• Home
  • »
  • News
  • »
  • nation
  • »
  • ৰবিশংকৰ প্ৰসাদ আৰু প্ৰকাশ জাভড়েকাৰেও কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা কৰিলে পদত্যাগ

ৰবিশংকৰ প্ৰসাদ আৰু প্ৰকাশ জাভড়েকাৰেও কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা কৰিলে পদত্যাগ

এই দুয়োগৰাকী মন্ত্ৰীৰ ইস্তাফাৰ পিছত এতিয়া কেন্দ্ৰীয় কেবিনেটৰ পৰা পদত্যাগ কৰা মন্ত্ৰীৰ সংখ্যা ১২জন হ’লগৈ।

  • Share this:
কেন্দ্ৰীয় কেবিনেটৰ সম্প্ৰসাৰণৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভড়েকাৰ আৰু ৰবিশংকৰ প্ৰসাদেও পদত্যাগ কৰিলে মন্ত্ৰীসভাৰ পৰা। প্ৰকাশ জাভড়েকাৰে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰীৰ লগতে পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰণালয়ৰ দায়িত্বও চম্ভালিছিল। আনহাতে, ৰবিশংকৰ প্ৰসাদৰ হাতত আছিল আইন আৰু আইটি মন্ত্ৰণালয়ৰ দায়িত্ব। এই দুয়োগৰাকী মন্ত্ৰীৰ ইস্তাফাৰ পিছত এতিয়া কেন্দ্ৰীয় কেবিনেটৰ পৰা পদত্যাগ কৰা মন্ত্ৰীৰ সংখ্যা ১২জন হ’লগৈ।

ইতিমধ্যে মন্ত্ৰীসভাৰ পৰা ডিভি সদানন্দ গৌড়া, কৰ্ণাটকৰ ৰাজ্যপাল নিযুক্তি দিয়া থাৱৰচন্দ গেহলট, ৰমেশ পোখৰিয়াল নিশংক, ডাঃ হৰ্ষবৰ্ধন, সন্তোষ কুমাৰ গংগৱাৰে ইস্তাফা দিছে। ইয়াৰ উপৰি সঞ্জয় ধোত্ৰে, ৰতন লাল কটাৰিয়া, প্ৰতাপ চন্দ্ৰ ছাৰাংগী আৰু দেবশ্ৰী চৌধুৰীয়েও মন্ত্ৰীপদৰ পৰা ইস্তাফা দিছে।
Published by:Sanjay Kumar Das
First published: