ-পূবৰ ওপৰত গুৰুত্ব দিয়া হৈছে?

খুব ভাল প্ৰশ্ন। এজন উত্তৰ-পূবৰ ব্যক্তি হিচাপে মই আগতে কি অনুভৱ কৰিছিলোঁ আৰু এতিয়া মই কি অনুভৱ কৰোঁ সেয়া আপোনালোকক জনাব বিচাৰোঁ। মোদীজীৰ আগতে আমাক মূল ভূখণ্ডৰ ভাৰতীয়সকলে তলত দেখা পাইছিল। যেতিয়া কেন্দ্ৰলৈ গৈছিলোঁ, যেতিয়া আমি কিবা ক'ব বিচাৰিছিলোঁ, আমাক আজিৰ দৰে সুযোগ দিয়া হোৱা নাছিল। আজি, ধৰি লওক যদি মই দিল্লীলৈ যাওঁ, মোক যি প্ৰয়োজন সকলোৱে সহায় কৰিবলৈ সাজু। উদাহৰণ স্বৰূপে, ২০১৭ চনত চৰকাৰ গঠন হোৱাৰ পিছতে মই তাত উপস্থিত হৈছিলোঁ। প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিলে 'ঘৰ-ঘৰ জল'। সেই সময়ত, মই ৩,৫০০ কোটি টকাৰ প্ৰস্তাৱ লৈছিলোঁ। চাওক, মণিপুৰৰ দৰে এখন ৰাজ্যৰ বাবে ৩,৫০০ কোটি টকা এটা ডাঙৰ প্ৰস্তাৱ আছিল। আমি কেতিয়াও আশা কৰা নাছিলোঁ যে এয়া মানি লোৱা হ'ব। বৈঠকৰ পিছত, প্ৰধানমন্ত্ৰীয়ে (PM Narendra Modi) জ্যেষ্ঠ সচিবক কিবা এটা কৰিবলৈ কয় আৰু এসপ্তাহৰ ভিতৰত আমি অনুমোদন লাভ কৰোঁ আৰু সাত মাহৰ ভিতৰত প্ৰকল্পটো আৰম্ভ হয়।

তেন্তে উত্তৰ-পূবৰ ওপৰত গুৰুত্ব দিয়া হৈছে নেকি?

আমি এতিয়া গৌৰৱান্বিত ভাৰতীয়। আমাক আগতে সঠিক ব্যৱহাৰ কৰা হোৱা নাছিল। ইয়াৰ পূৰ্বে, কেন্দ্ৰীয় মন্ত্ৰীসকলৰ কাম-কাজে স্পষ্টকৈ দেখুৱাইছিল যে তেওঁলোকে আমাক কম গুৰুত্ব দিছিল। এতিয়া এইটো সম্পূৰ্ণ বেলেগ। মোদীজীয়ে উত্তৰ-পূৰ্বাঞ্চলক তেখেতৰ পৰিয়াল বুলি গণ্য কৰে। যোৱা সাত-আঠ বছৰত মোদীজীয়ে ৫০ বাৰতকৈও অধিক বাৰ উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণ কৰিছে। প্ৰধানমন্ত্ৰী হোৱাৰ বাবে আৰু কেতিয়াবা তেওঁৰ কেবিনেট মন্ত্ৰীসকলে প্ৰতিদিনে আহে আৰু যায় আৰু কি প্ৰয়োজন সোধে, ইয়ে অনুভৱ কৰায় যে আমি এটা পৰিয়াল।

প্ৰধানমন্ত্ৰী মোদীৰ বিষয়ে আপোনাৰ কি আকৰ্ষণীয় কাহিনী মনত আছে?

তেখেত উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকলৰ যথেষ্ট যত্ন লয়। তেখেতে মণিপুৰৰ সংস্কৃতিৰ যত্ন লৈছিল। আপুনি লিৰাম ফী (leirum phee, পৰম্পৰাগত মণিপুৰী টাৱেল) কি জানেনে? যেতিয়া মই দিল্লীলৈ গৈ তেখেতক লিৰাম ফী উপহাৰ দিছিলোঁ, মই তেখেতক কৈছিলোঁ, 'ছাৰ, এইটো এটা বিখ্যাত বস্তু'। আমি দেখিছিলোঁ যে গংগাত পৱিত্ৰ ডুব মৰাৰ সময়ত তেখেতে এইখন পিন্ধিছিল। তেখেতে মোক কৈছিল যে আমাৰ লিৰাম ফীৰ বিষয়ে জানে আৰু ই ভাৰতৰ গৌৰৱময় সংস্কৃতি। তেখেতে কৈছিল এইটো বৰ ভাল। তেতিয়া মই সুখ অনুভৱ কৰিছিলোঁ। তেখেতে মণিপুৰৰ ক্ৰীড়া ব্যক্তিত্বসকলক যিদৰে প্ৰশংসা কৰে সেয়া চমৎকাৰ। তেখেত দূৰদৰ্শী, তেখেত বেলেগ।

সংকটৰ পৰিস্থিতিত এগৰাকী জ্যেষ্ঠ হিচাপে তেখেত কেনে?

মণিপুৰ সৰু কিন্তু জটিল। যেতিয়া মই গুৰুত্বপূৰ্ণ বিষয়বোৰ উত্থাপন কৰোঁ, তেখেতে মোৰ কথা শুনে আৰু আমাক পথ প্ৰদৰ্শন কৰে। এসময়ত এটা গুৰুতৰ পৰিস্থিতি আছিল। মই তেখেতক সেই বিষয়ে কৈছিলোঁ। তেখেতে ধৈর্য ধৰি শুনিছিল। আৰু কৈছিল- ''বীৰেন, তোমাৰ কথাই ঠিক।'' তেখেতে মোক অমিত (শ্বাহ)জীৰ সৈতে কথা পাতিবলৈও নিৰ্দেশ দিছিল। পিছত তেখেতে মোক কৈছিল- 'তুমি অমিত ভাইক লগ কৰিছিলানে? তেওঁক লগ কৰা, তেওঁ পৰামৰ্শ দিব আৰু তেওঁ এয়া স্পষ্টভাৱে জানে।" তেতিয়া মই অমিতজীৰ ওচৰলৈ গৈছিলোঁ। এয়া যেন এটা পৰিয়াল।

আপুনি মোদী চৰকাৰক কেনেদৰে মূল্যাংকন কৰিব?

এশ শতাংশতকৈও অধিক। আপুনি উত্তৰ-পূৰ্বাঞ্চল আৰু ৰাষ্ট্ৰৰ পৰিৱৰ্তন দেখিছে। মণিপুৰ কেনেদৰে সলনি হৈছে চাওক, ইনাৰ লাইন পাৰ্মিট, AFSPA আঁতৰোৱা হৈছে, ইয়াত একমাত্ৰ ৰাষ্ট্ৰীয় ক্ৰীড়া বিশ্ববিদ্যালয় আছে। মণিপুৰৰ শ্বহীদসকলক আন্দামানত সন্মানিত কৰা হৈছে। তেখেতে মণিপুৰীসকলৰ অনুভূতি স্পৰ্শ কৰিছে। তেখেত ১০০ তকৈও অধিক পইণ্টৰ অধিকাৰী। আগতে আমি লজ্জিত অনুভৱ কৰিছিলোঁ, কিন্তু এতিয়া আমি তেওঁলোকৰ বাবে ভাৰতীয়।

আপুনি প্ৰধানমন্ত্ৰীক কি ক'ব বিচাৰে?

মই সঁচাকৈয়ে প্ৰধানমন্ত্ৰী আৰু তেখেতৰ দলক প্ৰশংসা আৰু সন্মান কৰিব বিচাৰোঁ। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে তেখেতে ১৫ বছৰতকৈও অধিক সময় থাকিব, কিয়নো মোদীজীৰ দৰে নেতা বিচাৰি পোৱাটো বহুত কঠিন। তেখেত একমাত্ৰ নেতা যিয়ে আমাক আন্তৰ্জাতিকভাৱে নেতৃত্ব দিব পাৰে। যদি সেয়া অব্যাহত থাকে, তেন্তে আমাৰ দেশ বিশ্বৰ শীৰ্ষত থাকিব।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি