দেশত বলৱত্ হ’ব নতুন শিক্ষা নীতি। বুধবাৰে প্ৰধানমন্ত্ৰী মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত অনুমোদন জনোৱা হয় নতুন শিক্ষা নীতি। এই সন্দৰ্ভত আজি বিয়লি ৪ বজাত সংবাদমেলৰ সম্বোধন কৰি এই বিষয়ে সৱিশেষ তথ্য দাঙি ধৰিব। কিন্তু নতুন শিক্ষা নীতি সম্পূৰ্ণ ৰূপে পৃথক হোৱাটো একেবাৰে স্পষ্ট।
ইফালে মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয়ৰ নাম সলনি কৰি শিক্ষা মন্ত্ৰণালয় কৰা হ’ব বুলি জানিব পৰা হৈছে। উল্লেখযোগ্য যে, নতুন শিক্ষা নীতি সন্দৰ্ভত কে কস্তুৰীৰংগন কমিটীয়ে কেন্দ্ৰীয় চৰকাৰৰ হাতত যোৱা বৰ্ষত প্ৰতিবেদন দাখিল কৰিছিল। নতুন শিক্ষা নীতি অনুসৰি প্ৰাথমিক পৰ্যায়ৰ পৰা স্নাতকোত্তৰ পৰ্যায়ৰলৈকে শিক্ষা পদ্ধতিত কিছু সাল-সলনি হ’ব পাৰে। পূৰ্বতে বহু ব্যৱহাৰিক শিক্ষাৰ পাঠ্যক্ৰম মুখ্য পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হোৱা নাছিল, গতিকে এই সন্দৰ্ভতো নতুন সিদ্ধান্ত ল’ব পাৰে। ইয়াৰ লগতে কে কস্তুৰীৰংগন কমিটীয়ে স্নাতক পৰ্যায়ৰ পাঠ্যক্ৰম তিনি বছৰৰ পৰিৱৰ্তে চাৰি বছৰ কৰাৰো প্ৰস্তাৱ দিছিল। দাখিল কৰা এই খচৰাৰ ভিত্তিত কেন্দ্ৰীয় চৰকাৰে সকলো দিশ বিবেচনা কৰি আজি নতুন শিক্ষা নীতিক অনুমোদন জনাই কেন্দ্ৰীয় কেবিনেটে।