কেন্দ্ৰীয় চৰকাৰে ‘Wage Code Rule Draft’ জাৰি কৰিছে। এই খচৰাৰ ভিতৰত চৰকাৰী কাম–কাজৰ সময় সীমা ৯ ঘণ্টালৈ বৃদ্ধি কৰাৰ কথা উল্লেখ আছে বুলি জানিব পৰা গৈছে। কিন্তু চৰকাৰে এতিয়ালৈকে এই ক্ষেত্ৰত National Minimum Wage ৰ ঘোষণা কৰা নাই। এই খচৰাখনত চৰকাৰে বিশেষকৈ পুৰণি সূচনা সমূহকেই অন্তৰ্ভুক্ত কৰিছে, য’ত মজুৰি নিৰ্ণয় কৰিবলৈ সমগ্ৰ দেশক তিনিটা ভৌগোলিক বৰ্গৰে ভাগ কৰিছে।
উল্লেখযোগ্য যে, চৰকাৰৰ ফালৰ পৰা জাৰি কৰা খচৰাত নূন্যতম মজুৰি নিৰ্ধাৰণৰ বিষয়ে সুস্পষ্ট নিৰ্দেশনা দিয়া হোৱা নাই। সেইদৰে বৰ্তমান চলি থকা ৮ ঘণ্টাৰ ডিউটীৰ সময়কলৈও খচৰাত নাই স্পষ্ট নিৰ্দেশনা।