শ্ৰীলংকা বিস্ফোৰণক লৈ নিৰ্বাচনী সভাত মোদীৰ কংগ্ৰেছক আক্ৰমণ

প্ৰধানমন্ত্ৰী মোদীয়ে কয় শাসনলৈ অহাৰ পিছত এই চকীদাৰজনে পাকিস্তানৰ সন্ত্ৰাসৰ কাৰখানাত আক্ৰমণ কৰে যাৰ কাৰণে সন্ত্ৰাসবাদ এতিয়া জম্মু–কাশ্মীৰৰ একাংশ জিলাতে সীমিত হৈ থাকি গৈছে।

news18assam
Updated:April 22, 2019, 4:22 PM IST
শ্ৰীলংকা বিস্ফোৰণক লৈ নিৰ্বাচনী সভাত মোদীৰ কংগ্ৰেছক আক্ৰমণ
প্ৰধানমন্ত্ৰী মোদীয়ে কয় শাসনলৈ অহাৰ পিছত এই চকীদাৰজনে পাকিস্তানৰ সন্ত্ৰাসৰ কাৰখানাত আক্ৰমণ কৰে যাৰ কাৰণে সন্ত্ৰাসবাদ এতিয়া জম্মু–কাশ্মীৰৰ একাংশ জিলাতে সীমিত হৈ থাকি গৈছে।
news18assam
Updated: April 22, 2019, 4:22 PM IST
দেওবাৰে শ্ৰীলংকাত ধাৰাবাহিক বিস্ফোৰণৰ ফলত ২৯০জন লোকৰ প্ৰাণহানি হয়। ইয়াৰ পিছতে প্ৰধানমন্ত্ৰী মোদীয়ে এক নিৰ্বাচনী সভাত এই আধাৰত কংগ্ৰেছক আক্ৰমণ কৰে, তেওঁ কয় ২০১৪চনৰ পূৰ্বে আমাৰ দেশৰ অৱস্থাও একেই আছিল। মহাৰাষ্ট্ৰৰ ডিন্দোৰীৰ এক জনসভাত তেওঁ এই মন্তব্য কৰে।
পুণে, মুম্বাই আৰু গুজৰাটৰ আক্ৰমণৰ প্ৰসংগ উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰশ্ন কৰে, ২০১৪চনৰ পূৰ্বে কি পৰিস্থিতি আছিল? ইয়াত দুদিনৰ মুৰে মুৰে দেশৰ কোনোবা নহয় কোনোবা প্ৰান্তত বিস্ফোৰণ হৈ থাকিছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে দাবী কৰে

মই প্ৰধানমন্ত্ৰী হোৱাৰ পিছতে এই পৰিস্থিতি সলনি হৈছে।


তেওঁ কয়,

শাসনলৈ অহাৰ পিছতে এই চকীদাৰে পাকিস্তানত আতংকৰ কাৰখানাত আক্ৰমণ চলাইছে, যি কাৰণত সন্ত্ৰাসবাদ এতিয়া জম্মু–কাশ্মীৰৰ একাংশ জিলাতে সীমাৱদ্ধ হৈ থাকি গৈছে।


এনেকুৱা এটা দিন পাৰ হোৱা নাই যিদিনা আমাৰ নিৰাপত্তাবাহিনীয়ে আতংকবাদীক হত্যা কৰা নাই।


প্ৰকৃততে পুলৱামা আক্ৰমণৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিয়ে সমগ্ৰ নিৰ্বাচনী প্ৰচাৰ ৰাষ্ট্ৰীয় সুৰক্ষাৰ আশে পাশে ৰাখিছে আৰু বিজেপিক এনেকুৱা এক নেতৃত্বৰ ৰূপত প্ৰক্ষেপ কৰা হৈছে যে তেওঁলোকে পাকিস্তানক সমুচিত উত্তৰ দিয়াত সক্ষম।

দেওবাৰেও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ এক ৰেলীত এই বিষয় উত্থাপন কৰে, তেওঁ কয়,

যেতিয়া বায়ুসেনাৰ পাইলট অভিনন্দনক পাকিস্তানে বন্দী কৰিছিল, তেতিয়া মই কঠোৰ বাৰ্তা প্ৰেৰণ কৰিছিলো যে তেওঁক মুকলি কৰি দিয়ক নহলে পৰিণতি ভুগিবলৈ সাজু হৈ থাকক।
আৰু চাওক পৰৱৰ্তী বাতৰি