মুখ্যপৃষ্ঠা »খবৰ »দেশ »Modi@8: প্ৰধানমন্ত্ৰী মোদী এগৰাকী মহান শ্ৰোতা, প্ৰেৰণাৰ প্ৰতীক! News18ক ক'লে কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙে

Modi@8: প্ৰধানমন্ত্ৰী মোদী এগৰাকী মহান শ্ৰোতা, প্ৰেৰণাৰ প্ৰতীক! News18ক ক'লে কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙে

কাৰোবাৰ বিপদ হ'লে অভিভাৱকৰ দৰে কাষত থিয় হয় প্ৰধানমন্ত্ৰী মোদীঃ গিৰিৰাজ সিং

কাৰোবাৰ বিপদ হ'লে অভিভাৱকৰ দৰে কাষত থিয় হয় প্ৰধানমন্ত্ৰী মোদীঃ গিৰিৰাজ সিং

কাৰোবাৰ বিপদ হ'লে অভিভাৱকৰ দৰে কাষত থিয় হয় প্ৰধানমন্ত্ৰী মোদীঃ গিৰিৰাজ সিং

  • Share this:
কেন্দ্ৰীয় গ্ৰামোন্নয়ন আৰু পঞ্চায়তিৰাজ মন্ত্ৰী গিৰিৰাজ সিঙৰ মতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সবাটোকৈ প্ৰেৰণাদায়ক বৈশিষ্ট্য হৈছে যে, তেওঁ এগৰাকী মহান শ্ৰোতা। জনসাধাৰণৰ সমস্যা বুজি উদাহৰণসহ তেওঁ কাম কৰিব পাৰে।

"মই তেওঁৰ ওচৰলৈ যেতিয়া ৰাজ্যিক মন্ত্ৰী হিচাপে বা কেবিনেট মন্ত্ৰী হিচাপে যাওঁ, মই এনে কোনো ধাৰণা আলোচনা কৰো যিয়ে জনতাৰ জীৱনৰ মান উন্নত কৰিব পাৰে বুলি তেওঁ ভাবে, তেন্তে তেওঁ কথাখিনি অতি গুৰুত্ব সহকাৰে শুনে আৰু আলোচনা কৰে। আৰু সকলো দিশ চালিজাৰি চাই কাৰ্যকৰী কৰে। এইটো তেওঁৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট্য যিয়ে মোক বহুত অনুপ্ৰাণিত কৰিছে।" কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে News18.comত এনেদৰে কয়।

প্ৰধানমন্ত্ৰীৰ আন এটা বিশেষত্ব হৈছে- তেওঁ উদ্ভাৱনৰ প্ৰচাৰ কৰে আৰু যদি সেয়া জনসাধাৰণৰ বৃহত্তৰ কল্যাণৰ বাবে হয়, তেন্তে তেওঁ ইয়াক সৰ্বাধিক গুৰুত্ব দিয়ে, সিঙে কয়।

বিজেপি নেতাজনে লগতে কয় যে, প্ৰধানমন্ত্ৰীৰ আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিভঙ্গীয়ে তেওঁক অনুপ্ৰাণিত কৰে আৰু মোদী মন্ত্ৰীসভাৰ সদস্য হিচাপে নিজে গৌৰৱ অনুভৱ কৰে।

প্ৰধানমন্ত্ৰীক পাৰ্টী মেন আৰু তেওঁৰ মন্ত্ৰীসকলে কঠোৰ টাস্কমাষ্টাৰ বুলি অভিহিত কৰা সন্দৰ্ভত সিঙে কয় যে, তেওঁ এজন নেতা যি উদাহৰণৰ দ্বাৰা নেতৃত্ব দিয়ে। "আপুনি 'হাৰ্ড টাস্কমাষ্টাৰ' বা 'অনুপ্ৰেৰণাৰ ফাউণ্টেইন' বুলি ক'ব নেকি? প্ৰতিজন মন্ত্ৰীয়ে অনুভৱ কৰে যে যদি প্ৰধানমন্ত্ৰীয়ে ইমান কঠোৰ পৰিশ্ৰম কৰি আছে, তেন্তে তেওঁ নিজৰ ফালৰ পৰাও কাম কৰিবলৈ চেষ্টা কৰা উচিত," তেওঁ কয়।

কাৰোবাৰ বিপদ হ'লে অভিভাৱকৰ দৰে কাষত থিয় হয় প্ৰধানমন্ত্ৰী মোদীঃ গিৰিৰাজ সিং

মই ব্যক্তিগতভাৱে তেওঁৰ প্ৰতি কৃতজ্ঞ। কেইবছৰমান আগতে মোক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। তেওঁ এই বিষয়ে জানিব পাৰিছিল। আৰু তেওঁ মোক কৈছিল যে, ৰাজনীতিবিদসকলৰ আটাইতকৈ বেয়া অভ্যাস টো হ'ল যে তেওঁলোকে তেওঁলোকৰ স্বাস্থ্যৰ বিষয়ে পাহৰি যায় আৰু আমি ইয়াক উপেক্ষা কৰা উচিত নহয়।" মন্ত্ৰীজনে লগতে কয়।

সিঙে বিৰোধীৰ প্ৰসংগতো মন্তব্য কৰেঃ

মন্ত্ৰীগৰাকীয়ে কয়, "মোদীক বিৰোধীয়ে দেশৰ ভিতৰে আৰু বাহিৰে ককৰ্থনা কৰে। যেতিয়া বিদেশী ৰাষ্ট্ৰপ্ৰধানসকলে ভাৰতৰ নেতৃত্বৰ প্ৰশংসা কৰে আনকি প্ৰধানমন্ত্ৰীয়ে প্ৰবাসী ভাৰতীয়সকলৰ পৰা পোৱা মৰম অতুলনীয়।" "মানুহে বিদেশত দেশক অপমান কৰিব পাৰে কিন্তু জো বিডেনে আজি কোভিড হেণ্ডলিংৰ বাবে ভাৰতৰ প্ৰশংসা কৰিছে।"

শেহতীয়া বাতৰি