বিমুদ্ৰাকৰণৰ দৰেই আন ডাঙৰ সিদ্ধান্ত ল’বলৈ গৈ আছে মোদী চৰকাৰ! জানি লওক আপুনিও
News18-Assam Updated:October 30, 2019, 1:17 PM IST

অক্টোবৰৰ দ্বিতীয় সপ্তাহতে কেবিনেটত ইয়াক লৈ আলোচনা হোৱাৰ কথা আছিল। মহাৰাষ্ট্ৰ আৰু হাৰিয়ানাৰ বিধানসভা নিৰ্বাচনৰ বাবে এই আলোচনা স্থগিত ৰখা হৈছিল।
অক্টোবৰৰ দ্বিতীয় সপ্তাহতে কেবিনেটত ইয়াক লৈ আলোচনা হোৱাৰ কথা আছিল। মহাৰাষ্ট্ৰ আৰু হাৰিয়ানাৰ বিধানসভা নিৰ্বাচনৰ বাবে এই আলোচনা স্থগিত ৰখা হৈছিল।
- News18 Assam
- Last Updated: October 30, 2019, 1:17 PM IST
সূত্ৰ অনুসৰি, এই এমনেষ্টী স্কীমৰ আধাৰত সোণৰ মূল্য নিৰ্ধাৰণ কৰাৰ বাবে ভেলুৱেশ্যন চেণ্টাৰৰ পৰা চাৰ্টিফিকেট ল’ব লাগিব। ৰছিদবিহীন যিমান সোণ থাকিব তাৰ ওপৰত এক নিৰ্ধাৰিত মাত্ৰাত কৰ দিব লাগিব। এই আঁচনি এক বিশেষ সময়সীমাৰ বাবেহে খোলা হ’ব। আঁচনি শেষ হোৱাৰ পিছত নিৰ্ধাৰিত মাত্ৰাৰ অধিক সোণ পালে ভৰিব লাগিব বুজন পৰিমাণৰ জৰিমনা। মন্দিৰ আৰু ন্যাসৰ ওচৰত থকা সোণ উৎপাদনশীল বিনিয়োগৰূপে ব্যৱহাৰ কৰাৰ বিশেষ ব্যৱস্থা লোৱাৰ সম্ভাৱনা আছে।
জানিব পৰা মতে, এমনেষ্টী স্কীমৰ লগে লগে সোণক সম্পত্তি হিচাপে ঘোষণাৰো সম্ভাৱনা আছে। বিত্ত মন্ত্ৰণালয়ে অৰ্থনৈতিক পৰিক্ৰমা বিভাগ আৰু ৰাজহ বিভাগৰ সৈতে মিলি এই আঁচনিৰ খচৰা প্ৰস্তুত কৰা বুলি সূত্ৰত প্ৰকাশ। বিত্ত মন্ত্ৰণালয়ে নিজৰ প্ৰস্তাৱ কেবিনেটলৈ প্ৰেৰণ কৰিছে। শীঘ্ৰে কেবিনেটে এই আঁচনিত অনুমোদন জনোৱাৰ সম্ভাৱনা আছে। অক্টোবৰৰ দ্বিতীয় সপ্তাহতে কেবিনেটত ইয়াক লৈ আলোচনা হোৱাৰ কথা আছিল। মহাৰাষ্ট্ৰ আৰু হাৰিয়ানাৰ বিধানসভা নিৰ্বাচনৰ বাবে এই আলোচনা স্থগিত ৰখা হৈছিল।
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube , Facebook আৰু Twitter ত আমাক ফল’ কৰক।