Mission Paani: যদিহে ভাৰতত পৰিষ্কাৰ পানী শেষ হৈ যায় কি হ’ব?

- News18 Assam
- Last Updated: January 25, 2021, 9:32 AM IST
পৰিচ্ছন্নতাৰ অভাৱ আৰু জল সম্পদ টুটি অহাৰ কৰাণে আমাৰ গ্ৰাম্য নাগৰিকসকল সকলোতকৈ অধিক প্ৰভাৱিত হয়। ইয়াৰে বেছিভাগেই জীৱন–জীৱিকাৰ কাৰণে খেতিৰ ওপৰত নিৰ্ভৰশীল, পানীৰ অভাৱে এই উদ্যোগটোক মাৰি পেলাব। ফলত অধিক সংখ্যক লোক চহৰলৈ জীৱিকাৰ সন্ধানত যাবলৈ ল’ব আৰু জনসংখ্যাৰ মাত্ৰাধিক্য হৈ চহৰসমূহত দাৰিদ্ৰ্যৰ হাৰ বাঢ়িব।
যদিহে এটুকুৰা ঠাইৰ বেলেগ বেলেগ গোটে একেই জলসম্পদৰ কাৰণে যুঁজত নামিবলৈ বাধ্য হয় তেনেহ’লে শান্তি–সম্প্ৰীতিৰ পৰিৱেশ বিনষ্ট হ’ব।
এইক্ষেত্ৰত যদিহে শীঘ্ৰেই ব্যৱস্থা লোৱা নহয় তেনেহ’লে পানীৰ সংকটে যে অনাগত কালত অতি ভয়াৱহ জীৱন এটাৰ দিশলৈ আমাক ঠেলি দিব সেয়া নিশ্চিত।
(Mission Paani হৈছে CNN News18 আৰু Harpic India ৰ প্ৰয়াস। ইয়াৰ জৰিয়তে পানীৰ সংকট আৰু অনাময়ৰ গুৰুত্ব সন্মুখলৈ অনা হৈছে। এই যুগান্তকাৰী উদ্যোগৰ আপুনিও অংশীদাৰ হওক। জল প্ৰতিজ্ঞা কৰক পানীৰ সংৰক্ষণ তথা পৰিচ্ছনতাক প্ৰসাৰ কৰক। Visit www.news18.com/mission-paani)