সুলভ মূল্যৰ দোকানত উপলব্ধ হ’ল খাদ্য সুৰক্ষা আৰু প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ চাউল

News18 Assam | News18-Assam
Updated:April 2, 2020, 10:24 PM IST
সুলভ মূল্যৰ দোকানত উপলব্ধ হ’ল খাদ্য সুৰক্ষা আৰু প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ চাউল
ৰাজ্যৰ খাদ্য অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে বৃহস্পতিবাৰৰ পৰা কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰিছে৷

ৰাজ্যৰ খাদ্য অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে বৃহস্পতিবাৰৰ পৰা কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰিছে৷

  • Share this:
দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমাজৰ দুখীয়া লোকৰ উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি তৎক্ষণিকভাৱে খাদ্য সুৰক্ষা আৰু প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ চাউল যোগান ধৰাৰ নিৰ্দেশ প্ৰদান কৰিছে৷ ৰাজ্যৰ খাদ্য অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে বৃহস্পতিবাৰৰ পৰা কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰিছে৷ সেয়ে দুয়োখন আঁচনিৰ অধীনৰ হিতাধিকাৰী লোকে স্থানীয় সুলভ মূল্যৰ দোকানৰ সৈতে যোগাযোগ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে৷ অৱশ্যে দেশত কোৰোণা ভাইৰাছৰ ব্যাপক সংক্ৰমণ ৰোধৰ প্ৰতি লক্ষ্য ৰাখি সুলভ মূল্যৰ দোকানীসকলে হিতাধিকাৰীৰ মাজত খাদ্য বিতৰণৰ সময়ত কেইটামান জৰুৰী নিৰ্দেশ মানি চলিবলৈ নিৰ্দেশনা জাৰি কৰিছে।

১. সুলভ মূল্যৰ দোকানৰ সন্মুখত হাত ধোৱা পানী আৰু চাবোন ৰখাটো বাধ্যতামূলক।

২. সামাজিক দূৰত্ব ১ মিটাৰ ব্যৱধান বজাই ৰাখি সামগ্ৰী বিতৰণ কৰিব পাৰিব৷ এই ক্ষেত্ৰত প্ৰতিষ্ঠানৰ সন্মুখত নিৰ্দিষ্ট ব্যৱধানত চিহ্ন অংকন কৰা নিৰ্দেশ, যিটো স্থানত শাৰী পাতি সংগ্ৰহ কৰিব পাৰিব সামগ্ৰী৷

৩. প্ৰত্যেকখন দোকানত  ২০/৩০ জন গ্ৰাহক এবাৰত শাৰী পাতিব পাৰিব৷ তাতকৈ অধিক লোক কোনো কাৰণতে সমবেত হ’ব নোৱাৰিব৷

৪. খাদ্য সুৰক্ষা আৰু প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা চাউল বিতৰণৰ সময়ত এপ্ৰিল, মে’, জুন মাহত কোনো মূল্য সংগ্ৰহ কৰিব নোৱাৰিব বুলি স্পষ্ট কৰি দিছে৷

কামৰূপ মহানগৰ জিলাৰ খাদ্য অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা শাখাই জানিবলৈ দিছে এই নীতি নিৰ্দেশ৷ অৱশ্যে এইক্ষেত্ৰত কোনো প্ৰতিষ্ঠানে যদি সামগ্ৰী লাভ কৰা নাই তেন্তে জিলা পৰিদৰ্শকৰ সৈতে যোগাযোগ কৰাৰ আহ্বান জনোৱা হৈছে।
Published by: Sanjay Kumar Das
First published: April 2, 2020, 10:17 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি