OBC সকলৰ বাবে বিশেষ সুবিধা, কেন্দ্ৰীয় চৰকাৰে লৈছে ডাঙৰ সিদ্ধান্ত

News18 Assam | News18-Assam
Updated:February 5, 2020, 1:16 PM IST
OBC সকলৰ বাবে বিশেষ সুবিধা, কেন্দ্ৰীয় চৰকাৰে লৈছে ডাঙৰ সিদ্ধান্ত
Source-Google

দাখিল কৰা বিত্তীয় বাজেটে আনিছে অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে ভাল খবৰ

  • Share this:
দেশৰ অন্যান্য পিছপৰা শ্ৰেণীৰ লোকসকলৰ বাবে ভাল খবৰ কঢ়িয়াই আনিছে কেন্দ্ৰীয় চৰকাৰে। ইতিমধ্যে দাখিল কৰা মোদী চৰকাৰৰ প্ৰধমখন পূৰ্ণাংগ বিত্তীয় বাজেটত OBC সকলৰ বাবে লোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

চৰকাৰী চাকৰিত OBC সকলৰ বাবে আসন বৃদ্ধিৰো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ২০১২ ৰ তুলনাত এতিয়া চৰকাৰী চাকৰিত OBC লোকৰ সংখ্যা বাঢ়িছে যদিও এই হাৰ আৰু বঢ়োৱাত এতিয়া চিন্তা চৰ্চা কৰিছে কেন্দ্ৰীয় চৰকাৰে।

উল্লেখযোগ্য যে, ভাৰতবৰ্ষৰ মুঠ জনসংখ্যাৰ প্ৰায় ৫২ শতাংশ লোক অন্যান্য পিছপৰা শ্ৰেণীৰ অন্তৰ্গত। কিন্তু চৰকাৰী চাকৰিত প্ৰতিনিধিত্ব কৰিব পৰা নাই এই হাৰৰ আধা সংখ্যক লোকেও। এই সংখ্যা লোকসেৱা আয়োগ, নিৰ্বাচন আয়োগকে ধৰি দেশৰ ৭৮ টা মন্ত্ৰণালয় আৰু বিভাগবোৰৰ লগত জড়িত কাৰ্যালয়ত কাম কৰা কৰ্মচাৰী সকলক লৈ নিৰ্ধাৰণ কৰা হয়।
আৰু চাওক
পৰৱৰ্তী বাতৰি