শাক–পাচলি বেচি মেট্ৰিকত প্ৰথম স্থান দখল কৰা মিজোৰামৰ ছাত্ৰীয়ে জিনিছে সকলোৰে হৃদয়

প্ৰথম স্থান দখল কৰাৰ পিছতো লালৰিনুগীয়ে গতানুগতিক ধৰণেৰে শণিবাৰে নিজৰ মাতৃৰ সৈতে পদপথৰ বজাৰত বহি পাচলি বিক্ৰী কৰা দৃশ্য বন্দী কৰিলে মিজোৰামৰ পৰা নিউজ18–এ।

Tulika Devi
Updated:May 7, 2019, 1:16 PM IST
শাক–পাচলি বেচি মেট্ৰিকত প্ৰথম স্থান দখল কৰা মিজোৰামৰ ছাত্ৰীয়ে জিনিছে সকলোৰে হৃদয়
প্ৰথম স্থান দখল কৰাৰ পিছতো লালৰিনুগীয়ে গতানুগতিক ধৰণেৰে শণিবাৰে নিজৰ মাতৃৰ সৈতে পদপথৰ বজাৰত বহি পাচলি বিক্ৰী কৰা দৃশ্য বন্দী কৰিলে মিজোৰামৰ পৰা নিউজ18–এ।
Tulika Devi
Updated: May 7, 2019, 1:16 PM IST
লালৰিনুগী নামৰ মিজোৰামৰ কিশোৰীগৰাকী এতিয়া ছচিয়েল মিডিয়াৰ অন্যতম প্ৰিয় নায়িকা। দৰিদ্ৰতা নেওচি শাক–পাচলি বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰা এটা পৰিয়ালৰ সন্তান এই ছাত্ৰীগৰাকীয়ে মুঠ নম্বৰ ৫০০ৰ ভিতৰত ৪৮৬ নম্বৰ লাভ কৰি ৰাজ্যৰ ভিতৰতে প্ৰথম স্থান দখল কৰিছে। কঠোৰ পৰিশ্ৰম আৰু দায়িত্বশীলতাৰ বাবে মিজোৰামৰ চিফিৰ নামৰ গাঁৱৰ জীয়ৰি লালৰিনুগীক ভূয়সী প্ৰশংসা কৰিছে ৰাইজে। প্ৰথম স্থান দখল কৰাৰ পিছতো লালৰিনুগীয়ে গতানুগতিক ধৰণেৰে শণিবাৰে নিজৰ মাতৃৰ সৈতে পদপথৰ বজাৰত বহি পাচলি বিক্ৰী কৰা দৃশ্য বন্দী কৰিলে মিজোৰামৰ পৰা নিউজ18–এ। কণমানি বয়সৰ পৰাই পৰিয়ালটো চলোৱাৰ দায়িত্ব বহন কৰা মাতৃত সহায় কৰাটো নিজৰ কৰ্তব্য আখ্যা দিয়ে লালৰিনুগীয়ে।

মাতৃৰ সৈতে লালৰিনুগী


মিজোৰাম বৰ্ডৰ টপাৰ লালৰিনুগীৰ পিতৃ–মাতৃ কেতিয়াও হাইস্কুলৰ দেওনা পাৰ নোহোৱা দুজন খাটি খোৱা ব্যক্তি। বজাৰৰ পদপথত শাক–পাচলি বিক্ৰী কৰাৰ লগতে চহৰত গাখীৰ বিক্ৰীও কৰে মেধাৱী ছাত্ৰীগৰাকীয়ে। নিজৰ বুলিবলৈ এটুকুৰা মাটিও নথকা, আনৰ খেতিৰ পাচলি বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰা লালৰিনুগীৰ পৰিয়ালে গাঁৱৰ এটা সৰু ভাৰাঘৰত বাস কৰে।

ভৱিষ্যতে এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ সপোন পুহি ৰখা লালৰিনুগীৰ মতে দৰিদ্ৰতাৰ সৈতে পৰিয়ালটোৰ অহৰহ যুঁজেই তেওঁক আগুৱাই যোৱাৰ প্ৰেৰণা দিছে। প্ৰশাসনিক বিষয়াৰ কাৰণে প্ৰস্তুতি চলোৱাৰ বাবে অৰ্থ আৰু সময়ৰ প্ৰয়োজন সেইকাৰণে প্ৰথম চিকিৎসা সেৱাৰ সৈতে জৰিত হ’ব খোজে লালৰিনুগী। ধনী আৰু দুখীয়াৰ মাজৰ বৈষম্য এদিন দূৰ কৰাটোৱে জীৱনৰ সপোন মিজোৰামৰ মেধাৱী ছাত্ৰীগৰাকীৰ।

ভৱিষ্যতে প্ৰশাসনিক বিষয়া হোৱাৰ মন ছাত্ৰীগৰাকীৰ


বিদ্যালয়ৰ আটাইতকৈ মেধাৱী ছাত্ৰী লালৰিনুগীক শিক্ষক–শিক্ষয়িত্ৰীসকলো অতি আশাবাদী, নৱম শ্ৰেণীতে লালৰিনুগীয়ে সকলো বিষয়ত ভাল নম্বৰ আয়ত্ব কৰি নিজৰ সম্ভাৱনা উজ্বল কৰি তুলিছিল সকলোৰে মাজত।

মাতৃৰ মতে অতি বিনয়ী লালৰিনুগী


চিফিৰ গাঁৱৰ লালৰিনুগীয়ে ইয়ং লাৰ্নাৰ্ছ স্কুলৰ ছাত্ৰীৰূপে শিক্ষা জীৱন আৰম্ভ কৰিছিল। অষ্টম শ্ৰেণীৰ পৰা তেওঁ ছেইণ্ট জোচেফ উচ্চতম মাধ্যমিক বিদ্যালয়ৰ আৱাসিক ছাত্ৰী আৰু তাৰপৰাই তেওঁ এই ফলাফল কৰিছে।

চাৰিটা সন্তানৰ ভিতৰত আটাইতকৈ সৰু লালৰিনুগী। মাতৃৰ মতে আটাইতকৈ সংবেদনশীল তেওঁৰ নুমলীয়া জীয়ৰি।

তাই যদিও সৰু তাই একেবাৰে ডাঙৰ মানুহৰ দৰে চিন্তা কৰে, আমাৰ প্ৰত্যেকটো কথাই তাই শুনে। আমি সন্তানকেইটিক শিকাইছো যে সফলতা নহালৈকে পৰিশ্ৰম কঠোৰ হৈছে বুলি ক’ব নোৱাৰি। নিজে শুদ্ধ বুলি ভবা কথাটো কৰিবলৈ চিন্তা কৰিব নালাগে। মই পাচলি বিক্ৰী কৰোতে তাই সদায় সহায় কৰে, হোষ্টেলত থাকি পঢ়ে আৰু হোষ্টেললৈ যোৱাৰ আগতে তাই এইখিনি কৰিবই। আমি শুকুৰবাৰে নিশা দেৰীলৈকে সাৰ পাই থাকো আৰু আমি ঘৰলৈ আহি দেখা পাওঁ তাই গোটেই ঘৰখন সুন্দৰকৈ পৰিষ্কাৰ কৰি থৈছে। তাই সঁচাকৈ বৰ পৰিশ্ৰমী।


লালৰিনুগীৰ পিতৃও নিজৰ জীয়ৰিক লৈ অসম্ভৱ গৰ্বিত

একমাত্ৰ ভগৱানৰ কাৰণে এয়া সম্ভৱ হ’ল। আমাক মানুহে যদিও প্ৰশংসা কৰিছে আমি কিন্তু একো কৰি দিব পৰা নাই। ঈশ্বৰৰ একান্ত ইচ্ছাত তাই এই সফলতা পাইছে।


বৰ্ডৰ পৰীক্ষাত প্ৰথম স্থান প্ৰত্যেকেই দখল কৰিব নোৱাৰে কিন্তু লালৰিনুগীৰ দৰে সততা, পৰিশ্ৰমী মন আৰু কৰ্তব্যনিষ্ঠা নিশ্চয় প্ৰতিগৰাকী ছাত্ৰ–ছাত্ৰীয়ে আয়ত্ব কৰিব পাৰে। অভিভাৱকৰো এই ক্ষেত্ৰত আছে বিশেষ দায়িত্ব।

শ্ৰেণীৰ আটাইতকৈ উজ্বল ছাত্ৰী


(মিজোৰামৰ পৰা কিমি ক’লনীৰ প্ৰতিবেদন)

NEWS18ৰ EXCLUSIVE VIDEO :

.quote-box { font-size: 18px; line-height: 28px; color: #767676; padding: 15px 0 0 90px; width:70%; margin:auto; position: relative; font-style: italic; font-weight: bold; } .quote-box img { position: absolute; top: 0; left: 30px; width: 50px; } .special-text { font-size: 18px; line-height: 28px; color: #505050; margin: 20px 40px 0px 100px; border-left: 8px solid #ee1b24; padding: 10px 10px 10px 30px; font-style: italic; font-weight: bold; } .quote-box .quote-nam{font-size:16px; color:#5f5f5f; padding-top:30px; text-align:right; font-weight:normal} .quote-box .quote-nam span{font-weight:bold; color:#ee1b24} @media only screen and (max-width:740px) { .quote-box {font-size: 16px; line-height: 24px; color: #505050; margin-top: 30px; padding: 0px 20px 0px 45px; position: relative; font-style: italic; font-weight: bold; } .special-text{font-size:18px; line-height:28px; color:#505050; margin:20px 40px 0px 20px; border-left:8px solid #ee1b24; padding:10px 10px 10px 15px; font-style:italic; font-weight:bold} .quote-box img{width:30px; left:6px} .quote-box .quote-nam{font-size:16px; color:#5f5f5f; padding-top:30px; text-align:right; font-weight:normal} .quote-box .quote-nam span{font-weight:bold; color:#ee1b24} }
আৰু চাওক পৰৱৰ্তী বাতৰি