photo-https://www.facebook.com/pg/DrRLalthangliana/photos
সংকটজনক অৱস্থাত থকা ৰোগী আৰু কোভিড-19-ৰ দ্বাৰা গুৰুতৰভাৱে প্ৰভাৱিত হোৱা ৰোগীসকলৰ বাবে প্ৰয়োজনীয় ঔষধৰ উপলব্ধতাক অৱৰোধে গুৰুতৰভাৱে প্ৰভাৱিত কৰিছে বুলি উল্লেখ কৰিছে মিজোৰামৰ স্বাস্থ্য মন্ত্ৰী আৰ লালথানগ্লিয়ানাই।
অসমত অৱৰোধৰ বাবে গুৰুতৰ সংকটৰ সন্মুখীন হৈছে মিজোৰাম। ছচিয়েল মিডিয়াযোগে এই কথা জনাইছে মিজোৰামৰ স্বাস্থ্য মন্ত্ৰী আৰ লালথানগ্লিয়ানাই। সংকটজনক অৱস্থাত থকা ৰোগী আৰু কোভিড-19-ৰ দ্বাৰা গুৰুতৰভাৱে প্ৰভাৱিত হোৱা ৰোগীসকলৰ বাবে প্ৰয়োজনীয় ঔষধৰ উপলব্ধতাক গুৰুতৰভাৱে প্ৰভাৱিত কৰিছে বুলি তেওঁ উল্লেখ কৰিছে।
তেওঁ কয় যে ২০২১ চনৰ ২৬ জুলাইত সংঘটিত সীমান্ত বিবাদৰ পিছত, অসম চৰকাৰে ২০২১ চনৰ ২৯ জুলাইত মিজোৰামত কাম কৰি থকা সকলো পৰিবহনকাৰীক তেওঁলোকৰ সুৰক্ষাৰ কথা চিন্তা কৰি মিজোৰামলৈ সামগ্ৰী পৰিবহন বন্ধ কৰি গুৱাহাটীলৈ মাতি পঠিয়াইছিল। ইয়াৰ ফলত ৰাজ্যলৈ অহা যিকোনো ধৰণৰ সামগ্ৰী সম্পূৰ্ণৰূপে বন্ধ হৈ যায় যাৰ ভিতৰত আছে মৌলিক ঔষধ, জীৱন ৰক্ষাৰ ঔষধ আৰু কোভিড-19ৰ ঔষধ। আনকি অক্সিজেন চিলিণ্ডাৰ, অক্সিজেন প্লেন্টৰ সামগ্ৰী আৰু কোভিড-19 পৰীক্ষা কিট বন্ধ হৈছে।
প্ৰায় এসপ্তাহ ধৰি এই সমস্যাটো সহ্য কৰাৰ পিছতো, এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ পৰা কোনো সঁহাৰি পোৱা নাই মিজোৰামে। দেশৰ প্ৰকৃত নাগৰিক হিচাপে এই সংকটজনক সময়ত কেন্দ্ৰীয় চৰকাৰৰ পৰা ইতিবাচক সঁহাৰি আশা কৰিছে মিজোৰামৰ স্বাস্থ্য মন্ত্ৰী আৰ লালথানগ্লিয়ানাই।
স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে কয়, 'এই দেশৰ প্ৰতিজন নাগৰিকৰ চিকিৎসা সেৱা আৰু ঔষধৰ অধিকাৰ আছে আৰু এই অধিকাৰ অস্বীকাৰ কৰাটো এই দেশৰ মৌলিক আইনৰ বিপৰীত। মই মাননীয় প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীক যিকোনো স্বাস্থ্য সংকট প্ৰতিহত কৰিবলৈ যিমান সম্ভৱ আগতে হস্তক্ষেপ কৰিবলৈ অনুৰোধ কৰিম যিটোৱে অতি সোনকালে আমাৰ ৰাজ্যক আৱৰি ধৰিব পাৰে আৰু যিটো আমি কাৰো নিয়ন্ত্ৰণৰ বাহিৰত থাকিম।'
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|