মোদী চৰকাৰৰ বিশেষ আঁচনি, ব্যৱসায়ৰ বাবে চৰকাৰে দিব ১০ লাখ পৰ্যন্ত ঋণ

News18-Assam
Updated:May 29, 2019, 11:03 AM IST
মোদী চৰকাৰৰ বিশেষ আঁচনি, ব্যৱসায়ৰ বাবে চৰকাৰে দিব ১০ লাখ পৰ্যন্ত ঋণ
এই আঁচনিৰ জৰিয়তে ব্যৱসায় আৰম্ভ কৰিবলৈ আপুনি ল’ব পাৰে ঋণ। এই ঋণৰ বাবে নালাগে কোনো গ্যাৰাণ্টি।

এই আঁচনিৰ জৰিয়তে ব্যৱসায় আৰম্ভ কৰিবলৈ আপুনি ল’ব পাৰে ঋণ। এই ঋণৰ বাবে নালাগে কোনো গ্যাৰাণ্টি।

  • Share this:
যদি আপুনি নতুন ব্যৱসায় আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে আৰু তাৰ বাবে ঋণ বিচাৰি হাবাথুৰি খাইছে, তেন্তে আপোনাৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে আগবঢ়াইছে বিশেষ উপহাৰ। চৰকাৰে ক্ষুদ্ৰ উদ্যোগীসকলক ঋণ প্ৰদানৰ উদ্দেশ্যে প্ৰস্তুত কৰিছে মুদ্ৰা যোজনা। এই আঁচনিৰ জৰিয়তে ব্যৱসায় আৰম্ভ কৰিবলৈ আপুনি ল’ব পাৰে ঋণ। এই ঋণৰ বাবে নালাগে কোনো গ্যাৰাণ্টি।

কোনে আৰু কেনেদৰে পাব এই ঋণ?

কি এই মুদ্ৰা যোজনা?

২০১৫ চনৰ এপ্ৰিলত আৰম্ভ কৰা হৈছিল এই আঁচনি। সহজতে ঋণ উপলব্ধ কৰোৱাই এই আঁচনিৰ মূল উদ্দেশ্য। লগতে অধিক উদ্যোগৰ দ্বাৰা সৃষ্টি হ’ব কৰ্মসংস্থাপন। মুদ্ৰা যোজনাৰ পূৰ্বে ক্ষুদ্ৰ ব্যৱসায়ীসকলে বেংকৰ পৰা ঋণ ল’বলৈ বহুতো আনুষ্ঠানিকতা পূৰণ কৰিব লাগিছিল। ফলত বহু লোকে উদ্যোগ আৰম্ভ কৰিব বিচাৰিও বেংকৰ পৰা ঋণ নাপাই হতাশ হৈছিল। প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ সম্পূৰ্ণ নাম মাইক্ৰ’ ইউনিট ডেভেল’পমেণ্ট ৰিফাইনেন্স এজেন্সী।

কোনে লাভ কৰিব এই সুবিধা?
যিকোনো লোকেই নিজৰ ব্যৱসায় আৰম্ভ কৰিবলৈ এই ঋণ ল’ব পাৰে। যদি আপুনি আপোনাৰ চলি থকা ব্যৱসায় অধিক আগবঢ়াব বিচাৰে আৰু তাৰ বাবে টকাৰ প্ৰয়োজন, তেন্তে আপুনি প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ জৰিয়তে ১০ লাখ টকাপৰ্যন্ত ঋণৰ বাবে আবেদন কৰিব পাৰে।

এই ঋণৰ বাবে নালাগে গ্যেৰাণ্টি

মুদ্ৰা যোজনাৰ জৰিয়তে আপুনি গ্যেৰাণ্টি নোহোৱাকৈয়ে লাভ কৰিব ঋণ। ইয়াৰ উপৰি ঋণ লাভৰ বাবে আপুনি দিব নালাগে কোনো প্ৰছেছিং চাৰ্জ। মুদ্ৰা যোজনাৰ ঋণ পৰিশোধ কৰাৰ সময় ৫ বছৰলৈ বৃদ্ধি কৰিব পাৰে। ঋণ লোৱা লোকে পাব এখন মুদ্ৰা কাৰ্ড, যাৰ সহায়ত ব্যৱসায়ীয়ে প্ৰয়োজনত খৰচ কৰিব পাৰিব।

কিমান টকা পাব ঋণ?
মুদ্ৰা আঁচনিৰ জৰিয়তে তিনিধৰণৰ ঋণ পোৱা যায়। শিশু ঋণৰ জৰিয়তে ৫০ হাজাৰ টকাপৰ্যন্ত ঋণ দিয়া হয়। কিশোৰ ঋণৰ জৰিয়তে লাভ কৰিব পাৰি ৫০ হাজাৰৰ পৰা ৫ লাখ টকাপৰ্যন্ত ঋণ। আনহাতে তৰুণ ঋণৰ সহায়ত আপুনি লাভ কৰিব ৫ৰ পৰা ১০ লাখপৰ্যন্ত ঋণ।

সুদৰ হাৰ কিমান?
প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাত ঋণৰ বাবে কোনো নিৰ্ধাৰিত সুদৰ হাৰ নাই। বিভিন্ন বেংকে মুদ্ৰা ঋণৰ বাবে পৃথক পৃথক সুদ নিৰ্ধাৰণ কৰে। ঋণ লোৱা লোকজনৰ ব্যৱসায়ৰ প্ৰকৃতিৰ ওপৰত ভিত্তি কৰি নিৰ্ধাৰণ কৰা হয় সুদৰ হাৰ। সাধাৰণতে ন্যূনতম সুদ ১২ শতাংশ।
First published: May 29, 2019, 11:03 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading