মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»১৯টা ৰাজহুৱা খণ্ডৰ কোম্পানী বন্ধ কৰাৰ নিৰ্দেশ মোদী চৰকাৰৰ

১৯টা ৰাজহুৱা খণ্ডৰ কোম্পানী বন্ধ কৰাৰ নিৰ্দেশ মোদী চৰকাৰৰ

News18-Assam
Updated:June 26, 2019, 12:47 PM IST
১৯টা ৰাজহুৱা খণ্ডৰ কোম্পানী বন্ধ কৰাৰ নিৰ্দেশ মোদী চৰকাৰৰ
মঙলবাৰে লোকসভাত কংগ্ৰেছ সাংসদ অদুৰ প্ৰকাশৰ উত্তৰত মোদী চৰকাৰে প্ৰকাশ কৰে এই তথ্য।

মঙলবাৰে লোকসভাত কংগ্ৰেছ সাংসদ অদুৰ প্ৰকাশৰ উত্তৰত মোদী চৰকাৰে প্ৰকাশ কৰে এই তথ্য।

  • Share this:
কেন্দ্ৰীয় চৰকাৰে লোকচানত চলি থকা দেশৰ ১৯টা চৰকাৰী কোম্পানী বন্ধ কৰাৰ নিৰ্দেশ দিছে। ইয়াৰ ভিতৰত HMT, হিন্দুস্তান কেবল্ছ আৰু ইণ্ডিয়ান ড্ৰাগছৰ দৰে বৃহৎ কোম্পানীও আছে। মঙলবাৰে লোকসভাত কংগ্ৰেছ সাংসদ অদুৰ প্ৰকাশৰ উত্তৰত মোদী চৰকাৰে প্ৰকাশ কৰে এই তথ্য। কংগ্ৰেছ সাংসদ অদুৰ প্ৰকাশে গুৰু উদ্যোগ বিভাগৰ পৰা ৰাজহুৱা খণ্ডৰ কোম্পানীৰ ৰিপ’ৰ্ট বিচাৰে। অদুৰ প্ৰকাশে চৰকাৰক প্ৰশ্ন কৰে যে চৰকাৰে লোকচানত চলি থকা ৰাজহুৱা খণ্ডৰ কোম্পানীসমূহ বন্ধ কৰিব নে ব্যক্তিগতকৰণক লৈ চিন্তা–চৰ্চা কৰিছে? এই প্ৰশ্নৰ উত্তৰত গুৰু উদ্যোগ মন্ত্ৰী অৰবিন্দ গণপত সাৱন্তে পৃথক পৃথক বিভাগৰ লোকচানত চলি থকা কোম্পানীৰ বিষয়ে তথ্য প্ৰকাশ কৰে। লগতে তেওঁ বন্ধ কৰিবলগীয়া ১৯টা ৰাজহুৱা খণ্ডৰ কোম্পানীৰ তালিকা প্ৰকাশ কৰে।

মন্ত্ৰণালয়ৰ ফালৰ পৰা প্ৰকাশ কৰা তথ্য মতে, বন্ধ কৰিবলগীয়া কোম্পানীসমূহ হৈছে, তুংগভদ্ৰা ষ্টীল প্ৰডাক্টছ লিমিটেড, HMT ৱাচেজ লিমিটেড, HMT চিনাৰ ৱাচেজ লিমিটেড, HMT বিয়াৰিংছ লিমিটেড, হিন্দুস্তান কেবল্ছ লিমিটেড, HMT লিমিটেডৰ ট্ৰেক্টৰ ইউনিট আৰু ইনষ্ট্ৰুমেণ্টেচন লিমিটেডৰ কোটা ইউনিট, কেন্দ্ৰীয় অন্তৰ্দেশীয় জল পৰিবহণ নিগম লিমিটেড, ইণ্ডিয়ান ড্ৰাগছ আৰু ৰাজস্থান ড্ৰাগছ এণ্ড ফাৰ্মাচিউটিকেল লিমিটেড, IOCL - ক্ৰেডা।

বায়’ফিউল্ছ লিমিটেড, ক্ৰেডা HPCL বায়’ফিউল্ছ লিমিটেড, আন্দামান আৰু নিকোবৰ দ্বীপ বন আৰু বৃক্ষৰোপণ বিকাশ নিগম লিমিটেড, ভাৰত ৱেগন এণ্ড ইঞ্জিনিয়াৰিং কোম্পানী লিমিটেড, বাৰ্ণ ষ্টেণ্ডাৰ্ড কোম্পানী লিমিটেড, চিএনএ/এন২ অ’ ৪ প্লাণ্টক বাদ দি হিন্দুস্তান অৰ্গেনিক কেমিকেল্ছ লিমিটেডৰ ৰাসায়নিক ইউনিটৰ সকলো প্লাণ্টৰ কাম–কাজ বন্ধ কৰা, নেচনেল জুট মেনুফেকচাৰ্ছ কৰ্প’ৰেচন লিমিটেড, বাৰ্ডছ জুট এণ্ড এক্সপ’ৰ্ট লিমিটেড আৰু এছটিচিএল লিমিটেডক বন্ধ কৰাৰ বাবে মঞ্জুৰি দিয়া হৈছে।
First published: June 26, 2019, 12:47 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি