মোদী কেবিনেটে দিছে সুখবৰ! ৰেলৱে কৰ্মচাৰীয়ে পাব ৭৮দিনৰ বোনাচ

ভাৰতত নিষিদ্ধ ই–চিগাৰেট, এই সিদ্ধান্তও কেবিনেটে গ্ৰহণ কৰে।

News18
Updated:September 18, 2019, 5:08 PM IST
মোদী কেবিনেটে দিছে সুখবৰ! ৰেলৱে কৰ্মচাৰীয়ে পাব ৭৮দিনৰ বোনাচ
ভাৰতত নিষিদ্ধ ই–চিগাৰেট, এই সিদ্ধান্তও কেবিনেটে গ্ৰহণ কৰে।
News18
Updated: September 18, 2019, 5:08 PM IST
নৰেন্দ্ৰ মোদী কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত মৰ্মে ৰেলৱেৰ ১১লাখ ৫২হাজাৰ কৰ্মচাৰীক ৭৮দিনৰ বোনাচ দিয়াৰ কথা ঘোষণা কৰা হৈছে। কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভড়েকাৰে চৰকাৰৰ সিদ্ধান্তৰ কথা প্ৰকাশ কৰি ৰেলৱেৰ কৰ্মচাৰীসকলক এই বোনাচ দিয়াৰ কথা জনায়। এই কাৰ্যত ২০২৪কোটি টকা খৰছ হ’ব বুলিও তেওঁ কয়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, বিগত ছয়বছৰ ধৰি চৰকাৰে ৰেলৱেৰ কৰ্মচাৰীসকলক এই উপহাৰ দি আহিছে। ৰেলৱেৰ কৰ্মচাৰীসকলৰ কাৰণে এয়া প্ৰডাক্টিভিডি ৰিৱাৰ্ড বুলিও তেওঁ উল্লেখ কৰে।



ইয়াৰ লগতে ই–চিগাৰেট ভাৰতত সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। নিষিদ্ধ মানে ই–চিগাৰেটৰ উৎপাদন, আমদানি–ৰপ্তানি, ট্ৰান্সপ’ৰ্ট, বিক্ৰী আৰু বিজ্ঞাপন সম্পূৰ্ণৰূপে নিষেধ কৰা হৈছে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে প্ৰকাশ কৰা মতে, চৰকাৰৰ এই নতুন সিদ্ধান্তই ধূমপান শিকাত নতুন প্ৰজন্মক বাধা দিব। উল্লেখযোগ্য যে কোনোবাই ভাৰতত যদি কোনোবাই ই–চিগাৰেট প্ৰস্তুত কৰে বা বিক্ৰী আদি কৰে তেনেহ’লে তেওঁক ১লাখ টকাৰ জৰিমনা, ১বছৰৰ কাৰাবাস বা দুইটাই হ’ব পাৰে। আনহাতে কোনোবাই যদি এই ভুল আকৌ কৰে তেনেহ’লে ৩লাখ টকাৰ জৰিমনা বা ৫বছৰৰ কাৰাবাস বা দুইটাই হ’ব পাৰে।

আৰু চাওক পৰৱৰ্তী বাতৰি