ভাৰতৰ কোনো অংশ দখল কৰা নাই চীনে। লাডাখৰ সন্দৰ্ভত আয়োজন কৰা সৰ্বদলীয় বৈঠকত এনেদৰে ক’লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। লগতে প্ৰধানমন্ত্ৰীয়ে কয় যে, ‘সীমান্তৰ নিৰাপত্তা প্ৰদান কৰিবলৈ সক্ষম ভাৰতীয় সেনা। তেওঁলোকৰ ওপৰত দেশবাসীৰ সম্পূৰ্ণ বিশ্বাস আছে। কোনো বাহিৰা শত্ৰুৰ চাপ সহ্য নকৰে ভাৰতে।’
দেশৰ সুৰক্ষাৰ বাবে যি যি কৰণীয় আছে, সকলো কৰা হ’ব বুলিও বৈঠকত জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। লগতে প্ৰধানমন্ত্ৰীয়ে জনাই যে, ‘পৰিস্থিতি অনুযায়ী পদক্ষেপ ল’বলৈ সেনা-বাহিনীক পূৰ্ণ স্বাধীনতা প্ৰদান কৰা হৈছে।’
#WATCH Neither have they intruded into our border, nor has any post been taken over by them (China). 20 of our jawans were martyred, but those who dared Bharat Mata, they were taught a lesson: PM Narendra Modi at all-party meet on India-China border issue pic.twitter.com/tWojnnrLOY