গাড়ী চালকৰ সুৰক্ষাৰ বাবে মোদী চৰকাৰৰ নতুন পৰিকল্পনা

গাড়ী চালনাৰ প্ৰশিক্ষণৰ বাবে দেশজুৰি ৮৫০টা ড্ৰাইভিং ট্ৰেইনিং চেণ্টাৰ খোলা হ’ব।

News18-Assam
Updated:July 9, 2019, 10:24 AM IST
গাড়ী চালকৰ সুৰক্ষাৰ বাবে মোদী চৰকাৰৰ নতুন পৰিকল্পনা
গাড়ী চালনাৰ প্ৰশিক্ষণৰ বাবে দেশজুৰি ৮৫০টা ড্ৰাইভিং ট্ৰেইনিং চেণ্টাৰ খোলা হ’ব।
News18-Assam
Updated: July 9, 2019, 10:24 AM IST
দেশত দিনক–দিনে বৃদ্ধি পাইছে পথ দুৰ্ঘটনাৰ সংখ্যা। সেয়েহে পথ দুৰ্ঘটনা হ্ৰাস কৰিবলৈ মোদী চৰকাৰে লৈছে বিশেষ পৰিকল্পনা। পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে বৰ্ধিত পথ দুৰ্ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰি নতুন পৰিকল্পনাৰ কথা উল্লেখ কৰিছে। গাডকাৰীয়ে কয় যে পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে গাড়ীৰ টায়াৰ নিৰ্মাণত ৰবৰৰ লগতে ছিলিকন মিহলি কৰাৰ লগতে টায়াৰত নাইট্ৰ’জেন গেছ ভৰোৱাটো নিশ্চিত কৰা প্ৰয়োজন হৈ পৰিছে। ইয়াৰ যোগেদি টায়াৰ ঠাণ্ডা হৈ থাকিব আৰু ফাটি যোৱাৰ সম্ভাৱনা কম থাকে।

গাড়ীৰ টায়াৰত নাইট্ৰ’জেন গেছ ভৰোৱাটো শীঘ্ৰে বাধ্যতামূলক কৰাৰ সম্ভাৱনা আছে। এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে এখন পলিচী অনাক লৈ চিন্তা–চৰ্চা কৰিছে।

নাইট্ৰ’জেন গেছে গৰমত টায়াৰ ঠাণ্ডা কৰি ৰাখে আৰু টায়াৰৰ চাপ সঠিক কৰি ৰাখে। সেইবাবেই ফৰ্মূলা ৱান ৰেচিং কাৰৰ টায়াৰত কেৱল নাইট্ৰ’জেন গেছ ভৰোৱা হয়।

গাডকাৰীয়ে কয় যে প্ৰতি বছৰে পথ দুৰ্ঘটনাত প্ৰায় ডেৰ লাখ লোকৰ মৃত্যু হয়। চৰকাৰে এই বিষয়টোক গুৰুত্ব সহকাৰে লৈছে আৰু দুৰ্ঘটনা ৰোধৰ বাবে নতুন আইন আনিব বিচাৰে। কিন্তু এই সম্বন্ধীয় বিধেয়ক এবছৰ ধৰি সদনত পৰি আছে। সেয়েহে এই বিধেয়কখন শীঘ্ৰে গৃহীত কৰাৰ বাবে অনুৰোধ জনায় গাডকাৰীয়ে। আনহাতে, গাড়ী চালনাৰ প্ৰশিক্ষণৰ বাবে দেশজুৰি ৮৫০টা ড্ৰাইভিং ট্ৰেইনিং চেণ্টাৰ খোলা হ’ব।
আৰু চাওক পৰৱৰ্তী বাতৰি