உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • LPG cylinder: এলপিজি ৰাজসাহায্যক লৈ কেন্দ্ৰীয় চৰকাৰৰ নতুন পৰিকল্পনা, এতিয়া কাৰ একাউণ্টত পাব টকা?

    LPG cylinder: এলপিজি ৰাজসাহায্যক লৈ কেন্দ্ৰীয় চৰকাৰৰ নতুন পৰিকল্পনা, এতিয়া কাৰ একাউণ্টত পাব টকা?

    LPG cylinder: চৰকাৰৰ এক আভ্যন্তৰীণ মূল্যায়ন (Internal Assessment)ৰ মতে গ্ৰাহকসকলে এতিয়াৰ পৰা এলপিজি প্ৰতিটো চিলিণ্ডাৰত ১০০০ টকা পৰিশোধ কৰিব লাগিব পাৰে।

    LPG cylinder: চৰকাৰৰ এক আভ্যন্তৰীণ মূল্যায়ন (Internal Assessment)ৰ মতে গ্ৰাহকসকলে এতিয়াৰ পৰা এলপিজি প্ৰতিটো চিলিণ্ডাৰত ১০০০ টকা পৰিশোধ কৰিব লাগিব পাৰে।

    LPG cylinder: চৰকাৰৰ এক আভ্যন্তৰীণ মূল্যায়ন (Internal Assessment)ৰ মতে গ্ৰাহকসকলে এতিয়াৰ পৰা এলপিজি প্ৰতিটো চিলিণ্ডাৰত ১০০০ টকা পৰিশোধ কৰিব লাগিব পাৰে।

    • Share this:
    এলপিজি চিলিণ্ডাৰৰ ৰাজসাহায্য (LPG cylinder Subsidy) সম্পৰ্কে ডাঙৰ খবৰ পোহৰলৈ আহিছে। চৰকাৰৰ এক আভ্যন্তৰীণ মূল্যায়ন (Internal Assessment)ৰ মতে গ্ৰাহকসকলে এতিয়াৰ পৰা এলপিজি প্ৰতিটো চিলিণ্ডাৰত ১০০০ টকা পৰিশোধ কৰিব লাগিব পাৰে। অৱশ্যে, চৰকাৰে এই সন্দৰ্ভত কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া এতিয়াও সম্পূৰ্ণৰূপে স্পষ্ট হোৱা নাই।

    সংবাদ মাধ্যমৰ বাতৰি অনুসৰি চৰকাৰে ৰাজসাহায্যৰ বিষয়টো কেইবাবাৰো আলোচনা কৰিছে কিন্তু এতিয়ালৈকে কোনো পৰিকল্পনা প্ৰস্তুত কৰা নাই। বাতৰি মতে চৰকাৰৰ ওচৰত দুটা বিকল্প আছে। প্ৰথমটো হ'ল ৰাজসাহায্য অবিহনে চিলিণ্ডাৰ যোগান ধৰা আৰু দ্বিতীয়তে কিছুমান গ্ৰাহকক ৰাজসাহায্যৰ সুবিধা প্ৰদান কৰা।

    ৰাজসাহায্য দিয়াৰ বিষয়ে চৰকাৰে স্পষ্টভাৱে একো কোৱা নাই। বাতৰি অনুসৰি, এতিয়ালৈকে ১০ লাখ টকাৰ উপাৰ্জন নিয়ম বলৱৎ ৰখা হ'ব আৰু উজ্জ্বলা যোজনাৰ (Ujjwala Scheme) হিতাধিকাৰীসকলে ৰাজসাহায্যৰ সুবিধা লাভ কৰিব। বাকীবোৰৰ বাবে ৰাজসাহায্য অচিৰেই শেষ হ'ব পাৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৬ চনত বিপিএল পৰিয়ালসমূহক এলপিজি সংযোগ (LPG connection) প্ৰদান কৰাৰ বাবে উজ্জ্বলা আঁচনিখন আৰম্ভ কৰিছিল। উজ্জ্বলা আঁচনিৰ অধীনত প্ৰায় ৮.৮ কোটি এলপিজি সংযোগৰ সৈতে ভাৰতৰ ২১ কোটিৰো অধিক লোকৰ এলপিজি সংযোগ আছে। বিত্তীয় বৰ্ষ 22-ত, চৰকাৰে আঁচনিখনৰ অধীনত আৰু এক কোটি এলপিজি সংযোগ যোগ কৰাৰ পৰিকল্পনা কৰিছে।

    ২০২০ চনত  যেতিয়া কৰোনোভাইৰাছ মহামাৰীৰ বাবে বিশ্বব্যাপী লকডাউন আৰোপ কৰা হৈছিল খাৰুৱা তেলৰ মূল্য হ্ৰাস পাইছিল। ই ভাৰত চৰকাৰক এলপিজি ৰাজসাহায্য (LPG Subsidy) ক্ষেত্ৰত সহায় কৰিছিল কিয়নো মূল্য কম আছিল আৰু ৰাজসাহায্য সলনি কৰাৰ কোনো প্ৰয়োজন নাছিল। মে' 2020ৰ পৰা এলপিজি ৰাজসাহায্য বহুতো ক্ষেত্ৰত বন্ধ হৈ আছে, কেৱল যিবোৰ দূৰৱৰ্তী আৰু এলপিজি প্লাণ্টৰ পৰা বহু দূৰত তেনে কিছুমান সংযোগৰ বাহিৰে ।
    Published by:Manjumoni Borah
    First published: