উত্‍সৱৰ বতৰত মোদী চৰকাৰে দিব বৃহত্‍ সকাহ, নিবনুৱাক সংস্থাপনৰ লগতে অন্যান্য বহু দিশ সামৰি ঘোষণা কৰিব সৰ্ববৃহত্‍ পেকেজ

News18 Assam | News18-Assam
Updated:September 25, 2020, 7:04 PM IST
উত্‍সৱৰ বতৰত মোদী চৰকাৰে দিব বৃহত্‍ সকাহ, নিবনুৱাক সংস্থাপনৰ লগতে অন্যান্য বহু দিশ সামৰি ঘোষণা কৰিব সৰ্ববৃহত্‍ পেকেজ
Source-Google

দেশৰ বিত্তীয় অৱস্থা সুস্থিৰ কৰি তুলিবলৈ কেন্দ্ৰীয় চৰকাৰে ‘Fiscal Stimulus Package’ ঘোষণা কৰিবলৈ আগবাঢ়িছে। মোদী চৰকাৰৰ এই পেকেজৰ ঘোষণা আগন্তুক উত্‍সৱৰ বতৰৰ পূৰ্বেই কৰিব।

  • News18 Assam
  • Last Updated: September 25, 2020, 7:04 PM IST
  • Share this:
কোৰোণা ভাইৰাছৰ সংহাৰ অব্যাহত আছে সৰ্বত্ৰ। ল’ক ডাউন, কোৰোণা ভাইৰাছৰ ফলত ক্ষতিগ্ৰস্ত হ’ল দেশৰ অৰ্থনীতি। প্ৰায় মন্দাৱস্থালৈ গতি কৰিলে দেশৰ অৰ্থনীতিয়ে। কৰ্মসংস্থাপন হেৰুৱালে বহুলোকে। অৰ্থনীতি পুনৰুদ্ধাৰ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে আত্মনিৰ্ভৰ ভাৰত পেকেজৰ পৰা প্ৰধানমন্ত্ৰী গৰীব কল্যান পেকেজলৈকে ঘোষণা কৰিলে। তথাপিও কিন্তু সুস্থিৰ কৰিব পৰা নাই দেশৰ অৰ্থনীতি। ফলত বিত্তীয় অৱস্থা শক্তিশালী কৰিবলৈ  ‘Fiscal Stimulus Package’ নামেৰে সৰ্ববৃহত্‍ আঁচনি ঘোষণা কৰিবলৈ আগবাঢ়িছে কেন্দ্ৰীয় চৰকাৰ।

মোদী চৰকাৰে এই Fiscal Stimulus Packageৰ ঘোষণা উত্‍সৱৰ বতৰ আৰম্ভ হোৱাৰ পূৰ্বেই কৰিব। ইয়াৰ লগত জড়িত বিষয়াই মাণী কণ্ট্ৰ’লক জনোৱা মতে, কেন্দ্ৰীয় চৰকাৰে প্ৰায় ৩৫,০০০ হাজাৰ কোটি টকাৰ পেকেজ ঘোষণা কৰাৰ সম্ভাৱনা আছে। ইয়াত প্ৰধানতঃ চহৰ আৰু গ্ৰামাঞ্চলত নিবনুৱাক সংস্থাপনক ফ’কাচ কৰা হ’ব।



এই সমূহ দিশত দিব বিশেষ গুৰুত্বঃ

৩৫,০০০ কোটি টকাৰ এই Fiscal Stimulus Packageত আৰ্বান জ’ব স্কীম, ৰোৰেল জব, বহল পৰিসৰত ইনফ্ৰাচট্ৰাকচাৰ প্ৰজেক্ট, কৃষকৰ বাবে বিশেষ আঁচনি লোৱা হ’ব। চৰকাৰে চলিত বৰ্ষত কমেও ২৫টা ডাঙৰ প্ৰজেক্টৰ কাম সম্পূৰ্ণ কৰিব বিচাৰিছে। যাতে অধিক লোকে কৰ্মসংস্থাপন লাভ কৰিব পাৰে। এই পেকেজ দশেৰাৰ পূৰ্বেই ঘোষণা কৰিব পাৰে।
Published by: Himangshu Bhuyan
First published: September 25, 2020, 7:02 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading