দুচকুত উৎকণ্ঠা! এখন হাতত ১০টকা আৰু আনখন হাতত এটা মুৰ্গী পোৱালি

ছচিয়েল মিডিয়াত ভাইৰেল হৈছে মিজোৰামৰ ছাইৰাঙৰ এটি কণমানিৰ এখন ফটো, ছচিয়েল মিডিয়াত হৃদয় জিনিছে ফুলকুমলীয়া শিশুটিয়ে

Sanjay Kumar Das | news18assam
Updated:April 16, 2019, 12:44 PM IST
দুচকুত উৎকণ্ঠা! এখন হাতত ১০টকা আৰু আনখন হাতত এটা মুৰ্গী পোৱালি
CREATOR: gd-jpeg v1.0 (using IJG JPEG v62), quality = 82
Sanjay Kumar Das | news18assam
Updated: April 16, 2019, 12:44 PM IST
শিশু মন অতি কোমল। কোনো ধৰণৰ কলুষতা, কপটতা নাথাকে শিশুৰ মনত। ফুলৰ দৰেই কোমল, নিষ্পাপ শিশুৰ মন। সেয়েহে শিশুসকলে কৰা কিছুমান কাম, সিঁহতৰ কথাই মন চুই যায় সকলোৰে। কেতিয়াবা নিষ্পাপ শিশুটিয়ে কৰা কিছুমান কামে ভবাই তুলিবলৈ বাধ্য কৰায় জ্যেষ্ঠসকলকো।

ছচিয়েল মিডিয়াত ভাইৰেল হৈছে মিজোৰামৰ ছাইৰাঙৰ এটি কণমানিৰ এখন ফটো। কণমাণিটিৰ নাম ডেৰেক চি লালচনহিমা। ফটোখনত শিশুটিৰ এখন হাতত আছে এখন ১০টকীয়া নোট আৰু আনখন হাতত এটা মুৰ্গী পোৱালি। শিশুটিৰ চকু–মুখত ফুটি উঠিছে সি যেন অসহায়। ঘটনাটো শুনক।

নিজৰ ঘৰৰ সমীপতে নিজৰ সৰু চাইকেলখন চলাই আছিল শিশুটিয়ে। হঠাৎ তাৰ চাইকেলৰ চকাৰ তলত সোমাল এটা মুৰ্গী পোৱালি। মুৰ্গী পোৱালিটো তাৰ প্ৰতিবেশী পৰিয়ালৰ। চকাৰ তলত পৰাত আঘাতপ্ৰাপ্ত হ’ল মুৰ্গী পোৱালিটো। আঘাতপ্ৰাপ্ত মুৰ্গী পোৱালিটোক লৈ সি অনুতপ্ত হৈ পৰিল। সি মুৰ্গী পোৱালিটো হাতত লৈ ওচৰতে থকা হাস্পতাল পালেগৈ। হাস্পতালৰ কৰ্মীক মুৰ্গী পোৱালিটো চিকিৎসা কৰিবলৈ আগবঢ়াই দিলে তাৰ পকেটত থকা ১০টকীয়া নোটখন।

শিশুটিৰ এই ছবিখন ভাইৰেল হৈ পৰে ছচিয়েল মিডিয়াত। শিশুটিৰ মানৱীয়তা, মুৰ্গী পোৱালিটোৰ প্ৰতি থকা অকৃত্ৰিম মৰমে হৃদয় চুই গৈছে সকলোৰে। ছচিয়েল মিডিয়াত বহু লোকে প্ৰশংসাৰে ওপচাই পেলাইছে কণমানিটিক।

ফটোৱে বহু কথাই কয়। কেতিয়াবা এখন ফটোত নিহিত হৈ থাকে বহু কাহিনী। ছচিয়েল মিডিয়াত ভাইৰেল হোৱা মিজোৰামৰ এই কণমানিটিৰ ফটোখনেও বহু কথাৰ উন্মেষ ঘটাইছে। ফুলকুমলীয়া শিশুটিৰ মানৱীয় গুণ, নিজৰ পকেটত থকা সমস্ত ধন খৰচ কৰি মুৰ্গী পোৱালিটোক চিকিৎসা কৰিবলৈ নিয়া কাৰ্যই সাঁচ বহুৱাই গৈছে প্ৰতিজন লোকৰ হৃদয়ত। ভুল সকলোৱে কৰে, কিন্তু অনিচ্ছাকৃত কিছুমান ভুলৰ বাবে অনুতপ্ত হোৱাটোহে ডাঙৰ কথা।

বৰ্তমান আমাৰ সমাজখন হিংসা–বিদ্বেষ, কলুষতাৰে ভৰি পৰিছে। কণমানিটিৰ এই মানৱীয় গুণ এক উদাহৰণ যিটো আমাৰ সমাজৰ পৰা ক্ৰমাৎ নোহোৱা হৈ গৈছে। জ্যেষ্ঠজনেই যে কনিষ্ঠজনক শিক্ষা দিয়ে তেনে নহয়, কেতিয়াবা এটি শিশুৱেও জ্যেষ্ঠজনক বহু কথা শিকায়। কেতিয়াবা শিশুৱে এনেকুৱা কিছুমান কাম কৰে যিবোৰ কামে জ্যেষ্ঠজনৰ মন–মগজুত চিন্তাৰ উদ্ৰেগ ঘটায়।

ছচিয়েল মিডিয়াত ফটো ভাইৰেল হোৱাৰ পিছতে ডেৰেকক প্ৰশংসা কৰে বিদ্যালয়ৰ শিক্ষকসকলে। ডেৰেকৰ মহানুভৱতাৰ স্বীকৃতি স্বৰূপে বিদ্যালয় কৰ্তৃপক্ষই সম্বৰ্ধনাও জনায় শিশুটিক।
আৰু চাওক পৰৱৰ্তী বাতৰি