মোদী চৰকাৰৰ পৰিকল্পনা – আগন্তুক ৫ বছৰত ৰে’ল যাত্ৰীলৈ বিশেষ উপহাৰ

ৰে’ল মন্ত্ৰী পীয়ুষ গোৱেলে দায়িত্বভাৰ লোৱাৰ লগে লগেই আগন্তুক ৫ বছৰৰ বাবে আঁচনি যুগুত কৰিছে।

news18assam
Updated:June 2, 2019, 5:29 PM IST
মোদী চৰকাৰৰ পৰিকল্পনা – আগন্তুক ৫ বছৰত ৰে’ল যাত্ৰীলৈ বিশেষ উপহাৰ
ৰে’ল মন্ত্ৰী পীয়ুষ গোৱেলে দায়িত্বভাৰ লোৱাৰ লগে লগেই আগন্তুক ৫ বছৰৰ বাবে আঁচনি যুগুত কৰিছে।
news18assam
Updated: June 2, 2019, 5:29 PM IST
দ্বিতীয়টো কাৰ্যকালৰ আৰম্ভণিৰ লগে লগে মোদী সকলো বিভাগৰ দায়িত্ব প্ৰদান কৰিছে। মানৱ সংশাধন বিকাশ মন্ত্ৰণালয়ৰ ফালৰ পৰা শিক্ষা নীতিৰ খচৰা প্ৰস্তুত হোৱাৰ পিছত এতিয়া ৰে’ল মন্ত্ৰণালয়ে দাখিল কৰিছে আগন্তুক ৫ বছৰৰ ৰোডমেপ। ৰে’ল মন্ত্ৰী পীয়ুষ গোৱেলে দায়িত্বভাৰ লোৱাৰ লগে লগেই আগন্তুক ৫ বছৰৰ বাবে আঁচনি যুগুত কৰিছে। ইয়াৰ ভিতৰত যাত্ৰীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি দিল্লী–হাওৰা আৰু দিল্লী–মুম্বাই ৰে’লপথছোৱাক ছেমি হাইস্পীড কৰিড’ৰ, সকলো ৰে’লৱে ক্ৰ’ছিঙত আণ্ডাৰপাছ আৰু অ’ভাৰব্ৰীজ নিৰ্মাণৰ ওপৰত গুৰুত্ব প্ৰদান কৰাৰ কথা উল্লেখ কৰিছে।

এখন হিন্দী কাকতৰ খবৰ অনুসৰি, পীয়ুষ গোৱেলে পৰৱৰ্তী সপ্তাহত ৰে’ল বিভাগৰ ফালৰ পৰা প্ৰস্তুত কৰা ৰোডমেপৰ সমীক্ষাক লৈ অনুষ্ঠিত কৰিব এক বৈঠক। ৰে’ল মন্ত্ৰীৰ ফালৰ পৰা কোৱা হৈছে যে ৰোডমেপত যাত্ৰীৰ সুৰক্ষাত আটাইতকৈ গুৰুত্ব প্ৰদান কৰা হৈছে। ২০২২ চনলৈ ৰে’লৱে ক্ৰ’ছিঙৰ ওপৰত অ’ভাৰ ব্ৰীজ বা আণ্ডাৰপাছ নিৰ্মাণ কৰা হ’ব বুলি উল্লেখ কৰা হৈছে। ২০২৪লৈ দেশৰ সকলো ৰে’লৱে ক্ৰ’ছিঙৰ কাম সম্পূৰ্ণ কৰাৰো লক্ষ্য লৈছে চৰকাৰে।

ৰে’ল মন্ত্ৰী পীয়ুষ গোৱেলে কয় যে ৰে’ল দুৰ্ঘটনা সম্পূৰ্ণৰূপে ৰোধ কৰাৰ চেষ্টা চলাব চৰকাৰে। ইয়াৰ বাবে আগষ্ট মাহৰ পৰা আৰম্ভ কৰা হ’ব আৰু ১৮ মাহৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈছে। ইয়াৰ লগতে সকলো ডবা আৰু ষ্টেচনত ২০২০ চনৰ আগষ্ট মাহলৈ চিচিটিভি স্থাপনৰ কাম সম্পূৰ্ণ কৰা হ’ব। ৰে’ল বিভাগৰ ফালৰ পৰা লাভ কৰা তথ্য অনুসৰি ২০২০ চনৰ ডিচেম্বৰলৈ ১০০খন বন্দে ভাৰত এক্সপ্ৰেছৰ উৎপাদনৰ লক্ষ্য লোৱা হৈছে।
আৰু চাওক পৰৱৰ্তী বাতৰি