সৌম্যা স্বামীনাথনে জনাইছে, দুটা পৃথক পৃথক ভেকচিন এজন মানুহে লোৱা উচিত নহয়। ইয়াৰ ফলত ভয়ংকৰ বিপদ হ’ব পাৰে।
সৌম্যা স্বামীনাথনে জনাইছে, দুটা পৃথক পৃথক ভেকচিন এজন মানুহে লোৱা উচিত নহয়। ইয়াৰ ফলত ভয়ংকৰ বিপদ হ’ব পাৰে।
কোৰোণা ভেকচিনৰ আটাইতকৈ কাৰ্যকৰী, তাক লৈ যিদৰে নানা ৰিপ’ৰ্ট প্ৰকাশ পাইছে, সেইদৰে কোৰোণাক ৰোধ কৰিবলৈ মিশ্ৰ ভেকচিন বা দুয়োটা পৃথক পৃথক ভেকচিন দিয়াৰ বিষয়তো পৰীক্ষা–নিৰীক্ষা চলাইছে বিজ্ঞানীসকলে। ভেকচিনৰ ক্ষেত্ৰত এই ‘মিক্স এণ্ড মেচ’ লাভজনক বুলিয়ে মত প্ৰকাশ কৰিছে এদল বিজ্ঞানীয়ে। কিন্তু এইক্ষেত্ৰত সম্পূৰ্ণ বিপৰীত মত প্ৰকাশ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাৰ চীফ চায়েণ্টিষ্ট সৌম্যা স্বামীনাথনে। তেওঁ এই সন্দৰ্ভত সতৰ্ক কৰি দিছে।
সৌম্যা স্বামীনাথনে জনাইছে, দুটা পৃথক পৃথক ভেকচিন এজন মানুহে লোৱা উচিত নহয়। ইয়াৰ ফলত ভয়ংকৰ বিপদ হ’ব পাৰে। আৰু মানৱ দেহত দুই ধৰণৰ ভেকচিন বেছি কাৰ্যকৰী বুলি কোনো তথ্য–প্ৰমাণ এতিয়ালৈ পোৱা নাই। সেয়ে সেয়া নকৰাই ভাল। দুই ধৰণৰ টিকাই ভয়ংকৰ বিপদ মাতি আনিব পাৰে।
মিশ্ৰিত টিকা কোৰোণাৰ বিৰুদ্ধে কিমান কাৰ্যকৰী, তাক লৈ সমগ্ৰ বিশ্বতে গৱেষণা চলিছে। ভাৰতত এতিয়াও বিষয়টো আৰম্ভ হোৱা নাই। কিন্তু আগন্তুক দিনত মিশ্ৰিত ভেকচিন ব্যৱহাৰৰ সম্ভাৱনা ভাৰততো আছে। বিশ্বৰ বহু বিজ্ঞানীয়ে ধাৰণা কৰিছে, দুই ধৰণৰ ভেকচিন ল’লে অধিক লাভ হয়। কিন্তু এই সন্দৰ্ভত সাধাৰণ মানুহক সতৰ্ক কৰি দিছে বিশ্ব স্বাস্থ্য সংস্থাই।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|