সাধ্বী প্ৰজ্ঞা ঠাকুৰক সমৰ্থন প্ৰধানমন্ত্ৰী মোদীৰ, হিন্দু সভ্যতাক সন্ত্ৰাসবাদী আখ্যা দিয়াসকলক উত্তৰ!

মালেগাঁও বিস্ফোৰণৰ অভিযুক্ত আৰু জামিনত থাকি নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা মহা বিতৰ্কিত সাধ্বী প্ৰজ্ঞা ঠাকুৰক এইবাৰ স্বয়ং প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুকলি সমৰ্থন। ভূপালৰ পৰা সাধ্বী প্ৰজ্ঞা ঠাকুৰক প্ৰক্ষেপ কৰাটো হিন্দু সভ্যতাক যিসকল লোকে সন্ত্ৰাসবাদী আখ্যা দিছে তেওঁলোকৰ বাবে সাংকেতিক উত্তৰ আখ্যা নৰেন্দ্ৰ মোদীৰ। 

news18assam
Updated:April 21, 2019, 9:17 AM IST

Updated: April 21, 2019, 9:17 AM IST
মালেগাঁও বিস্ফোৰণৰ অভিযুক্ত আৰু জামিনত থাকি নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা মহা বিতৰ্কিত সাধ্বী প্ৰজ্ঞা ঠাকুৰক এইবাৰ স্বয়ং প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুকলি সমৰ্থন। ভূপালৰ পৰা সাধ্বী প্ৰজ্ঞা ঠাকুৰক প্ৰক্ষেপ কৰাটো হিন্দু সভ্যতাক যিসকল লোকে সন্ত্ৰাসবাদী আখ্যা দিছে তেওঁলোকৰ বাবে সাংকেতিক উত্তৰ আখ্যা নৰেন্দ্ৰ মোদীৰ।

শেহতীয়াকৈ ২৬/১১ৰ ছহীদ আইপিএছ বিষয়া হেমন্ত কাৰকাৰে সন্দৰ্ভত চৰম অপমানজনক মন্তব্য কৰি নিৰ্বাচন আয়োগৰ ৰোষত পৰি ক্ষমা খুজিবলৈ বাধ্য হৈছিল প্ৰজ্ঞা ঠাকুৰ।ক্ষমা খোজাৰ কাৰণ ব্যাখ্যা কৰি প্ৰজ্ঞা ঠাকুৰৰ মত তেওঁৰ মন্তব্যৰে যদি বিৰোধীৰ লাভ হোৱাটো কাম্য নহয়। দেশজুৰি তীব্ৰ বিতৰ্ক আৰু বিৰোধীৰ কঠোৰ সমালোচনাৰ পিছত প্ৰজ্ঞা ঠাকুৰে নিজৰ মন্তব্য প্ৰত্যাহাৰ কৰিলেও বিতৰ্ক এতিয়াও অৱসান ঘটা নাই আৰু নিৰ্বাচন আয়োগেও এই সন্দৰ্ভত ব্যৱস্থাৰ উদ্যোগ লৈছে। ইয়াৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰজ্ঞা ঠাকুৰৰ মুকলি সমৰ্থন কৰি দিয়া মন্তব্য পুনৰ বিৰোধীৰ আক্ৰমণ লক্ষ্য হৈ পৰিছে।

সংবাদমাধ্যমত দিয়া সাক্ষাৎকাৰ অনুসৰি ১৯৮৪ চনৰ শিখ বিৰোধী অভিযানৰ সময়ৰ প্ৰসংগ উত্থাপন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে যে,

"তেওঁৰ (ইন্দিৰা গান্ধী)ৰ পুত্ৰ ৰাজীৱ গান্ধীয়ে কৈছিল যে যেতিয়া ডাঙৰ গছ বাগৰি পৰে তেতিয়া পৃথিৱী কঁপেই। ইয়াৰ পিছতে দিল্লীত হাজাৰ হাজাৰ শিখক হত্যা কৰা হৈছিল। এয়া একাংশ লোকৰ সৈতে সন্ত্ৰাসবাদ নহয় নে কি?"

প্ৰধানমন্ত্ৰী গৰাকীয়ে লগতে প্ৰশ্ন কৰে যে সাধ্বী প্ৰজ্ঞা ঠাকুৰৰ প্ৰাৰ্থিত্বক লৈ প্ৰশ্ন কৰাসকলে কংগ্ৰেছ সভাপতি ৰাহুল গান্ধী আৰু তেওঁৰ মাতৃ ছোনীয়া গান্ধীক লৈ কিয় প্ৰশ্ন নকৰে যিহেতু তেওঁলোকেও জামিনত থাকি আমেঠি আৰু ৰায়বেৰেলীৰ পৰা প্ৰতিদ্বন্দিতা কৰিছে।

"আদালতে দোষী সাব্যস্ত কৰাসকলক মানুহে গৈ সাৱটি ধৰে, জেইলত লগ ধৰে, হাস্পতাললৈ নিয়াৰ পিছতো লগ ধৰে। তেওঁলোকে কি ক’ব? আমেঠি আৰু ৰায়বেৰেলীৰ পৰা যিকেইজনে জামিনত থাকি প্ৰতিদ্বন্দিতা কৰিছে তেওঁলোকক কিয় প্ৰশ্ন কৰা নহয়? মোদীয়ে কয়। প্ৰধানমন্ত্ৰীগৰাকীৰ মতে, "কিন্তু যেতিয়া ভূপালৰ বিজেপি প্ৰাৰ্থীগৰাকী জামিনত থাকে আৰু নিৰ্বাচনত উঠে এয়া অত্যন্ত ডাঙৰ বিষয় হৈ পৰে।"

মোদীয়ে দাবী কৰে যে, জেইলত যেতিয়া প্ৰজ্ঞা ঠাকুৰক অত্যাচাৰ কৰা হৈছিল তেতিয়া কোনেও টু শব্দ এটাও নকৰিলে। কংগ্ৰেছে এইক্ষেত্ৰত এক নিৰ্দিষ্ট পৰিকল্পনাৰে আগবঢ়াৰো অভিযোগ মোদীৰ। কংগ্ৰেছে এখন চিনেমাৰ চিত্ৰনাট্যত কাম কৰিছে বুলিও কটাক্ষ কৰে মোদীয়ে।
আৰু চাওক পৰৱৰ্তী বাতৰি