মাতৃভাষাৰ ঠাই হিন্দীয়ে ল’ব নোৱাৰে! অমিত শ্বাহৰ বিৰোধ বিজেপি মুখ্যমন্ত্ৰী য়েডুয়ুৰাপ্পাৰ

জাতীয়তাবাদৰ পৰিচয় দি নিজৰ দলৰ জ্যেষ্ঠ নেতাৰ মতৰ বিৰোধ কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ।

News18
Updated:September 17, 2019, 1:03 PM IST
মাতৃভাষাৰ ঠাই হিন্দীয়ে ল’ব নোৱাৰে! অমিত শ্বাহৰ বিৰোধ বিজেপি মুখ্যমন্ত্ৰী য়েডুয়ুৰাপ্পাৰ
ফাইল ফটোঃ অমিত শ্বাহ আৰু কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বি এছ য়েডিয়ুৰাপ্পা
News18
Updated: September 17, 2019, 1:03 PM IST
এক ভাষাৰে ৰাষ্ট্ৰৰ সংহতিৰ যুক্তি দিয়া বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ মন্তব্যক লৈ উত্তাল হৈ আছে দক্ষিণ ভাৰত। শাসক–বিৰোধী সকলোৱে হিন্দী বলৱতকৰণৰ বিৰুদ্ধে একেমুখে গৰজি উঠিছে। এইবাৰ অমিত শ্বাহৰ মন্তব্যৰ বিৰোধ কৰি এক দেশ–এক ভাষা নীতিৰ বিৰোধ কৰিছে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বি এছ য়েডুয়ুৰাপ্পাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ঘনিষ্ঠ বুলি পৰিচিত বি এছ য়েডুয়ুৰাপ্পাই মাতৃভাষা কানাড়াৰ গুৰুত্ব কোনো কাৰণতে কৰ্ণাটকত কমিব নোৱাৰিব বুলি স্পষ্টভাষাৰে উল্লেখ কৰিছে। তেওঁ কয়, কৰ্ণাটকৰ মুখ্য ভাষা কানাড়া, দেশৰ প্ৰতিটো স্বীকৃতিপ্ৰাপ্ত ভাষাৰ মৰ্যাদা সমান। কানাড়া সংস্কৃতি ৰক্ষাৰ কাৰণে তেওঁ সংকল্পবদ্ধ, এই কথাও কয়। কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ অফিচিয়েল টুইটাৰ একাউণ্টত জনোৱা হৈছে এই মত।



সকলো ৰাজনীতিৰ উৰ্ধত থকা দাক্ষিণাত্যৰ এই জাতীয়তাবাদ আমাৰ ইয়াতো কেতিয়াবা দেখিবলৈ পোৱা যাবনে? বৰ্তমান এই প্ৰশ্নই কৰিছে অসমীয়া ৰাইজে।
আৰু চাওক পৰৱৰ্তী বাতৰি