Mission Paani: এনেকৈ সহজে বৰষুণৰ পানী জমা কৰিব পাৰি

য’ত বৰষুণৰ পানী ভালকৈ জমা হয় তাত এই কৌশল গ্ৰহণ কৰিব পৰা যায়। 

News18
Updated:August 29, 2019, 5:51 PM IST
Mission Paani: এনেকৈ সহজে বৰষুণৰ পানী জমা কৰিব পাৰি
য’ত বৰষুণৰ পানী ভালকৈ জমা হয় তাত এই কৌশল গ্ৰহণ কৰিব পৰা যায়। 
News18
Updated: August 29, 2019, 5:51 PM IST
দেশৰ বহুঠাইত বৰষুণৰ ফলত বান বিভীষিকাই বিভিন্ন সময়ত ভয়ংকৰ ৰূপ লোৱা দেখা যায়। কিন্তু বাৰিষা বানে প্লাৱিত কৰা অঞ্চলতো খৰালি পানীৰ নাটনিয়ে দেখা দিয়াটো একেবাৰে সাধাৰণ কথা হৈ পৰে। জলসংকটক লৈ সমগ্ৰ দেশ সমস্যাত। এইকাৰণে বৰষুণৰ পানী জমা কৰা বা ৰেইন ৱাটাৰ হাৰভেষ্টিং পানী সংৰক্ষণৰ অন্যতম উত্তম পন্থা হিচাপে বিবেচিত হৈছে। কেনেকৈ জমা কৰিব বৰষুণৰ পানী?

কিছু বিশেষ পদ্ধতি ব্যৱহাৰ কৰি বৰষুণৰ পানী একত্ৰিত কৰিব পৰা যায়। এই পদ্ধতিৰ সহায়ত ভূ–গৰ্ভৰ পানীৰ স্তৰো বৃদ্ধি পায়। এই পদ্ধতি সমগ্ৰ বিশ্বত পালন কৰা হয়। এই প্ৰণালীৰে সেই ঠাইসমূহত সুফল পাব পাৰি য’ত প্ৰতিবছৰে ন্যূনতম ২০০ মিলিলিটাৰ বৰষুণ হয়।

গ্ৰাউণ্ড ৱাটাৰৰ বা ভূ–গৰ্ভৰ পানীৰ স্তৰ অহৰহ কমি থকাৰ ফলত খোৱাপানীৰ সংকটে দেখা দিছে। বৰষুণৰ পানী নিগৰি নষ্ট হয়। সেয়া জমা কৰি চহৰসমূহত খোৱাপানীৰ সমস্যা ভালেখিনি দূৰ কৰিব পাৰি। জল সংৰক্ষণৰ দ্বাৰা অৱশেষ পানীৰে পশুধনৰ পিয়াহ দূৰ কৰিব পাৰি। লগতে বাগানত, চাফ–চিকুণ কৰাত বা জলসিঞ্চনতো এই পানী ব্যৱহাৰ কৰিব পাৰি। আনকি গাড়ীও ধুব পাৰি এই পানীৰে।

বহু চহৰত ৰেইনৱাটাৰ হাৰ্ভেষ্টিঙক অপৰিহাৰ্য বুলি ধৰা হয়। (প্ৰতীকাত্মক ফটো) 

বৰষুণৰ পানী য’ত বেছিকৈ আৰু সহজে জমা হয় তাত এই পদ্ধতি ব্যৱহাৰ কৰিব পাৰি। সাধাৰণতে ঘৰ বা কাৰ্যালয়ৰ ছাদত বৰষুণৰ পানী সংৰক্ষণ কৰা হয়। ইয়াৰ দ্বাৰা দুই ধৰণৰ গাঁত বনোৱা হয়। এটাত দৈনন্দিন ব্যৱহাৰৰ কাৰণে পানী জমা কৰা হয় আৰু আনটোত জলসিঞ্চন বা পশুধনক খোৱাবলৈ পানী জমা কৰা হয়। দৈনন্দিন ব্যৱহাৰৰ গাঁতটো পকী কৰি নিৰ্মাণ কৰা হয় আৰু আনটো গাঁত কেঁচাকৈ নিৰ্মাণ কৰা হয়। এই দুয়োটাৰে নলা আৰু পাইপৰ সহায়ত ছাদৰ পাইপৰ সৈতে সংলগ্ন কৰা হয় যাতে বৰষুণৰ পানী পোনে পোনে এই দুইটা গাঁতত পৰে।

গাঁত খন্দাৰ পিছত ইয়াত তলৰফালে ফিল্টাৰ লগোৱা হয়, ইয়াত ইটা, কয়লা বা এক্টিভেটেড কাৰ্বন আৰু বালি ৰখা হয়। বহু চহৰত বৰষুণৰ পানী সংৰক্ষণ অনিবাৰ্য, বিশেষকৈ যদিহে আপোনাৰ ঘৰ ১০০ স্কোৱাৰ ফিটৰ বা তাতোকৈ ডাঙৰ এলেকা জোৰা।

ঘৰুৱা প্ৰণালীৰে বৰষুণৰ পানী জমা কৰিব পাৰিঃ

ষ্টৰেজঃ ইয়াৰ জৰিয়তে বৰষুণৰ পানী পোনে পোনে জমা কৰিব পাৰি। ইয়াৰ কাৰণে ৰেন’ ফিল্টাৰ লগোৱা হয়। ইয়াৰ ফলত পানীৰ বেচিক হাইজীন ঠিকে থাকে। যিসমূহ ঠাইত গ্ৰাউণ্ডৱাটাৰ মানে ভূমিগত জল খাৰুৱা তাত এই পদ্ধতি ব্যৱহাৰ কৰা হয়। এই পানী বাগান, কুলাৰ বা চাফ–চিকুণ কৰিবলৈ ব্যৱহাৰ কৰা হয়। ইয়াত ৫ৰ পৰা ৭হাজাৰ টকা খৰছ হয়।

ঘৰুৱা প্ৰণালীৰে বৰষুণৰ পানী জমা কৰাৰ দৃশ্য (প্ৰতীকাত্মক ফটো)



ৰিচাৰ্জঃ যিসমূহ ঠাইত ভূমিগত পানী মিঠা সেই ঠাইত ৰিচাৰ্জৰ প্ৰণালী গ্ৰহণ কৰা হয়। ইয়াৰ অধীনত ৰেইনৱাটাৰ হাৰভেষ্টিং ফিল্টাৰৰ সহায়ত বৰষুণৰ পানী পোনে পোনে গাঁতলৈ নিয়া হয়। ইয়াত চাফা পানীৰ স্তৰ বাঢ়ি থাকে। ছাদৰ আকৃতি অনুসৰি ফিল্টাৰৰ দাম বেলেগ বেলেগ হয়, ৩০০০ৰ পৰা ১০০০০টকালৈ মূল্য হয়।

আপুনিও সাধাৰণভাৱে বৰষুণৰ পানী জমা কৰিব পাৰে, ৰেইনৱাটাৰ হাৰভেষ্টিঙৰ কাৰণে ফিল্টাৰ তথা কেইটামান মূল বস্তুৰ প্ৰয়োজন হয়। ফিল্টাৰৰ সলনি মাল্টিপল লেয়াৰ্ছ থকা   মৰাপাটৰ মেটো ব্যৱহাৰ কৰিব পাৰি। নিজে এই ব্যৱস্থা তৈয়াৰ কৰিবলৈ প্ৰায় ৩০০০০ টকাৰ প্ৰয়োজন। অৱশ্যে এই খৰছ ছাদৰ আকাৰৰ ওপৰত নিৰ্ভৰ কৰে।

 
আৰু চাওক পৰৱৰ্তী বাতৰি