• Home
  • »
  • News
  • »
  • nation
  • »
  • Mann Ki Baat : চণ্ডীগড় বিমানবন্দৰৰ নামকৰণ হ’ব শ্বহীদ ভগত সিঙৰ নামেৰে, এই বিমানবন্দৰক লৈ আছিল দীৰ্ঘদিনীয়া বিবাদ

Mann Ki Baat : চণ্ডীগড় বিমানবন্দৰৰ নামকৰণ হ’ব শ্বহীদ ভগত সিঙৰ নামেৰে, এই বিমানবন্দৰক লৈ আছিল দীৰ্ঘদিনীয়া বিবাদ

২০০৭ চনত পঞ্জাৱ চৰকাৰে চণ্ডীগড় বিমানবন্দৰৰ নাম সলনি কৰি শ্বহীদ-ই-আজম ভগত সিং কৰাৰ কথা ঘোষণা কৰিছিল।

২০০৭ চনত পঞ্জাৱ চৰকাৰে চণ্ডীগড় বিমানবন্দৰৰ নাম সলনি কৰি শ্বহীদ-ই-আজম ভগত সিং কৰাৰ কথা ঘোষণা কৰিছিল।

২০০৭ চনত পঞ্জাৱ চৰকাৰে চণ্ডীগড় বিমানবন্দৰৰ নাম সলনি কৰি শ্বহীদ-ই-আজম ভগত সিং কৰাৰ কথা ঘোষণা কৰিছিল।

  • Share this:
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৯৩ সংখ্যক মন কী বাত অনুষ্ঠানত অংশগ্ৰহণ কৰে। মোদীয়ে এই অনুষ্ঠানতে চণ্ডীগড় আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নাম শ্বহীদ-ই-আজম ভগত সিঙৰ নামেৰে নামাকৰণ কৰাৰ কথা ঘোষণা কৰিছে।

দীৰ্ঘদিন ধৰি পঞ্জাৱ চৰকাৰে চণ্ডীগড় বিমানবন্দৰৰ নাম ভগত সিঙৰ নামেৰে ৰাখিবলৈ দাবী জনাই অহাৰ পৰিপ্ৰেক্ষিতত ২৮ ছেপ্টেম্বৰত উদযাপন হ’বলগীয়া ভগত সিঙৰ জন্মজয়ন্তীৰ পূৰ্বে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ঘোষণা কৰে।

উল্লেখ্য, এই বিমানবন্দৰৰ নামকৰণক লৈ পঞ্জাৱ আৰু হাৰিয়ানাৰ মাজত মতানৈক্যৰ সৃষ্টি হৈ আছে। ২০০৭ চনত ভগত সিঙৰ জন্ম শতবাৰ্ষিকী উপলক্ষে পঞ্জাৱ চৰকাৰে চণ্ডীগড় বিমানবন্দৰৰ নাম সলনি কৰি শ্বহীদ-ই-আজম ভগত সিং কৰাৰ কথা ঘোষণা কৰিছিল। আনহাতে হাৰিয়ানা চৰকাৰে এই বিমানবন্দৰটোৰ নাম মংগল সেনৰ নামেৰে ৰাখিব বিচাৰিছিল।  আদালতে দুয়োখন ৰাজ্য চৰকাৰক পাৰস্পৰিক সন্মতি সাপেক্ষে সমস্যাটো সমাধান কৰিবলৈ নিৰ্দেশ দিছিল। এই বিবাদ বহু দিন ধৰি চলি আছিল। আজি মন কী বাত অনুষ্ঠানৰ মাজেৰে প্ৰধানমন্ত্ৰী মোদীয়ে এই সন্দৰ্ভত সিদ্ধান্ত দিয়ে।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি