অশান্ত ম্যানমাৰ; শৰণাৰ্থীৰ সোঁত বৈছে উত্তৰ পূৰ্বাঞ্চললৈ 

News18 Assam | News18-Assam
Updated:March 11, 2021, 1:55 PM IST
অশান্ত ম্যানমাৰ; শৰণাৰ্থীৰ সোঁত বৈছে উত্তৰ পূৰ্বাঞ্চললৈ 
অতি সম্প্ৰতি মণিপুৰ চৰকাৰেও শৰণাৰ্থীসকলক আঁকোৱালি ল'বলৈ ইচ্ছা প্ৰকাশ কৰিছে।

অতি সম্প্ৰতি মণিপুৰ চৰকাৰেও শৰণাৰ্থীসকলক আঁকোৱালি ল'বলৈ ইচ্ছা প্ৰকাশ কৰিছে।

  • Share this:
চুবুৰীয়া ম্যানমাৰত গণতন্ত্ৰক বৰ্জন দি সেনাই শাসন ভাৰ লোৱাৰ পিছতে মৃত্যুৰ সংশয়ত ভুগি দেশখনৰ গণতান্ত্ৰিক চিন্তাত বিশ্বাস কৰা লোকসকলে এতিয়া পলায়ন কৰিছে ভাৰতলৈ।

ইতিমধ্যে বহুলোক মিজোৰামলৈ পলায়ন কৰিছে আৰু মিজোৰাম চৰকাৰে মানৱীয় দৃষ্টিকোণেৰে তেওঁলোকক খাদ্য, বাসস্থান প্ৰদান কৰিছে। অতি সম্প্ৰতি মণিপুৰ চৰকাৰেও শৰণাৰ্থীসকলক আঁকোৱালি ল'বলৈ ইচ্ছা প্ৰকাশ কৰিছে।

মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে বুধবাৰে ইম্ফলত সংবাদ মাধ্যমৰ আগত জনোৱা মতে, ম্যানমাৰৰ পৰা অহা শৰণাৰ্থীৰ কাৰণে বিদ্যালয়সমূহত শৰণাৰ্থী শিবিৰ স্থাপন কৰিবলৈ চিন্তা চৰ্চা কৰিছে। কিন্তু এই ক্ষেত্ৰত প্ৰয়োজন হ'ব কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ অনুমোদন।

ভাৰত-ম্যানমাৰ সীমান্তৰ পৰা অহা খবৰ অনুসৰি, বহুলোকে মণিপুৰত প্ৰৱেশ কৰিবলৈ সুযোগ বিচাৰি আছে। কিন্তু সীমান্তৰ মণিপুৰ অংশত ব্যাপক সেনাৰ উপস্থিতিৰ বাবে তেওঁলোকে এই সুবিধা ল'ব পৰা নাই। মণিপুৰৰ মুখ্যমন্ত্ৰীয়ে এই বিষয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক অৱগত কৰিছে। শৰণাৰ্থীক আশ্ৰয় দিবলৈ মণিপুৰ চৰকাৰে সকলো প্ৰস্তুতি সমাপ্ত কৰিছে । মাথো অপেক্ষা কেন্দ্ৰৰ অনুমোদনৰ।

মণিপুৰৰ বিপৰীতে কিন্তু মিজোৰাম চৰকাৰে অপেক্ষা নকৰিলে কেন্দ্ৰৰ অনুমোদনলৈ। ম্যানমাৰৰ পৰা পলায়ন কৰা পুৰুষ-মহিলাই ইতিমধ্যে মিজোৰামত আশ্ৰয় লৈছে। কেন্দ্রৰ পৰা কোনো নিৰ্দিষ্ট নির্দেশ নাই যদিও মিজোৰাম চৰকাৰে মানৱীয়তাৰ খাতিৰত পলায়ন কৰা লোক সকলক আশ্ৰয় দিবলৈ আগবাঢ়ি আহিছে বুলি ৰাজ্যখনৰ এগৰাকী মন্ত্ৰীয়ে সংবাদ মাধ্যমত সদৰি কৰিছে।
Published by: Himangshu Bhuyan
First published: March 11, 2021, 1:55 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি