মোদী কেবিনেটৰ সম্প্ৰসাৰণৰ পিছতে বুধবাৰে নিশা দপ্তৰো বিতৰণ কৰা হয়। প্ৰধানমন্ত্ৰী মোদীৰ টীমত এতিয়া ৭৭গৰাকী মন্ত্ৰীক দপ্তৰ বিতৰণ কৰা হৈছে। খবৰ অনুসৰি, আজি কেন্দ্ৰীয় মন্ত্ৰীসভাত অন্তৰ্ভুক্ত সকলো নতুন মন্ত্ৰীয়ে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাক সাক্ষাৎ কৰিব। সকলো মন্ত্ৰীয়ে নিজৰ মন্ত্ৰণালয়ত কাৰ্যভাৰ গ্ৰহণ কৰাৰ পূৰ্বে জে পি নাড্ডাৰ বাসগৃহলৈ যাব।
কেন্দ্ৰীয় মন্ত্ৰীসভাত অন্তৰ্ভুক্ত সকলো নতুন মন্ত্ৰীয়ে পুৱা ১০.৩০ বজাত জে পি নাড্ডাৰ বাসগৃহত উপস্থিত হ’ব। সকলোকে কাৰ্যভাৰ গ্ৰহণৰ পূৰ্বে ৰাষ্ট্ৰীয় সভাপতিগৰাকীৰ সৈতে আলোচনাত মিলিত হোৱাৰ বাবে মাতি পঠিওৱা হৈছে।
উল্লেখযোগ্য যে বুধবাৰে মোদী কেবিনেটত বৃহৎ সালসলনি কৰা হয়। কেন্দ্ৰীয় মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হয় বহুকেইখন নতুন মুখ।
প্ৰায় ৭-৮বছৰৰ অন্তত অসমৰ পৰা কেবনেট মন্ত্ৰী হ’ল সৰ্বানন্দ সোণোৱাল। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে লাভ কৰিলে জাহাজ, জল পৰিবহন আৰু বন্দৰ মন্ত্ৰণালয়। লগতে তেওঁৰ অধীনত থাকিব AYUSH মন্ত্ৰণালয়।
আনহাতে, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীক দিয়া হ’ল নতুন দায়িত্ব। এতিয়া তেওঁ পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী। লগতে তেওঁক দিয়া হ’ল শ্ৰম আৰু নিয়োগ বিভাগৰ ৰাজ্যিক মন্ত্ৰীৰ দায়িত্ব। আগতে তেলী Food Processing বিভাগৰ ৰাজ্যিক মন্ত্ৰী আছিল।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|