নতুন বছৰত চৰকাৰী কৰ্মচাৰীলৈ ভাল খবৰ! ১০ হাজাৰ পৰ্যন্ত বাঢ়িব পাৰে দৰমহা

News18 Assam | News18-Assam
Updated:December 30, 2019, 11:05 AM IST
নতুন বছৰত চৰকাৰী কৰ্মচাৰীলৈ ভাল খবৰ! ১০ হাজাৰ পৰ্যন্ত বাঢ়িব পাৰে দৰমহা
এই সিদ্ধান্তৰ দ্বাৰা ৫০ লাখ চৰকাৰী কৰ্মচাৰীৰ লগতে ৬২ লাখ পেঞ্চনধাৰী লাভান্বিত হ’ব।

এই সিদ্ধান্তৰ দ্বাৰা ৫০ লাখ চৰকাৰী কৰ্মচাৰীৰ লগতে ৬২ লাখ পেঞ্চনধাৰী লাভান্বিত হ’ব।

  • News18 Assam
  • Last Updated: December 30, 2019, 11:05 AM IST
  • Share this:
নতুন বছৰটোৱে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকললৈ লৈ আহিব পাৰে ভাল খবৰ। কিয়নো নতুন বছৰত মোদী চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলৰ Dearness Allowance বৃদ্ধি কৰিব পাৰ। DA বৃদ্ধি পালে চৰকাৰী কৰ্মচাৰীৰ দৰমহা প্ৰতিমাহত ১০ হাজাৰ পৰ্যন্ত বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। এই সিদ্ধান্তৰ দ্বাৰা ৫০ লাখ চৰকাৰী কৰ্মচাৰীৰ লগতে ৬২ লাখ পেঞ্চনধাৰী লাভান্বিত হ’ব।

‘জী বিজনেছ’ত প্ৰকাশিত খবৰ অনুসৰি, কেন্দ্ৰীয় চৰকাৰে জানুৱাৰী–জুন ২০২০ৰ বাবে কেন্দ্ৰীয় কৰ্মচাৰীৰ DA ৪ শতাংশ বৃদ্ধি কৰাৰ সম্ভাৱনা আছে। যদিহে এয়া হয় তেন্তে চৰকাৰী কৰ্মচাৰীৰ দৰমহা ৭২০ টকাৰ পৰা ১০ হাজাৰ পৰ্যন্ত বৃদ্ধি পাব। বৰ্তমান সময়ত কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলে ১৭ শতাংশ DA লাভ কৰে। যদি মোদী চৰকাৰে ৪ শতাংশ বৃদ্ধি কৰে তেন্তে এয়া হ’বগৈ ২১ শতাংশ।


NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক
পৰৱৰ্তী বাতৰি