Mission Paani Waterthon: পানীৰ নাটনিৰ সমস্যা অনুধাৱন কৰিবলৈ ট্ৰেড মিলত ২১ কিলোমিটাৰৰ দৌৰ অক্ষয় কুমাৰৰ

News18 Assam | News18-Assam
Updated:January 26, 2021, 3:44 PM IST
Mission Paani Waterthon: পানীৰ নাটনিৰ সমস্যা অনুধাৱন কৰিবলৈ ট্ৰেড মিলত ২১ কিলোমিটাৰৰ দৌৰ অক্ষয় কুমাৰৰ
Network18ৰ প্ৰয়াস Mission Paani Waterthon আঁত ধৰি থকা সময়ত অক্ষয় কুমাৰে দূৰ–দূৰণিৰ পৰা পানী কঢ়িয়াই অনা মহিলাৰ সমস্যা অনুধাৱন কৰাৰ যত্ন কৰে।

Network18ৰ প্ৰয়াস Mission Paani Waterthon আঁত ধৰি থকা সময়ত অক্ষয় কুমাৰে দূৰ–দূৰণিৰ পৰা পানী কঢ়িয়াই অনা মহিলাৰ সমস্যা অনুধাৱন কৰাৰ যত্ন কৰে।

  • Share this:
বলিউড চুপাৰষ্টাৰ অক্ষয় কুমাৰে Network18ৰ প্ৰয়াস Mission Paani Waterthon আঁত ধৰাৰ সময়ত ট্ৰেডমিলত ২১ কিলোমিটাৰ দৌৰি দূৰ–দূৰণিৰ পৰা পানী কঢ়িয়াই অনা মহিলাসকলৰ দুখ–দুৰ্গতি অনুধাৱন কৰিবলৈ চেষ্টা কৰে। তেওঁ উল্লেখ কৰে যে, হাফ মাৰাথনৰ সময়ত এথলীটসকলক সময়ে সময়ে পানী খাবলৈ দিয়া হয় এনে পৰিপ্ৰেক্ষিতত এই পৰিশ্ৰমী মহিলাসকলৰ কষ্ট কোনেও অনুধাৱন কৰিব নোৱাৰে।

ইয়াৰ পূৰ্বে অক্ষয়ে পানী সংৰক্ষণৰ তিনিটা সহজ প্ৰয়াসৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে আমি অতিথিক কেৱল আধা গিলাচ পানীহে আগবঢ়াব লাগে। যদিহে তেওঁলোকৰ পিয়াহ লাগে তেনেহ’লে তেওঁ খুজিব।

তেওঁ লগতে শৌচালয়ত সৰু টেপ লগাই পানী বচাবলৈ আহ্বান জনায়।

তেওঁৰ তৃতীয়টো পৰামৰ্শ আছিল ঘৰত চেন্সৰ থকা টেপ লগোৱা যাতে পানীৰ ব্যৱহাৰ নিয়ন্ত্ৰণ কৰিব পৰা যায়।

অক্ষয় কুমাৰে লগতে পানী সংৰক্ষণৰ বিভিন্ন ইতিবাচক দিশ বাখ্যা কৰাৰ লগতে  hydrotherapyৰ বিষয়ে বিশ্লেষণ কৰে। ফিটনেছৰ প্ৰতি সজাগ অভিনেতাজনে নিজৰ কঠোৰ অনুশীলনৰ বিষয়ে বিভিন্ন প্ৰসংগত উল্লেখ কৰি পানীয়ে তেওঁক কেনেকৈ সহায় কৰিছে উল্লেখ কৰিছে।

Hydrotherapy বা Aquatherapy হৈছে পানীৰ মাজত সম্পন্ন কৰা এক শাৰীৰিক ক্ৰিয়া যাৰ জৰিয়তে বিষ বা গুৰুতৰ আঘাতৰ পৰা মুক্তি পাব পাৰি। এথলীটসকলৰ মাজত এই ক্ৰিয়া যথেষ্ট জনপ্ৰিয় হৈ পৰিছে চিকিৎসাৰ ক্ষেত্ৰত।

(The Mission Paani Waterthon, an initiative by News18 and Harpic India is set to bring together some of the biggest celebrities, leaders and changemakers to join hands for an initiative towards saving water and sustaining it for the generations to come. The event will emphasise on ‘Paani Ki Kahaani, Bhaarat Ki Zubaani’, the theme to raise awareness about water crisis in India.)
First published: January 26, 2021, 3:44 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি