প্ৰেমিকৰ সৈতে সম্পৰ্ক বজাই ৰাখিবলৈয়ে ১৯ বছৰীয়া এগৰাকী মডেলে সলনি কৰিছিল নিজৰ ধৰ্ম। মিছ ইণ্ডিয়া ২০১৯ৰ টপ ফাইনেলিষ্ট খুশী জগদীশ পৰিহাৰে ৩ জুলাইত সলনি কৰিছিল নিজৰ ধৰ্ম। যিজন প্ৰেমিকৰ বাবে খুশীয়ে নিজৰ ধৰ্ম সলনি কৰিছিল, সেই প্ৰেমিকেই নৃশংসভাৱে হত্যা কৰিলে মডেলগৰাকীক। মৃতদেহ যাতে চিনাক্ত কৰিব নোৱাৰে তাৰ বাবে প্ৰেমিকে খুশীৰ মুখমণ্ডলত বেয়াকৈ প্ৰহাৰ কৰিছিল। এই ঘটনাটো মহাৰাষ্ট্ৰৰ নাগপুৰৰ।
প্ৰেমিকা খুশীয়ে যিটো টি–ছাৰ্ট পিন্ধিছিল, তাৰ ওপৰত বাৰ কোড আছিল। যিটো নাগপুৰৰে এখন শ্ব’পিং মলৰ পৰা কিনিছিল। সেই মলখনৰ পৰাই আৰক্ষীয়ে লাভ কৰে সকলো তথ্য। প্ৰেমিকৰ সৈতে শীঘ্ৰে বিয়া হ’বৰ বাবে খুশীয়ে নিজৰ ধৰ্ম আৰু নাম সলনি কৰি জায়ৰা শ্বেখ ৰাখিছিল।
খুশীৰ শৰীৰত থকা টেট’ৰ সহায়ত আৰক্ষীয়ে মৃতদেহ চিনাক্ত কৰে। ঘাতক প্ৰেমিকৰ নাম আছৰফ শ্বেখ ওৰফে আশু। নাগপুৰৰ হিংগনা অঞ্চলৰ বাসিন্দা আছিল খুশী। আছৰফে চলন্ত গাড়ীতে লোৰে মৰিয়াই নৃশংসভাৱে হত্যা কৰে প্ৰেমিকা খুশীক। শনিবাৰে খুশীৰ মৃতদেহ উদ্ধাৰ হয় ছাউডী ফাটাৰ সমীপৰ এক নিৰ্জন ঠাইত।
খুশীয়ে কোনো বন্ধুৰ সৈতে ক’ৰবালৈ যোৱাটো পছন্দ কৰা নাছিল আছৰফে। আছৰফৰ অভিযোগ, খুশীয়ে যিকোনো লোকৰ সৈতে পাব আৰু হোটেললৈ গৈছিল। সেইবাবেই তেওঁ খুশীক হত্যা কৰিছে।
মৃত্যুৰ সময়ত খুশীয়ে মডেলৰ পোছাক আৰু লং বুট পিন্ধি আছিল। ছচিয়েল মিডিয়াত ঘটনাস্থলীৰ ফটো ভাইৰেল হোৱাত জানিব পৰা গ’ল যে মৃত যুৱতীগৰাকীৰ নাম খুশী পৰিহাৰ। খুশীৰ হাতত লাভ বাৰ্ডৰ টেট’ আছিল য’ত লিখা আছিল খুশী আৰু আশুৰ নাম। খুশীৰ বুকুৰ কাষত থকা আন এটা টেট’ৰ পৰাও চিনাক্তকৰণ সহজ হয়।
আৰক্ষীয়ে হত্যাৰ গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰে খুশীৰ প্ৰেমিক আছৰাফ শ্বেখ ওৰফে আশুক। ঘটনাত ব্যৱহৃত গাড়ীখনো জব্দ কৰিছে আৰক্ষীয়ে। প্ৰেমিকে আৰক্ষীৰ আগত স্বীকাৰ কৰে যে শুকুৰবাৰে দুয়ো নাগপুৰৰ এখন মলৰ পৰা প্ৰায় ৬ হাজাৰ টকাৰ সামগ্ৰী কিনিছিল। সেই মলখনতে খুশীয়ে কিনিছিল ক’লা ৰঙৰ টি–ছাৰ্ট, যিটো মডেলগৰাকীয়ে পিন্ধি আছিল। হত্যাৰ পিছত টি–ছাৰ্টৰ বাৰ কোডৰ পৰা খুশীৰ মৃতদেহ চিনাক্ত কৰা হয়।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|