Mission Paani: সতৰ্ক হোৱাৰ সময়! পানীৰ সংকটৰ আগতীয়া লক্ষণবোৰৰ সৈতে পৰিচিত হওক

News18 Assam | News18-Assam
Updated:January 20, 2021, 11:45 AM IST
Mission Paani: সতৰ্ক হোৱাৰ সময়! পানীৰ সংকটৰ আগতীয়া লক্ষণবোৰৰ সৈতে পৰিচিত হওক
বছৰ বছৰ ধৰি আমি এইসমূহ ঘটনা লাহে লাহে হৈ থকা দেখিবলৈ পাও। ইয়াৰে একাংশ প্ৰাকৃতিক বিপৰ্যয়ৰ ৰূপত অথবা ঋতুকালীন উত্থান–পতনৰ মাজেৰে আগবাঢ়ে।

বছৰ বছৰ ধৰি আমি এইসমূহ ঘটনা লাহে লাহে হৈ থকা দেখিবলৈ পাও। ইয়াৰে একাংশ প্ৰাকৃতিক বিপৰ্যয়ৰ ৰূপত অথবা ঋতুকালীন উত্থান–পতনৰ মাজেৰে আগবাঢ়ে।

  • Share this:
পানীৰ সংকটৰ বিষয়ে জানিবলৈ বিভিন্ন উপায় আছে। ইয়াৰ আঁৰত আছে পাৰিপাৰ্শ্বিক আৰু সভত্যাজনিত দীঘলীয়া কাহিনী। বছৰ বছৰ ধৰি আমি এইসমূহ ঘটনা লাহে লাহে হৈ থকা দেখিবলৈ পাও। ইয়াৰে একাংশ প্ৰাকৃতিক বিপৰ্যয়ৰ ৰূপত অথবা ঋতুকালীন উত্থান–পতনৰ মাজেৰে আগবাঢ়ে। কিন্তু এই কথা অস্বীকাৰ কৰিব নোৱাৰি যে এইসকলোবোৰ হৈছে এক বৃহৎ সংকট য’ত পানীক লৈ হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় কাৰ পূৰ্ব লক্ষণ মাত্ৰ।

অৰ্থনৈতিক নাটনি

সংৰচনাত্মক অপৰ্যাপ্ততাৰ কাৰণেও পানীৰ সংকটৰ উদ্ভৱ হয়। ইয়াৰ কাৰণেই পানী প্ৰচুৰ পৰিমাণে উপলব্ধ হোৱাৰ পিছতো বাসিন্দাসকলে পানীৰ কাৰণে সমস্যাত ভোগে। পানীৰ প্ৰকৃত সঞ্চালন আৰু সংৰক্ষণৰ অভাৱত কঢ়া–আজোৰা আৰু বিবাদৰ সূত্ৰপাত হয়। এনে পৰিস্থিতিত ইজনে আনজনৰ প্ৰতি সমমৰ্মিতা হেৰুৱাই পেলায়।

পৰিৱেশজনিত উগ্ৰতা

পৰিৱেশজনিত উগ্ৰতাৰ কাৰণ হিচাপে হয়তো উগ্ৰ বতৰক জগৰীয়া কৰা হয় কিন্তু ইয়াৰ জৰিয়তে এক গভীৰ পাৰিপাৰ্শ্বিক সামঞ্জস্যহীনতাক উনুকিয়াই দিয়া হয়। খৰাং আৰু বানৰ বিভীষিকাৰ কাৰণে পৰিস্থিতি ভয়াৱহ হৈ পৰে।

বিকল্পজনিত দাৰিদ্ৰ্য

পৰিৱেশজনিত সংকট আৰু পানীৰ অভাৱৰ কাৰণে দেশৰ এক বৃহৎ জনসংখ্যা দাৰিদ্যৰ কৱলত আছে। দিনটোৰ বেছিভাগ সময় এওঁলোকে পানীৰ সন্ধানত কটাবলগীয়া হয় কাৰণে অৰ্থনৈতিক কাম কামবোৰ বিঘ্নিত হয়। পানী কেনেবাকৈ বিচাৰি পালেও ই লেতেৰা হোৱাৰ কাৰণে বিভিন্ন বেমাৰ–আজাৰ হয়। ফলত দাৰিদ্ৰ্য আৰু পানীৰ সংকট এক শৃংখলৰ দৰে চলি থাকে।

এই সময় হৈছে দেশৰ নীতি–নিৰ্ধাৰক আৰু দেশবাসীয়ে এইসমূহ চিহ্নৰ সৈতে পৰিচিত হৈ পানীৰ সংৰক্ষণ প্ৰক্ৰিয়াক অধিক ত্বৰান্বিত কৰা। ইয়াৰ ব্যতিৰেকে সমস্যাসমূহৰ সমাধান নোলাব।

(Mission Paani হৈছে CNN News18 আৰু Harpic India ৰ প্ৰয়াস। ইয়াৰ জৰিয়তে পানীৰ সংকট আৰু অনাময়ৰ গুৰুত্ব সন্মুখলৈ অনা হৈছে। এই যুগান্তকাৰী উদ্যোগৰ আপুনিও অংশীদাৰ হওক। জল প্ৰতিজ্ঞা কৰক পানীৰ সংৰক্ষণ তথা পৰিচ্ছনতাক প্ৰসাৰ কৰক।  Visit www.news18.com/mission-paani)
First published: January 20, 2021, 10:21 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি