মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»দেশৰ ১.৫ কোটি কৰ্মচাৰীলৈ মোদী চৰকাৰৰ আকৰ্ষণীয় উপহাৰ! দুগুণ হাৰত বৃদ্ধি পাব DA

দেশৰ ১.৫ কোটি কৰ্মচাৰীলৈ মোদী চৰকাৰৰ আকৰ্ষণীয় উপহাৰ! দুগুণ হাৰত বৃদ্ধি পাব DA

News18 Assam | News18-Assam
Updated:May 22, 2021, 1:02 PM IST
দেশৰ ১.৫ কোটি কৰ্মচাৰীলৈ মোদী চৰকাৰৰ আকৰ্ষণীয় উপহাৰ! দুগুণ হাৰত বৃদ্ধি পাব DA
কেন্দ্ৰীয় চৰকাৰৰ অধীনষ্ঠ ১.৫ কোটিতকৈও অধিক কৰ্মচাৰীসকলৰ পৰিৱৰ্তনশীল ডিএ (Variable DA)প্ৰতি মাহে ১০৫ টকাৰ পৰা ২১০ টকালৈ বৃদ্ধি কৰিছে চৰকাৰে

কেন্দ্ৰীয় চৰকাৰৰ অধীনষ্ঠ ১.৫ কোটিতকৈও অধিক কৰ্মচাৰীসকলৰ পৰিৱৰ্তনশীল ডিএ (Variable DA)প্ৰতি মাহে ১০৫ টকাৰ পৰা ২১০ টকালৈ বৃদ্ধি কৰিছে চৰকাৰে

  • Share this:
কেন্দ্ৰীয় শ্ৰম আৰু নিযুক্তি মন্ত্ৰণালয়ে শুকুৰবাৰে কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ বাবে Variable DA বৃদ্ধিৰ কথা ঘোষণা কৰে। যিয়ে লাভান্বিত কৰিব কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ দেশৰ ১.৫ কোটিতকৈও অধিক কৰ্মচাৰীক। কোৰোণাকালীন সময়ৰ মাজতেই চৰকাৰে পূৰ্বতে কৰ্মচাৰীয়ে প্ৰতি মাহে লাভ কৰা পৰিৱৰ্তনশীল DA ১০৫ টকাৰ পৰা ২১০ টকালৈ বৃদ্ধি কৰে। চলিত বছৰৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ চৰকাৰে বৃদ্ধি কৰিছে এই পৰিৱৰ্তনশীল DA ।

ডিএ (Variable DA) বৃদ্ধিৰ লগে লগেই কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ ন্যূনতম দৰমহাও বৃদ্ধি পাব। ইয়াৰ ফলত ৰে'ল, খনন, তৈল ক্ষেত্ৰৰ লগতে অন্যান্য কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিষ্ঠানৰ কৰ্মচাৰীসকল বিশেষভাৱে লাভান্বিত হ'ব। ডিএৰ এই হাৰ চুক্তিবদ্ধ বা নৈমিত্তিক দুয়োধৰণৰ কৰ্মচাৰীৰ ক্ষেত্ৰতে সমানভাবেই প্ৰযোজ্য হ'ব।

এই সন্দৰ্ভত সংবাদ সংস্থা PTIৰ সৈতে বাৰ্তালাপ কৰি কেন্দ্ৰীয় মুখ্য শ্ৰম আয়ুক্ত (CLC) ডিপিএছ নেগীয়ে কয় যে, কেন্দ্ৰীয় চৰকাৰৰ অধীনত কাম কৰা কৰ্মচাৰীসকলৰ DA প্ৰতি মাহে ১০৫ টকাৰ পৰা ২১০ টকালৈ বৃদ্ধি কৰা হৈছে। এক বিবৃতি যোগে শ্ৰম মন্ত্ৰণালয়ে জাননী দিছে যে, পৰিৱৰ্তনশীল DAৰ এই সংশোধিত হাৰ চলিত বৰ্ষৰ ১ এপ্ৰিলৰ পৰাই কাৰ্যকৰী হ'ব।

ইপিনে শ্ৰম মন্ত্ৰণালয়ৰ মতে, "দেশে কোভিড-১৯ মহামাৰীৰ দ্বিতীয় ঢৌৰ সৈতে যুঁজি থকাৰ সময়তে কেন্দ্ৰীয় খণ্ডৰ বিভিন্ন বিভাগৰ কামত নিয়োজিত হৈ থকা বিভিন্ন শ্ৰেণীৰ শ্ৰমিকসকলক সকাহ দিয়াৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ভাৰত চৰকাৰে চলিত বছৰৰ ১ এপ্ৰিলৰ পৰাই এই পৰিৱৰ্তনশীল DA হাৰ সংশোধন কৰাৰ সিদ্ধান্ত লৈছে।"
Published by: Himangshu Bhuyan
First published: May 22, 2021, 1:02 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি